আধাও বিক্ৰী হোৱা নাই ভাৰত-পাক মেচৰ টিকটঃ সংঘাত নহয়, আঁৰৰ কাৰণ এই দুই ক্ৰিকেটাৰ!

অহা ১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত অনুৰাগীৰ ভিৰ আশা কৰিছিল এচিচিয়ে। কিন্তু এই মেচখনৰ প্ৰতিও অনুৰাগীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই। আনকি মেচখনৰ আধা টিকটো এতিয়াও বিক্ৰী হোৱা নাই।

আধাও বিক্ৰী হোৱা নাই ভাৰত-পাক মেচৰ টিকটঃ সংঘাত নহয়, আঁৰৰ কাৰণ এই দুই ক্ৰিকেটাৰ!

ভাৰতীয় ক্ৰিকেট দল

Published: 

12 Sep 2025 | 03:40 PM

ক্ৰিকেট বিশ্বত ভাৰতপাকিস্তানৰ মেচ মানেই এক অনন্য উন্মাদনা ২২ গজত ভাৰতপাকিস্তান মানেই গেলাৰী ভৰ্তি ষ্টেডিয়ামত উন্মাদ দৰ্শকৰ ভিৰ এয়া ক্ৰিকেট বিশ্বৰ এক পৰিচিত দৃশ্য পিছে এইবাৰ ইউ ইত ভাৰতপাক মেচৰ এই পৰিচিত দৃশ্য হৈ নুঠিব সম্ভৱপৰ যোৱা ছেপ্টেম্বৰৰ পৰা ইউ ইত আৰম্ভ হৈছে এছিয়া কাপ ২০২৫ ইতিমধ্যে নিজৰ প্ৰথম মেচত জয়েৰে ভাৰতে প্ৰতিযোগিতাখনত ঘটাইছে শক্তিশালী আৰম্ভণি এতিয়া অহা ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ মুখামুখি ভাৰতীয় দল

এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ভাৰত আৰু পাকিস্তান মেচক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বহু জল্পনাকল্পনাৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছৰ অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গৰে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ক্ৰিকেট মেচত অৱতীৰ্ণ নালাগে বুলি বহু লোকে মত প্ৰকাশ কৰি আহিছে

প্ৰতিযোগিতাখনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অংশ নল বুলিয়ে চৰ্চাও চলিছিল কিন্তু ক্ৰীড়া মন্ত্ৰালয়ৰ সেউজ সংকেত লাভ কৰাৰ পিছত এই মেচখন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰে লক্ষণীয়ভাৱে এই পৰ্যন্ত এছিয়া কাপৰ মেচসমূহত ষ্টেডিয়ামত অনুৰাগীৰ অভাৱে এছিয়ান ক্ৰিকেট কাউঞ্চিল (এচিচি)ৰ চিন্তা বৃদ্ধি কৰিছে।

তেনে পৰিস্থিতিত অহা ১৪ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনত অনুৰাগীৰ ভিৰ আশা কৰিছিল এচিচিয়ে কিন্তু এই মেচখনৰ প্ৰতিও অনুৰাগীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাই আনকি মেচখনৰ আধা টিকটো এতিয়াও বিক্ৰী হোৱা নাই। দুই দেশৰ মাজৰ সংঘাতেই ইয়াৰ প্ৰধান কাৰণ হিচাপে দেখা গৈছে

পিছে প্ৰাক্তন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাই আন এক গুৰুত্বপূৰ্ণ কাৰণো আগবঢ়াইছে তেওঁ দাবী কৰে যে এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ দুই কিংবদন্তি তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিৰ বাবে অনুৰাগীয়ে বিশেষ আকৰ্ষণ লাভ কৰা নাই সেয়ে ভাৰতপাকিস্তান মেচখনৰ টিকট আশা কৰা ধৰণে বিক্ৰী নোহোৱা বুলি তেওঁ দাবী কৰে

নিজ যুক্তিৰ সমৰ্থনত তেওঁ বিৰাট কোহলীয়ে ৰঞ্জি ট্ৰফীৰ মেচ খেলিবলৈ লোৱাৰ সময়তো ষ্টেডিয়ামখন প্ৰায় ভৰি পৰিছিল বুলি আঙুলিয়াই দিয়ে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে টিকটৰ মূল্য অতি ব্যয়বহুল হোৱাৰ বাবে অনুৰাগীয়ে সন্ধিয়া মেচখন উপভোগৰ ক্ষেত্ৰত কোনো অসুবিধা পোৱা বুলিব নোৱাৰি ৰোহিত আৰু কোহলী থকা হ’লে কমেও ১০ হাজাৰৰ পৰা ১৫ হাজাৰ লোকে খেল চাবলৈ আহিলহেঁতেন বুলি তেওঁ লগতে কয়৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...