ভগৱান বিষ্ণুৰ পৰম ভক্ত শেষনাগে কিয় নিজৰ জন্মদাত্ৰীক ত্যাগ কৰিছিল?

ভগৱান বিষ্ণুক শেষনাগৰ ওপৰত শয়ন কৰা অৱস্থাত চিত্ৰিত কৰা হয়। শেষনাগ বিষ্ণুৰ পৰম ভক্ত। ত্ৰেতা যুগত বিষ্ণুৱে ৰামৰ অৱতাৰ লওঁতে শেষনাগে লক্ষ্মণ ৰূপে আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ লওঁতে বলৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। মহাভাৰতৰ আদি পৰ্বৰ মতে শেষনাগৰ পিতৃ-মাতৃ হৈছে ঋষি কাশ্যপ আৰু কদ্ৰু।

ভগৱান বিষ্ণুৰ পৰম ভক্ত শেষনাগে কিয় নিজৰ জন্মদাত্ৰীক ত্যাগ কৰিছিল?

ভগৱান বিষ্ণুৰ পৰম ভক্ত শেষনাগে কিয় জন্মদাত্ৰীক ত্যাগ কৰিছিল?

Published: 

17 May 2025 13:26 PM

শেষনাগ সকলো নাগৰে ৰজা আৰু সৃষ্টিৰ আদি জীৱসমূহৰ অন্যতম। পুৰণসমূহৰ বৰ্ণনা অনুসৰি শেষনাগে তেওঁৰ ফণাসমূহত ব্ৰহ্মাণ্ডৰ গ্ৰহসমূহ ধাৰণ কৰে আৰু অবিৰাম বিষ্ণুৰ মাহাত্ম্যৰ গীত গায়। কোৱা হয় যে শেষনাগে কুণ্ডলী পকালে সময়ে গতি লাভ কৰে, ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু আৰু ধ্বংস হয়।

বিষ্ণুক সততে শেষনাগৰ ওপৰত শয়ন কৰা অৱস্থাত চিত্ৰিত কৰা হয়। শেষনাগ বিষ্ণুৰ পৰম ভক্ত। ত্ৰেতা যুগত বিষ্ণুৱে ৰামৰ অৱতাৰ লওঁতে শেষনাগে লক্ষ্মণ ৰূপে আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ লওঁতে বলৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। মহাভাৰতৰ আদি পৰ্বৰ মতে শেষনাগৰ পিতৃ-মাতৃ হৈছে ঋষি কাশ্যপ আৰু কদ্ৰু।

জন্মদাত্ৰীক ত্যাগৰ কাহিনী

নাগ বংশত প্ৰথম জন্ম হৈছিল শেষনাগৰ। সেয়েহে তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম সাপ বুলি গণ্য কৰা হয়। শেষনাগৰ এহাজাৰ ফণা আছে যাৰ ওপৰত তেওঁ গ্ৰহকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ ওজন ডাঙি ধৰিছে।তেওঁ আজিও ভূমিক ধাৰণ কৰি আছে বিশ্বাস কৰা হয়। সেয়ে পাতাল তেওঁৰ তেওঁৰ চিৰস্থায়ী বাসস্থান বুলি কোৱা হয়। শেষনাগৰ বৰ্ণনা মহাভাৰত, ৰামায়ণ আদি পুৰাণতো পোৱা যায়। এবাৰ মাকৰ প্ৰতাৰণাত ক্ষুব্ধ হৈ শেষনাগে তেওঁক ত্যাগ কৰে, তাৰ পিছত তেওঁ চিৰদিনৰ বাবে ভগৱান বিষ্ণুৰ ওচৰলৈ যায়।

মহাভাৰতৰ মতে শেষনাগৰ জন্ম হৈছিল ঋষি কাশ্যপ আৰু তেওঁৰ পত্নী কদ্ৰুৰ পৰা। কদ্ৰুৱে এহেজাৰ সৰ্প বা নাগৰ জন্ম দিছিল যাৰ ভিতৰত শেষনাগ আছিল জ্যেষ্ঠতম। শেষনাগৰ পিছত ক্ৰমান্বয়ে বাসুকী, ঐৰাৱত আৰু তক্ষকৰ জন্ম হয়। তেওঁৰ বহুতো ভ্ৰাতৃ নিষ্ঠুৰ আছিল আৰু আনৰ ক্ষতি সাধনো কৰিছিল। আনকি তেওঁলোক নিজৰ সতীয়া ভ্ৰাতৃ তথা বিনতাৰ পুত্ৰ গৰুড়ৰ প্ৰতিও দয়ালু নাছিল (কদ্ৰু আৰু বিনতা দক্ষৰ কন্যা আছিল)।

