অনিশ্চয়তা আঁতৰিল, প্ৰকাশ পালে এছিয়া কাপৰ সময় সূচীঃ এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ মেচ

অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ২০ দিন ধৰি অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫। এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষ মহছিন নাকভিয়ে নিজা চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে এই বিষয়ে ঘোষণা কৰিছে।

অনিশ্চয়তা আঁতৰিল, প্ৰকাশ পালে এছিয়া কাপৰ সময় সূচীঃ এই দিনটোত হ’ব ভাৰত-পাকিস্তানৰ মেচ

এছিয়া কাপৰ সময় সূচী প্ৰকাশ

Published: 

26 Jul 2025 | 06:37 PM

দীৰ্ঘদিন ধৰি চলি থকা বিবাদবিতৰ্কৰ অন্তত অৱশেষত অনিশ্চয়তা আঁতৰিল এছিয়া কাপৰ আজি প্ৰকাশ কৰা হৈছে আগন্তুক এই প্ৰতিযোগিতাখনৰ সময় সূচী এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষ মহছিন নাকভিয়ে নিজা ছিয়েল মিডিয়া হেণ্ডেল যোগে এই বিষয়ে ঘোষণা কৰিছে সেই অনুসৰি অহা ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ২০ দিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত প্ৰধানতঃ বিচিচিআই আৰু পিচিবিৰ মাজৰ সম্পৰ্কক কেন্দ্ৰ কৰি এই প্ৰতিযোগিতাক লৈ অনিশ্চয়তাই দেখা দিছিল যদিও আজি দিন ঘোষণাৰ লগে লগে এছিয়া কাপ ২০২৫ অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে

এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ লগতে পাকিস্তান ক্ৰিকেট কাউঞ্চিলৰো অধ্যক্ষৰ দায়িত্বত থকা মহছিন নাকভিয়ে পোষ্টটোত লিখিছে, “ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া এচিচি পুৰুষ এছিয়া কাপ ২০২৫ৰ তাৰিখ নিশ্চিত কৰি মই আনন্দিত হৈছো। অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ এই সন্মানীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।তেওঁ লগতে পোষ্টটোত এই বিষয়ত অধিক তথ্য সোনকালে প্ৰকাশ পাব বুলি উল্লেখ কৰে

উল্লেখ্য যে শেহতীয়াকৈ ঢাকাত অনুষ্ঠিত হৈছিল এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এচিচি) বৈঠক বিচিচিআইৰ লগতে শ্ৰীলংকা ক্ৰিকেট ৰ্ডে এই বৈঠকত অংশ গ্ৰহণ কৰিবলৈ অমান্তি হোৱাৰ পিছত প্ৰতিযোগিতাখন অধিক অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল অৱশ্যে পিছত ভিডিঅকনফাৰেঞ্চ যোগে দুয়োখন ৰ্ডে বৈঠকত অংশ লয়

ইফালে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছত এছিয়া ক্ৰিকেটৰ দুই শক্তি ভাৰত আৰু পাকিস্তানে ২২ গজত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰত এতিয়াও কোনো স্পষ্টতা প্ৰকাশ পোৱা নাই কিন্তু আগন্তু এই প্ৰতিযোগিতাখনত দুয়োটা দলকে একেটা গ্ৰুপতে ৰখা হৈছে এনে অৱস্থাত গ্ৰুপ পৰ্যায়তে দুয়োটা দলৰ মাজত মেচ অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে

গ্ৰুপ পৰ্যায়ৰ লগতে নক আউট পৰ্যায়ত আৰু ফাইনেলতো দুয়োটা দল মুখামুখি হোৱাৰ সম্ভাৱনা আছে এনে পৰিস্থিতিত ভাৰত আৰু পাকিস্তানে পুনৰ ক্ৰিকেটৰ খেলপথাৰত মুখামুখি বনে সেয়া লক্ষণীয় উল্লেখ্য যে এই ইউ এ ইৰ ডুবাই আৰু আবুধাবিয়ে এছিয়া কাপ ২০২৫ৰ আয়োজন কৰিব।

সৰ্বমুঠ আঠটা দল ক্ৰমে ভাৰত, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, হংকং, ইউ এ ই আৰু ওমানে প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰতিযোগিতাত সৰ্বমুঠ ১৯খন খেল অনুষ্ঠিত হ’ব আৰু ২৮ ছেপ্টেম্বৰত ফাইনেল অনুষ্ঠিত লক্ষণীয়ভাৱে অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...