পুনৰ আৰম্ভ হোৱাৰ দিশে আই পি এল! নতুন সূচী মতে কেতিয়াৰ পৰা আৰম্ভ হ’ব মেচ?

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পিছত বিচিচিআইয়ে পুনৰবাৰ আই পি এল ২০২৫ আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। কিন্তু এইবাৰ প্ৰতিযোগিতাৰ সূচীৰ লগতে স্থানৰো পৰিৱৰ্তন হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ লগতে লীগৰ সময়ো বৃদ্ধি কৰা হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

পুনৰ আৰম্ভ হোৱাৰ দিশে আই পি এল! নতুন সূচী মতে কেতিয়াৰ পৰা আৰম্ভ হ’ব মেচ?

পুনৰ আৰম্ভ হোৱাৰ দিশে আই পি এল!

Published: 

11 May 2025 16:15 PM

প্ৰায় দুই মাহজোৰা সূচীৰে আৰম্ভ হৈছিল আই পি এলৰ ১৮ সংখ্যক ছিজন। নিৰ্ধাৰিত সূচী অনুসাৰে ২২ মাৰ্চৰ পৰা ২৫ মে’লৈ আই পি এল ২০২৫ অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘৰ্ষৰ পিছত স্থগিত ৰাখিবলগা হয় প্ৰতিযোগিতাখন। লীগৰ ৫৮ সংখ্যক মেচ চলি থকাৰ সময়তে উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মেচখন আধাতে সামৰিবলগা হয় আৰু তাৰ পিছদিনাই বিচিচিআইয়ে এসপ্তাহৰ বাবে প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে।

অৱশ্যে শনিবাৰে দুয়োখন দেশে সামৰিক সংঘাতৰ অৱসান ঘটাই যুদ্ধবিৰতিৰ ওপৰত সহমতত উপনীত হয়। এনে পৰিস্থিতিত বিচিচিআইয়ে পুনৰবাৰ এই প্ৰতিযোগিতা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। কিন্তু এইবাৰ প্ৰতিযোগিতাৰ সূচীৰ লগতে স্থানৰো পৰিৱৰ্তন হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি আজি নিশাৰ ভিতৰত বিচিচিআইয়ে লীগৰ বাকী থকা মেচসমূহৰ নতুন সূচী সম্পৰ্কে ১০টা দলক অৱগত কৰিব পাৰে।

ইয়াৰ লগতে লীগৰ সময়ো বৃদ্ধি কৰা হ’ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। পূৰ্বৰ সূচী মতে ২৫ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেল মেচখন এতিয়া ৩০ মে’ত অনুষ্ঠিত হ’ব পাৰে।  লীগৰ বাকী মেচসমূহ কেৱল বেংগালুৰু, চেন্নাই আৰু হায়দৰাবাদতহে অনুষ্ঠিত হ’ব বুলি অনুমান কৰা হৈছে। খবৰ অনুসৰি বিচিচিআইয়ে আইপিএলৰ দলসমূহক মঙলবাৰৰ ভিতৰত একত্ৰিত হ’ব লাগিব বুলি অৱগত কৰিছে।

লক্ষণীয়ভাৱে প্ৰতিযোগিতাত অংশ লোৱা বিদেশী খেলুৱৈৰ অধিকাংশই নিজ নিজ দেশলৈ উভতি গৈছে। এনে পৰিস্থিতিত দহটা ফ্ৰেঞ্চাইজিয়ে বিদেশী খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰীক ভাৰতলৈ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। কিন্তু যুদ্ধবিৰতি হ’লেও পুনৰ সংঘাতৰ আশংকাত বিদেশী খেলুৱৈসকল ভাৰতলৈ ঘূৰি আহিব নে নাহে, এই বিষয়টোহে এতিয়া আটাইকেইটা দলৰ বাবে চিন্তনীয় হৈ পৰিছে।

উল্লেখ্য যে যোৱা ৮ মে’ত জম্মু-পাথানকোটত বিমান আক্ৰমণৰ সতৰ্কবাণী পোৱাৰ পিছতে ধৰ্মশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা মেচখন মাজভাগত বন্ধ কৰি দিয়া হৈছিল। মেচখন বাতিল কৰা হ’লেও দুয়োটা দলৰ মাজত পইণ্ট বিতৰণ কৰা হোৱা নাই। এনে পৰিস্থিতিত বিচিচিআইয়ে এই মেচখনৰ ক্ষেত্ৰতো কোনো সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগিব।

মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক
বুদ্ধ পূৰ্ণিমাত ৩টা দুৰ্লভ যোগ, কঁপাল ফুলিব ৪ ৰাশিৰ, জানক...
ঘৰত দেখা দিছে নেকি এই ২ সংকেত? তেন্তে আহিব পাৰে দুৰ্দশা, শেষ হ'ব পাৰে সুখ...
সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে কি কি ফল পোৱা যায়? সকলো জানক