শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিন্দু উপাস্য দেৱ-দেৱীৰ বাহনৰ আঁৰৰ ৰহস্য

শিৱৰ বাহন নন্দীয়ে শক্তি আৰু পৌৰষক বুজায়, গণেশৰ বাহন এন্দুৰে বেগ আৰু তীক্ষ্ণতা বুজায়। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা এই বাহনসমূহৰ লগত জড়িত বহুতো পৌৰাণিক কাহিনী। আজি জানো আহক হিন্দু উপাস্য দেৱতাৰ বাহনৰ আঁৰৰ ৰহস্যৰ বিষয়ে।

হিন্দু উপাস্য দেৱ-দেৱীৰ বাহনৰ আঁৰৰ ৰহস্য
হিন্দু উপাস্য দেৱ-দেৱীৰ বাহনৰ আঁৰৰ ৰহস্য
barasha-misra
Barasha Misra | Published: 16 May 2025 21:31 PM

হিন্দু ধৰ্মগ্ৰন্থত বহু দেৱ-দেৱীৰ ৰূপ আৰু বাহনৰ বিষয়ে বৰ্ণনা কৰিছে। সকলো দেৱ-দেৱীৰ ৰূপ, আচৰণ আৰু বাহন,পূজা বিধি আদি সকলো বেলেগ বেলেগ। প্ৰতিজন দেৱতাই নিজৰ বাহনৰ জৰিয়তে প্ৰকৃতিৰ এটা নিৰ্দিষ্ট দিশক প্ৰতিনিধিত্ব কৰে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা এই বাহনসমূহত লুকাই আছে বহুতো আচৰিত কথা।

বাহনসমূহে তেওঁলোকে কঢ়িয়াই নিয়া দেৱ-দেৱীসকলৰ যোগাত্মক দিশসমূহক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে, শিৱৰ বাহন নন্দীয়ে শক্তি আৰু পৌৰষক বুজায়, গণেশৰ বাহন এন্দুৰে বেগ আৰু তীক্ষ্ণতা বুজায়। একেদৰে স্কন্দৰ বাহন ময়ূৰে সৌন্দৰ্য আৰু মহিমাক আৰু সৰস্বতীৰ বাহন হংসই জ্ঞান, অনুগ্ৰহ আৰু সৌন্দৰ্যক প্ৰতিনিধিত্ব কৰে।

অৱশ্যে বাহনসমূহে দেৱ-দেৱীসকলে প্ৰভুত্ব কৰা অশুভ শক্তিসমূহকো সূচায়। উদাহৰণস্বৰূপে, ময়ূৰৰ ওপৰত আৰোহিত স্কন্দই অহংকাৰৰ ওপৰত প্ৰভুত্ব চলায়। গণেশে সেই অপ্ৰয়োজনীয় চিন্তাসমূহ বিনষ্ট কৰে যি তেওঁৰ বাহন এন্দুৰ/নিগনিৰ দৰে অন্ধকাৰত বৃদ্ধি পায়। সম্পত্তিৰ ৰক্ষাকৰ্তা হিচাপে শনিৰ বাহন হৈছে শগুণ বা কাউৰী যি চৌৰ্যবৃত্তিক প্ৰতিনিধিত্ব কৰে।
আজি হিন্দু ধৰ্মত পূজা কৰা দেৱ-দেৱীসকলৰ নাম আৰু বাহনৰ বিষয়ে জানো আহক।

গণেশ- নিগনি হৈছে গণপতিৰ বাহন। নিগনিয়ে উপযোগী হওক বা অনুপযোগী সকলো বস্তুকে কাটি ক্ষতি কৰাটো স্বভাৱ। একেদৰে অযুক্তিকৰ লোকসকলেও নিজৰ অযুক্তিকৰ যুক্তিৰ জৰিয়তে প্ৰতিটো কামতে বাধাৰ সৃষ্টি কৰে। শ্ৰী গণেশ জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱতা। যাক গণেশে নিজৰ বাহন কৰি ভৰিৰ তলত ৰাখিছে। ইয়াৰ পৰা এইটো বুজা যায় যে, বেয়া মানুহৰ অৰ্থহীন কথাবোৰ দমন কৰি আমাৰ বিবেচনাৰে কাম কৰা উচিত।

