এতিয়াও প্ৰৱেশ ঘটা নাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত, তথাপি কোহলী-ৰোহিত সকলোকে পিছ পেলালে ৱৈভৱে; পিছ পৰিল মোদীও!

কৈশোৰ কালতে অপাৰ সফলতা লভা বৈভৱে ২২ গজত দেখুৱাইছে ইটোৰ পিছত সিটোকৈ চমক। অৱশ্যে কেৱল বেটেৰে বলাৰৰ সমুখত আধিপত্য বিস্তাৰ কৰিয়েই থমকি ৰোৱা নাই বৈভৱ সূৰ্যবংশী। ক্ৰিকেটৰ অভিলেখৰ সমান্তৰালকৈ বৈভৱে এতিয়া অভিলেখ গঢ়িছে আন এক ক্ষেত্ৰতো।

এতিয়াও প্ৰৱেশ ঘটা নাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত, তথাপি কোহলী-ৰোহিত সকলোকে পিছ পেলালে ৱৈভৱে; পিছ পৰিল মোদীও!

বৈভৱ সূৰ্যবংশী

Updated On: 

06 Dec 2025 11:45 AM

বয়সৰ জোখেৰে মাত্ৰ ১৪ বছৰ বয়সীয়া এটি কিশোৰ, এই বয়সতে কিশোৰটিয়ে লাভ কৰিছে অলেখ যশ তথা খ্যাতি, হৈছে জনপ্ৰিয়। সমগ্ৰ ক্ৰিকেট বিশ্বত এতিয়া বহুল চৰ্চিত এই ভাৰতীয় কিশোৰটি। জুনিয়ৰ পৰ্যায়ত লাভ কৰা সফলতা আৰু IPLৰ দৰে বৃহৎ মঞ্চত নিজ পৰিচয় গঢ়ি নিজ কেৰিয়াৰত দোপতদোপে আগুৱাইছে তেওঁ। কৈশোৰ কালতে চৰ্চিত হৈছে ২২ গজৰ জগতখনৰ ভৱিষ্যতৰ তাৰকা ৰূপে। নাম তেওঁৰ বৈভৱ সূৰ্যবংশী। বিহাৰৰ এখন সৰু গাঁও তাজপুৰৰ পৰা সফলতাৰ বাট লোৱা বৈভৱ এতিয়া বিশ্বজুৰি পৰিচিত এক নাম।

কৈশোৰ কালতে অপাৰ সফলতা লভা বৈভৱে ২২ গজত দেখুৱাইছে ইটোৰ পিছত সিটোকৈ চমক। প্ৰথম বলতে ছয়, কম বয়সতে শতক বা দ্ৰুততম শতকৰ অনন্য কৃতিত্বৰে বৈভৱে ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে কেৱল বেটেৰে বলাৰৰ সমুখত আধিপত্য বিস্তাৰ কৰিয়েই থমকি ৰোৱা নাই বৈভৱ সূৰ্যবংশী।

ক্ৰিকেটৰ অভিলেখৰ সমান্তৰালকৈ বৈভৱে এতিয়া অভিলেখ গঢ়িছে আন এক ক্ষেত্ৰতো। চলিত বছৰটোত বৈভৱৰ ‘বৈভৱ’ ইমানেই প্ৰসাৰিত হয় যে এতিয়া তেওঁ গুগল চাৰ্চতো ধুমুহাৰ সৃষ্টি কৰিছে। বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগলত বৈভৱ সূৰ্যবংশীয়ে এই বৰ্ষৰ শীৰ্ষ ১০ জন ট্ৰেণ্ডিং ব্যক্তিৰ ভিতৰত স্থান লাভ কৰিছে। এই ৰেংকত দৃষ্টিগোচৰ হোৱা নাই আন কোনো ভাৰতীয়।

বৈভৱ হৈ পৰিল শীৰ্ষ ভাৰতীয়

প্ৰতি বছৰৰ দৰেই গুগলে ডিচেম্বৰ মাহত নিজৰ আটাইতকৈ জনপ্ৰিয় ট্ৰেণ্ড আৰু চাৰ্চৰ তালিকা প্ৰকাশ কৰিছিল। আনহাতে বিগত বছৰবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী, এম এছ ধোনী, শ্বাহৰুখ খানৰ দৰে ভাৰতীয়ই এই তালিকাত স্থান লাভ কৰিছিল যদিও এইবাৰ কিশোৰ তাৰকা বৈভৱ সূৰ্যবংশীয়ে সকলোকে চেৰ পেলাইছে।

একমাত্ৰ ভাৰতীয়ৰ ৰূপত তেওঁ এই বছৰ বিশ্বজুৰি গুগল ট্ৰেণ্ডছৰ সৰ্বাধিক সন্ধান কৰা লোকৰ ভিতৰত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছে। তালিকাত তেওঁ ষষ্ঠ স্থান লাভ কৰে। অৰ্থাৎ এইবাৰ গুগল ট্ৰেণ্ডছত তেওঁ এক নম্বৰ ভাৰতীয় হিচাপে পৰিগণিত হ’ল।

এই ভাৰতীয় খেলুৱৈসকলেও পালে স্থান

গুগল ইণ্ডিয়াৰ সৰ্বাধিক ট্ৰেণ্ডিং ভাৰতীয় খেলুৱৈৰ তালিকাতো বৈভৱে প্ৰথম স্থান লাভ কৰে। যুৱ বেটাৰ প্ৰিয়াংশ আৰ্য দ্বিতীয় স্থানত থকাৰ বিপৰীতে অভিষেক শৰ্মাই এই তালিকাত তৃতীয় স্থান লাভ কৰিছে। যুৱ উইকেটকীপাৰ শ্বেখ ৰছিদ চতুৰ্থ স্থানত আৰু ভাৰতীয় দলৰ ঐতিহাসিক মহিলা বিশ্বকাপ জয়ত অন্যতম ভূমিকা লোৱা জেমিমা ৰড্ৰিগুৱেজ থাকে তালিকাৰ পঞ্চম স্থানত।

এই ৫টা ৰোগত মহিলাতকৈ অধিক আক্ৰান্ত হয় পুৰুষ, জানি লওক এতিয়াই
আজি জন্মদিন উদযাপন কৰা ক্ৰিকেটাৰৰ প্লেয়িং ১১ হ’ব অতি শক্তিশালী, আছে বিশ্বকাপজয়ী তাৰকাসহ ৬ ভাৰতীয়
দাঁত ব্ৰাছ কৰাৰ পিছতে আপুনিও লগে লগে চাহ খায় নেকি? এতিয়াই চাই লওক হ’ব পৰা ক্ষতিৰ বিষয়ে
এই ৫ টা ভুলে দৰিদ্ৰতা আনিব আপোনাৰ জীৱনলৈ, গতিকে সাৱধান!
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...