সহোদৰসকলৰ নিষ্ঠুৰ কাৰ্য্যত বিৰক্ত হৈ শেষনাগে তেওঁৰ মাতৃ আৰু আত্মীয়সকলক এৰি কঠোৰ তপস্যাত বহে। তেওঁ বতাহ খায়েই জীৱন ধাৰণ কৰিছিল আৰু গন্ধমাদন, বদ্ৰিকাশ্ৰম, গোকৰ্ণ, পুষ্কৰ আৰু হিমালয়ক আদি স্থানত ধ্যান কৰিছিল। তেওঁৰ তপস্যা ইমানেই কঠোৰ আছিল যে তেওঁৰ মাংস, ছাল আৰু পেশীসমূহ শুকাই যায় আৰু তেওঁ হাড়ে-ছালে লাগে। ব্ৰহ্মাই তেওঁৰ শেষনাগৰ ইচ্ছাৰ বিষয়ে নিশ্চিত হৈ তেওঁক এটা বৰ বিচাৰিবলৈ কয়। তেতিয়া শেষনাগে তপস্যা অব্যাহত ৰাখিবৰ বাবে নিজৰ মনটো নিয়ন্ত্ৰণত ৰাখিবলৈ বৰ বিচাৰে। ব্ৰহ্মাই আনন্দেৰে এই বৰ প্ৰদান কৰে। ইয়াৰ লগতে ব্ৰহ্মাই অস্থিৰ ভূমিৰ নিম্নভাগলৈ গৈ ইয়াক স্থিৰ কৰি ৰাখিবলৈ শেষনাগৰ সহায় বিচাৰে। এই কথাত সন্মত হৈ শেষনাগ পাতাললৈ যায় আৰু ভূমিক তেওঁৰ ফণাৰে স্থিৰ কৰি ৰাখে।

শেষনাগৰ জন্মৰ কাহিনী

ব্ৰহ্মাৰ মানস পুত্ৰ প্ৰজাপতি কাশ্যপৰ দুগৰাকী পত্নী আছিল। কদৰু আৰু বিনীতা যি দক্ষ প্ৰজাপতিৰ কন্যা আছিল। এবাৰ সন্তুষ্ট হৈ ঋষি কাশ্যপে বিনীতা আৰু কদৰুক আকাংক্ষিত বৰ বিচাৰিবলৈ ক’লে। ইয়াৰ পিছত কদ্ৰুৱে পুত্ৰৰ ৰূপত এহাজাৰ সাপ পোৱাৰ বৰ বিচাৰিলে আৰু বিনাতাই মাত্ৰ ২ জন শক্তিশালী পুত্ৰৰ বৰ বিচাৰিলে। বৰদান পোৱাৰ পিছত কদ্ৰুৱে ১০০ ডাল সাপ জন্ম দিলে, সাপৰ ভিতৰত শেষনাগ আছিল প্ৰথমে সন্তান। বিনীতাৰ পৰা গৰুড় চৰাইৰ জন্ম হৈছিল।

শেষনাগে মাক আৰু ভায়েকক পৰিত্যাগ কৰিলে

যদিও কদ্ৰু আৰু বিনীতা দক্ষ প্ৰজাপতিৰ কন্যা আছিল, তথাপি বিনীতাক লৈ কদ্ৰুৰ ঈৰ্ষা আছিল। এসময়ত তেওঁ বিনীতাক প্ৰতাৰণা কৰি খেল এখনত পৰাস্ত কৰি নিজৰ দাসী কৰি লৈছিল। মাক আৰু ভায়েকহঁতে একেলগে প্ৰতাৰণা কৰা দেখি শেষনাগে বৰ দুখী হৈ পৰিল। তেতিয়াই তেওঁ মাক আৰু ভায়েকক এৰি থৈ গৈছিল। তাৰ পিছত গন্ধমদন পৰ্বতত তপস্যা কৰিবলৈ ধৰিলে।

 

 

ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ, মাথোঁ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
আপোনাৰো ভালকৈ টোপনি নাহে নেকি? এই পদ্ধতিৰে দূৰ কৰক টোপনিৰ সমস্যা
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?