শিৱ- শিৱ পুৰাণত বৃষভ নন্দীক ভগৱান শিৱৰ বাহন বুলি কোৱা হৈছে। নন্দীয়ে শক্তি আৰু পৌৰষক বুজায়। শিৱ মন্দিৰ সমূহৰ সমুখত প্ৰায়েই বহি থকা অৱস্থাত নন্দীৰ প্ৰস্তুৰ মূৰ্তি থাকে। সাধাৰণতে এই মূৰ্তিটো মুখ্য মন্দিৰৰ মুখামুখিকৈ প্ৰতিষ্ঠা কৰা হয়। শৈৱ সিদ্ধান্তিক পৰম্পৰা অনুসৰি, তেওঁক নন্দিনাথ সম্প্ৰদায়ৰ আঠজন শিষ্য সনক, সনাতন, সানন্দনা, সনৎকুমাৰ, তিৰুমুলাৰ, ব্যগ্ৰাপদ, পতঞ্জলি আৰু শিৱযোগ মুনিৰ ভিতৰত তেওঁক মুখ্য গুৰু হিচাপে গণ্য কৰা হয়। নন্দীয়ে দেৱী পাৰ্বতীৰ পৰা শিৱৰ দ্বাৰা শিকোৱা ঐশ্বৰিক আগমিক আৰু তান্ত্ৰিক জ্ঞান লাভ কৰিছিল। পিছত নন্দীয়ে তেওঁৰ আঠজন শিষ্যক সেই ঐশ্বৰিক জ্ঞানেৰে পূৰ্ণ কৰি এই জ্ঞান বিলাই দিবলৈ পৃথিৱীৰ আঠটা ভিন্ন দিশত পঠিয়াছিল। নন্দীৰ বিষয়ে আন বহুতো কাহিনী উপলব্ধ। শিৱ পুৰাণত বৃষভ নন্দীক ভগৱান শিৱৰ বাহন বুলি কোৱা হৈছে। নন্দীয়ে শক্তি আৰু পৌৰষক বুজায়। শিৱ মন্দিৰ সমূহৰ সমুখত প্ৰায়েই বহি থকা অৱস্থাত নন্দীৰ প্ৰস্তুৰ মূৰ্তি থাকে। সাধাৰণতে এই মূৰ্তিটো মুখ্য মন্দিৰৰ মুখামুখিকৈ প্ৰতিষ্ঠা কৰা হয়। শৈৱ সিদ্ধান্তিক পৰম্পৰা অনুসৰি, তেওঁক নন্দিনাথ সম্প্ৰদায়ৰ আঠজন শিষ্য সনক, সনাতন, সানন্দনা, সনৎকুমাৰ, তিৰুমুলাৰ, ব্যগ্ৰাপদ, পতঞ্জলি আৰু শিৱযোগ মুনিৰ ভিতৰত তেওঁক মুখ্য গুৰু হিচাপে গণ্য কৰা হয়। নন্দীয়ে দেৱী পাৰ্বতীৰ পৰা শিৱৰ দ্বাৰা শিকোৱা ঐশ্বৰিক আগমিক আৰু তান্ত্ৰিক জ্ঞান লাভ কৰিছিল। পিছত নন্দীয়ে তেওঁৰ আঠজন শিষ্যক সেই ঐশ্বৰিক জ্ঞানেৰে পূৰ্ণ কৰি এই জ্ঞান বিলাই দিবলৈ পৃথিৱীৰ আঠটা ভিন্ন দিশত পঠিয়াছিল। নন্দীৰ বিষয়ে আন বহুতো কাহিনী উপলব্ধ।

