ICC Women’s World Cup: অস্থিৰতাৰ বাবেই সুযোগ হেৰুৱালে বাংলাদেশে ! মহিলা টি-২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ICCৰ

আইচিচি মহিলা টি-২০ বিশ্বকাপ বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে স্থান সলনি কৰা হৈছে । আই চি চি মহিলা টি-২০ বিশ্বকাপ এইবাৰৰ আয়োজক বাংলাদেশৰ অস্থিৰতাৰ বাবে স্থান সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে । ২০২৪ চনৰ আই চি চি মহিলা টি-২০ বিশ্বকাপ বাংলাদেশৰ সলনি অনুষ্ঠিত হ'ব ডুবাইত । ইতিমধ্যে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে আই চি চিয়ে ।

ICC Womens World Cup: অস্থিৰতাৰ বাবেই সুযোগ হেৰুৱালে বাংলাদেশে ! মহিলা টি-২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ICCৰ

মহিলা টি-২০ বিশ্ব কাপ

Updated On: 

21 Aug 2024 08:02 AM

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই দেশৰ ক্ৰীড়া ক্ষেত্ৰখনতো প্ৰভাৱিত কৰিছে । আইচিচি মহিলা টি-২০ বিশ্বকাপ বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে স্থান সলনি কৰা হৈছে । আই চি চি মহিলা টি-২০ বিশ্বকাপ এইবাৰৰ আয়োজক বাংলাদেশৰ অস্থিৰতাৰ বাবে স্থান সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে । ২০২৪ চনৰ আই চি চি মহিলা টি-২০ বিশ্বকাপ বাংলাদেশৰ সলনি অনুষ্ঠিত হ’ব ডুবাইত । ইতিমধ্যে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে আই চি চিয়ে ।

সংৰক্ষণ আন্দোলনক লৈ অস্থিৰ হৈ পৰিছিল বাংলাদেশ । দেশখনৰ সংৰক্ষণ বিৰোধী আন্দোলনে পৰ্যায় ক্ৰমে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে যে, শ্বেখ হাছিনাই দেশখনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল । কেৱল পদত্যাগে নহয় তেওঁ দেশ এৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল । ইয়াৰ পাছতে বাংলাদেশৰ সমস্ত দায়িত্ব পৰিল মহম্মদ ইউনুছৰ কান্ধত । মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ল যদিও ৰাজনৈতিক অস্থিৰতা এতিয়া আঁতৰ হোৱা নাই ।

এনে অস্থিৰ পৰিবেশে বিৰাজ কৰি থকাৰ স্বত্বেও বাংলাদেশ ক্ৰিকেট বৰ্ডে আই চি চিক ৫দিনৰ সময় বিচাৰিছিল। কিন্তু বাংলাদেশ ক্ৰিকেট বৰ্ডক সেই সময় দিয়াৰ পৰা বিৰত থাকে আইচিচি । আই চি চিয়ে সুৰক্ষাৰ স্বাৰ্থত মহিলা টি-২০ বিশ্বকাপ বাংলাদেশৰ সলনি ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে,বাংলাদেশত বিশ্বকাপ অনুষ্ঠিত কৰিব নোৱাৰাতো যথেষ্ট নিৰাশাজনক বুলি উল্লেখ কৰিছে আই চি চিয়ে ।

ইয়াৰ লগতে আই চি চি এয়ে এই কথাও উল্লেখ কৰিছে যে,বাংলাদেশ ক্ৰিকেট বৰ্ডে সকলো প্ৰকাৰে মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও অন্য দেশৰ ক্ৰিকেট দলসমূহে সুৰক্ষাগত দিশটোক লৈ আংশকা ব্যক্ত কৰে। এই পৰিপ্ৰেক্ষিততে মহিলা টি-২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখ কৰিছে আই চি চিয়ে । উল্লেখ্য যে, চলিত বৰ্ষৰ ৩ অক্টোবৰ আই চি চি মহিলা টি-২০ বিশ্বকাপ আৰম্ভ হ’ব আৰু শেষ হ’ব ২০অক্টোবৰত ।

এইবোৰ খাদ্যই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে, সবিশেষ জানক...
শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা