গ্ৰেপ্তাৰ হ’ব নেকি ৰবিন উথাপ্পা! জাৰি হ’ল গ্ৰেপ্তাৰী পাৰোৱানাঃ কি গোচৰত হৈছে এই বিপদ, চাওক…

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবিন উথাপ্পাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। EPFO ৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিপক্ষে। যোৱা ৪ ডিচেম্বৰতে উথাপ্পাৰ বিপক্ষে গ্ৰেপ্তাৰ পাৰোৱানা জাৰি কৰা হৈছিল বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হ’ব নেকি ৰবিন উথাপ্পা! জাৰি হ’ল গ্ৰেপ্তাৰী পাৰোৱানাঃ কি গোচৰত হৈছে এই বিপদ, চাওক…

গ্ৰেপ্তাৰ হ’ব নেকি উথাপ্পা!

Published: 

21 Dec 2024 | 02:57 PM

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পাৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। EPFO ৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিপক্ষে। প্ৰকাশিত খবৰ অনুসৰি উথাপ্পাই নিজ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা ২৩ লাখ টকা কৰ্তন কৰিছিল যদিও কৰ্মচাৰীসকলৰ প্ৰভিডেণ্ট ফাণ্ডত এই ধনৰাশি জমা কৰা নাছিল। এনে কাৰণতে যোৱা ৪ ডিচেম্বৰত উথাপ্পাৰ বিপক্ষে গ্ৰেপ্তাৰ পাৰোৱানা জাৰি কৰা হয়। অৱশ্যে এইক্ষেত্ৰত তেওঁ সকাহ লাভ কৰাৰো সুযোগ পাইছে।

কৰ্মচাৰীসকলক সমগ্ৰ ধন পৰিশোধ কৰিবলৈ উথাপ্পাসহ প্ৰতিষ্ঠানটোক ২৭ ডিচেম্বৰলৈ সময় দিয়া হৈছে। সময়মতে কৰ্মচাৰীৰ পি এফ একাউণ্টত ধন জমা নকৰিলে হয়তো কাৰাগাৰলৈ যাব লাগিব ৰবীন উথাপ্পা। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বাংগালুৰুৰ পৰা এটা কাপোৰৰ কোম্পানী পৰিচালনা কৰি আছে। চেঞ্চুৰী লাইফষ্টাইল ব্ৰেণ্ডছ প্ৰাইভেট লিমিটেড নামৰ এই কোম্পানীটোত উথাপ্পাই সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

EPFO ৰ আয়ুক্তৰ মতে, চেঞ্চুৰী লাইফষ্টাইল ব্ৰেণ্ডছ প্ৰাইভেট লিমিটেডে নিজৰ কৰ্মচাৰীৰ একাউণ্টত ২৩৩৬৬০২ টকা জমা কৰিব লাগে। কিন্তু টকাখিনি কৰ্তন কৰাৰ পিছতো কোম্পানীটোৱে এই ধন জমা কৰা নাই। ইয়াৰ পৰিণতিত উথাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হয়। ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উথাপ্পাই যোৱা কেইবছৰমানৰ পৰা ৱাৰেণ্টত উল্লেখ থকা ঠিকনাত বাস কৰা নাই।

বৰ্তমান উথাপ্পা ডুবাইত আছে। আৰক্ষীয়েও এই সন্দৰ্ভত EPFO কাৰ্যালয়ত এই বিষয়ে অৱগত কৰি এতিয়া এই বিষয়টো তেওঁলোকৰ আওতাত নপৰে বুলি জানিবলৈ দিছে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি বৰ্তমান উথাপ্পাৰ বিৰুদ্ধে কোনো চৰকাৰী অভিযোগ ৰুজু হোৱা নাই। পি এফ কাৰ্যালয়ৰ পৰাহে উথাপ্পাৰ বিপক্ষে গ্ৰেপ্তাৰৰ পাৰোৱানাৰ নিৰ্দেশ জাৰি কৰা হৈছে। এই সন্দৰ্ভত খেলুৱৈগৰাকীয়ে এইপৰ্যন্ত কোনো মন্তব্য কৰা নাই।

উল্লেখ্য যে ২০০৬ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটাইছিল ৰবিন উথাপ্পাই। কিন্তু দলত নিজৰ স্থান নিগাজী কৰিব পৰা নাছিল খেলুৱৈগৰাকীয়ে। ২০১৫ চনত তেওঁ জাতীয় দলৰ হৈ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এই সময়ছোৱাত উথাপ্পাই ৪৬খন এদিনীয়া মেচত ২৫.৯৪ গড়ে ৯৩৪ ৰান সংগ্ৰহ কৰে। আনহাতে ১৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ২৪.৯০ গড়ে ২৪৯ ৰান সংগ্ৰহ কৰিছিল উথাপ্পাই।

২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় দলৰ সদস্য আছিল উথাপ্পা। ইফালে আই পি এলতো উথাপ্পাই মুঠ ২০৫খন মেচ খেলি গড়ে ২৭.৫১ আৰু ১৩০ ষ্ট্ৰাইক ৰেটেৰে ৪৯৫২ ৰান সংগ্ৰহ কৰে। আই পি এলত তেওঁ চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ দৰে ফ্ৰেন্সাইজিক প্ৰতিনিধিত্ব কৰিছিল। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত সম্প্ৰতি তেওঁ ধাৰাভাষ্যকাৰ হিচাপে ভূমিকা পালন কৰি আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...