মা দুৰ্গা- মা দুর্গাৰ বাহন হ’ল সিংহ। এই বাহনৰ অৰ্থ হৈছে, দেৱী দুৰ্গাৰ অসীম শক্তি আৰু তেওঁৰ ক্ষমতা। সিংহক ক্ষমতা, সাহস, বীৰতা আৰু অশুভ শক্তিৰ ওপৰত জয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। সিংহ হৈছে শক্তি, সাহস, বীৰতা আৰু অশুভ শক্তিৰ ওপৰত জয়ৰ প্ৰতীক। দেৱী দুৰ্গাৰ বাহন হিচাপে সিংহৰ ব্যৱহাৰে তেওঁৰ অসীম ক্ষমতাৰ কথা উল্লেখ কৰে। সিংহৰ দ্বাৰা দেৱী দুৰ্গাৰ অশুভ শক্তিৰ বিনাশ কৰাৰ ক্ষমতা প্ৰকাশ কৰা হয়, কাৰণ সিংহক অশুভ শক্তিৰ প্রতীক বুলি গণ্য কৰা হয়।

মা সৰস্বতী- মা সৰস্বতী দেৱীৰ বাহন হ’ল হংস। সৰস্বতীৰ বাহন হংসৰ অৰ্থ হ’ল জ্ঞান, শিক্ষা, বুদ্ধি আৰু শিল্পকলাৰ বিস্তাৰ। সৰস্বতী হ’ল জ্ঞানৰ দেৱী, আৰু হংস হ’ল এক পৱিত্ৰ চৰাই যি জ্ঞানৰ প্রতীক হিচাপে গণ্য কৰা হয়। সৰস্বতী পূজাৰ সময়ত ভক্তসকলে দেৱী সৰস্বতীৰ পূজা কৰে, তেওঁলোকৰ জ্ঞান, বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধিৰ বাবে অনুগাম্য থাকে। সৰস্বতী পূজা মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত অনুষ্ঠিত হয়, যাৰ বাবে এই পূজা বসন্ত পঞ্চমীও বুলিও কোৱা হয়।

লক্ষ্মী- লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী। লক্ষ্মী দেৱীৰ বাহন ফেঁচা। ফেঁচাক জ্ঞানী বা প্রজ্ঞাৰ প্রতীক হিচাপেও গণ্য কৰা হয়। ফেঁচাক লক্ষ্মীদেৱীৰ বাহন হিচাপে গণ্য কৰাৰ কাৰণ হ’ল, ফেঁচাক অন্ধকাৰৰ ওপৰত জয়ৰ প্রতীক।

বিষ্ণু- হিন্দু বৈষ্ণৱ সম্প্ৰদায়ৰ সৰ্বোচ্চ দেৱতা। আদি শংকৰ প্ৰমুখ্যে বিদগদ্ধ পণ্ডিতসকলৰ মতে, বিষ্ণু ঈশ্বৰৰ এটা প্ৰধান ৰূপ। আৰু তৈত্তিৰীয় শাখা আৰু ভগবদ গীতা আদি শ্ৰুতিশাস্ত্ৰবোৰত তেওঁক সৰ্বোচ্চ ঈশ্বৰৰ মৰ্য্যদা দিয়া হৈছে। বিষ্ণুৰ বাহন গৰুড়। গৰুড় এনেকুৱা চৰাই যিয়ে আকাশত অতি ওখকৈ উৰিও পৃথিৱীৰ সৰু সৰু জীৱবোৰৰ ওপৰত চকু ৰাখিব পাৰে। গৰুড় সাপৰ শত্ৰু। সেই কাৰণে কোৱা হয় যে এইটো বিষ শেষ কৰা অৰ্থাৎ আতংকৰ নিঃশেষ কৰে। সেইদৰে সৰ্বাধিক শক্তিশালী ভগৱান বিষ্ণু সকলোৰে ৰক্ষক। তেওঁ প্ৰতিটো জীৱৰ ওপৰত চকু ৰাখে। বিষ্ণুৰ বাহনে আমাক সদায় দৃষ্টিশক্তি চোকা কৰি ৰাখিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুপ্ৰাণিত কৰে।