উপেক্ষা নে আন কাৰণ! চৰ্চাৰ পিছতো কিয় ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন নহ’ল ৰিয়ানৰ? পোহৰলৈ এনে খবৰ

কেৱল ক্ৰিকেটপ্ৰেমীয়েই নহয়, প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলেও এই বিষয়ত আশ্চৰ্য প্ৰকাশ কৰিছে। এই আশ্চৰ্যৰ আঁৰত আছে অসম সন্তান ৰিয়ান পৰাগ। আঘাতপ্ৰাপ্ত সুন্দৰৰ স্থানত এই শৃংখলাৰ বাবে ৰিয়ানে স্থান পাব পাৰে বুলি চৰ্চা চলিছিল।

উপেক্ষা নে আন কাৰণ! চৰ্চাৰ পিছতো কিয় ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন নহ’ল ৰিয়ানৰ? পোহৰলৈ এনে খবৰ

ৰিয়ান পৰাগ

Updated On: 

12 Jan 2026 | 04:23 PM

নিউজিলেণ্ডৰ বিপক্ষে চলিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত কালি একপ্ৰকাৰে সহজে জয়লাভ কৰে ভাৰতীয় দলে। এই জয়েৰে ভাৰতে তিনিখনীয়া মেচৰ শৃংখলাটোত ১-০ ব্যৱধানৰ অগ্ৰগতি লাভ কৰিছে। পিছে প্ৰথমখন মেচৰ পিছতে ভাৰতীয় দলত এক গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। বদোদৰাত অনুষ্ঠিত প্ৰথমখন মেচৰ সময়তে আঘাত পায় অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে। এনে আঘাতৰ বাবে সুন্দৰ এই শৃংখলাৰ পৰৱৰ্তী দুখন মেচৰ পৰা বাহিৰ হৈছে। তেওঁৰ স্থানত এতিয়া ভাৰতীয় দলত স্থান দিয়া হৈছে আয়ুষ বাদনীক।

অৱশ্যে এই ঘোষণাই বহু ক্ৰীড়াপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল ক্ৰিকেটপ্ৰেমীয়েই নহয়, প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞসকলেও এই বিষয়ত আশ্চৰ্য প্ৰকাশ কৰিছে। এই আশ্চৰ্যৰ আঁৰত আছে অসম সন্তান ৰিয়ান পৰাগ। আঘাতপ্ৰাপ্ত সুন্দৰৰ স্থানত এই শৃংখলাৰ বাবে ৰিয়ানে স্থান পাব পাৰে বুলি চৰ্চা চলিছিল।

ইতিপূৰ্বে নিউজিলেণ্ডৰ বিপক্ষে আগন্তুক টি-২০ শৃংখলাতো ৰিয়ানে স্থান পাব পাৰে বুলি চৰ্চা চলি আছিল। অৱশ্যে আঘাতপ্ৰাপ্ত তিলক বাৰ্মাৰ বিকল্প এতিয়ালৈকে ঘোষণা কৰা নাই। কিন্তু এদিনীয়াত ৰিয়ানে সুন্দৰৰ স্থান ল’ব পাৰে বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু ৰিয়ানে স্থান লাভ নকৰাত বহু অননুৰাগীৰ লগতে আনকি প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানেও প্ৰশ্ন উত্থাপন কৰিছে।

 

কিয় স্থান নহ’ল ৰিয়ান পৰাগৰ

ৱাশ্বিংটন সুন্দৰৰ এজন যোগ্য বিকল্প হিচাপে ৰিয়ান পৰাগৰ নামটোৱেই চৰ্চাৰ শীৰ্ষত আছিল। কিন্তু তেওঁৰ ফিটনেছৰ সমস্যা প্ৰত্যাৱৰ্তনৰ অন্তৰায় হৈ থিয় দিয়া বুলি প্ৰকাশ পাইছে। বিভিন্ন সূত্ৰ মতে, ৰিয়ান পৰাগ বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ নহয়। সেইবাবেই তেওঁ বিজয় হাজাৰে ট্ৰফীত অংশ ল’ব পৰা নাই। যদিহে তেওঁ ফিট থাকিলহেঁতেন, তেতিয়া বাদনীৰ ঠাইত ৰিয়ানেই দলত স্থান লাভ কৰিলেহেঁতেন।

উল্লেখ্য যে ৰিয়ানে ভাৰতৰ হৈ ৯খন টি-২০ আৰু এখন এদিনীয়া মেচ খেলিছে। বেটিঙত তেওঁ আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলেও বলিংত তেওঁ সফল বুলিব পাৰি। টি-২০ত তেওঁ এতিয়ালৈকে ৪টা উইকেট দখল কৰিছে। আনহাতে এইপৰ্যন্ত খেলা একমাত্ৰ এদিনীয়া মেচখনত ৰিয়ানে দখল কৰিছিল ৩টা উইকেট।

প্ৰথমবাৰৰ বাবে সুযোগ বাদনীক

ৰিয়ান পৰাগ অনুপলব্ধ হোৱা বাবে আয়ুষ বাদনীক দলত স্থান দিয়া হৈছে বুলি প্ৰকাশ পাইছে। বাদনীয়ে মিডল অৰ্ডাৰত বেটিং কৰাৰ লগতে প্ৰয়োজনৰ সময়ত অফ-স্পিন কৰিব পাৰে। এইপৰ্যন্ত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ২১খন মেচত ৫৭.৯৬ গড়ে ১৬৮১ ৰান সংগ্ৰহ কৰিছে। একেদৰে লিষ্ট এত ২২টা ইনিংছত ৩৬ গড়ে ৬৯৩ ৰান আৰু টি-২০ত ৭৯খন মেচত ১৭৮৮ ৰান সংগ্ৰহ কৰিছে বাদনীয়ে।

কেৱল সিমানেই নহয়, বলিঙতো এইপৰ্যন্ত নিজ পেছাদাৰী কেৰিয়াৰত বাদনীয়ে ৫৭টা উইকেট দখল কৰিছে। এনে প্ৰদৰ্শনৰ সুবাদত প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰিত হৈছে আয়ুষ বাদনী। যুৱ তাৰকাগৰাকীয়ে সুযোগ পোৱাৰ পিছত এতিয়া ৰিয়ান পৰাগেও শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটাব বুলি আশা কৰিছে সকলোৱে।

বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
শীতকালত নিয়মিত খাওক এনে খাদ্যবস্তু; নাথাকে ৰক্তচাপ বৃদ্ধিৰ ভয়, থাকিব নিয়ন্ত্ৰণত
শীতকালত লিভাৰ সুস্থ ৰাখিবলৈ কি কি খাব? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