পাকিস্তানৰ পথ লৈছে বাংলাদেশে! মুস্তাফিজুৰৰ বহিষ্কৰণৰ পিছতে ICCৰ ওচৰত তুলিলে এনে দাবী

টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত ক্ৰিকেট বিশ্বত এক ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কূটনৈতিক উত্তেজনাৰ প্ৰভাৱ এতিয়া পোনপটীয়াকৈ খেলপথাৰত পৰা দেখা গৈছে।

পাকিস্তানৰ পথ লৈছে বাংলাদেশে! মুস্তাফিজুৰৰ বহিষ্কৰণৰ পিছতে ICCৰ ওচৰত তুলিলে এনে দাবী

পাকিস্তানৰ পথ লৈছে বাংলাদেশে!

Updated On: 

04 Jan 2026 | 04:57 PM

অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাৰ যুটীয়া আয়োজনত অনুষ্ঠিত হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপ ২০২৬-ৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত। প্ৰতিযোগিতাখনৰ বাবে ২০ টা দলে নিজৰ কৌশল প্ৰস্তুত কৰিছে আৰু ক্ৰিকেট অনুৰাগীসকলো টিকট বুকিঙত ব্যস্ত হৈ পৰিছে। কিন্তু টি-২০ বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ এসপ্তাহ বাকী থকা অৱস্থাত ক্ৰিকেট বিশ্বত এক ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কূটনৈতিক উত্তেজনাৰ প্ৰভাৱ এতিয়া পোনপটীয়াকৈ খেলপথাৰত পৰা দেখা গৈছে।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ চৰম সিদ্ধান্ত

বাংলাদেশী সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ তথ্য অনুসৰি আজি অনুষ্ঠিত এক জৰুৰী বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ড, চমুকৈ বিচিবিয়ে বিশেষ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অনুসৰি বাংলাদেশ দলে বিশ্বকাপৰ বাবে এতিয়া ভাৰত ভ্ৰমণ নকৰে। বিচিবিয়ে ইতিমধ্যে আইচিচিলৈ এই সন্দৰ্ভত এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে।

ভাৰতত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বিচিবিয়ে। বাংলাদেশত চলি থকা হিন্দু নিৰ্যাতন আৰু ভাৰত-বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত BCCI- এ কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা মুস্তাফিজুৰ ৰহমানক বাদ দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপেই বিচিবিয়ে এতিয়া এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

পাকিস্তানৰ দৰেই স্থিতি নেকি?

বাংলাদেশৰ এই পদক্ষেপে ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা পৰিস্থিতিকেই যেন সজীৱ কৰি তুলিছে। মন কৰিবলগীয়া যে, ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে ভাৰতত দ্বিপাক্ষিক শৃংখলা খেলা নাই আৰু কেইবাবাৰো ভাৰতত হ’বলগীয়া আইচিচি টুৰ্ণামেণ্ট বহিষ্কাৰ কৰাৰ বাবে ভাবুকি দি আহিছে।

শেহতীয়াকৈ ২০২৩ চনৰ এচিয়া কাপৰ সময়তো পাকিস্তানে একেধৰণৰ স্থিতি লৈছিল। ইয়াৰ পিছতে ভাৰতৰ খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। এতিয়া আই পি এলৰ পৰা মুস্তাফিজুৰৰ বহিষ্কৰণৰ পিছত বাংলাদেশেও পাকিস্তানৰ পথেই অনুসৰণ কৰা দেখা গৈছে।

আইচিচিৰ সমুখত প্ৰত্যাহ্বান

এনে পৰিস্থিতিত এতিয়া আইচিচি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। যদিহে বাংলাদেশৰ দাবী মানি লৈ খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰা হয়, তেতিয়া এনে সিদ্ধান্তই বিশ্বকাপৰ সম্পূৰ্ণ পৰিকল্পনা আৰু টেলিকাষ্ট স্বত্বত সমস্যাৰ সৃষ্টি কৰিব। এতিয়া পাকিস্তানৰ দৰেই বাংলাদেশৰ বাবেও ‘হাইব্ৰিড মডেল’ ব্যৱহাৰ কৰা হ’ব নে বিচিচিআই-এ কোনো নতুন কৌশল অৱলম্বন কৰিব, সেয়া অনাগত দিনবোৰত লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...