শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Vishwakarma Puja 2025: বিশ্বকৰ্মা পূজা কেতিয়া? এই পূজাৰ আৰম্ভণিৰ বিষয়ে জানো আহক

সমাগত বিশ্বকৰ্মা পূজা। বিশ্বখনিকৰৰ আৰাধনাৰ বাবে ৰাজ্যজুৰি সকলো প্ৰান্ততে ব্যাপক প্ৰস্তুতি। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় আদিত অতি আড়ম্বপূৰ্ণভাৱে আয়োজন কৰা হয়।

Vishwakarma Puja 2025: বিশ্বকৰ্মা পূজা কেতিয়া? এই পূজাৰ আৰম্ভণিৰ বিষয়ে জানো আহক
বিশ্বকৰ্মাক কেনেকৈ পূজা কৰিব?
barasha-misra
Barasha Misra | Updated On: 06 Sep 2025 18:14 PM

বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী। এইবাৰ ১৭ ছেপ্তেম্বৰ বুধবাৰে বিশ্ব খনিকৰৰ পূজা। বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা বৈদিক দেৱতা, ঋগবেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সূক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে।

ঋগবেদ অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। তেওঁ বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা নামেৰে জনাজাত। তেওঁ ধাতা, বিশ্বদ্ৰষ্টা আৰু প্ৰজাপতি। দেৱগুৰু বৃহস্পতিৰ ভগিনী যোগসিদ্ধা তেওঁৰ মাতৃ আৰু অষ্টম বসু প্ৰভাষ তেওঁৰ পিতৃ।

বিশ্বকৰ্মা হৈছে লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুৱেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। গণেশ পূজাৰ পৰাই আৰম্ভ হয় পূজা পূজা লগা এটা উৎসৱমুখৰ পৰিৱেশৰ। বিশ্বকৰ্মা পূজাৰ তাৎপৰ্য বুজিবলৈ ভগৱান বিশ্বকৰ্মাক কেন্দ্ৰ কৰি থকা পৌৰাণিক কাহিনীৰ মাজত গভীৰভাৱে সোমাই যোৱাটো অতি প্ৰয়োজনীয়।

বিশ্বকৰ্মা পূজাৰ সময়ত ভক্তসকলে ভৱিষ্যতৰ উন্নত সম্ভাৱনা, নিৰাপদ কৰ্ম পৰিৱেশ আৰু নিজ নিজ ক্ষেত্ৰত বৃদ্ধি পোৱা সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে। তেওঁলোকে নিজৰ সঁজুলি আৰু যন্ত্ৰপাতিসমূহৰ মসৃণ আৰু কাৰ্যক্ষম পৰিচালনাৰ বাবেও প্ৰাৰ্থনা কৰে, যাতে তেওঁলোকৰ কাম সফল আৰু উৎপাদনশীল হৈ থাকে।

কিছুমান অঞ্চলত অক্টোবৰ – নৱেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা পালন কৰা হয়। বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন। এইবাৰ দুদিনীয়াকৈ আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। (তথ্য সংগ্ৰহ- ৱিকিপিডিয়া)

পৌৰাণিক কাহিনী

হিন্দু শাস্ত্ৰ মতে ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থপতি আৰু অভিযন্তা বুলি গণ্য কৰা হয়। ভগৱান ইন্দ্ৰৰ স্বৰ্গ, ভগৱান শ্ৰীকৃষ্ণৰ বাবে দ্বাৰকা নগৰ, দেৱ-দেৱীৰ বাবে বিভিন্ন অস্ত্ৰ-শস্ত্ৰকে ধৰি দেৱতাৰ আকাশী বাসস্থানৰ নিৰ্মাণ বিশ্বকৰ্মাই কৰা বুলি বিশ্বাস কৰা হয়।

কোৱা হয় যে সাগৰ মন্থনৰ পৰাই জন্ম লৈছিল বিশ্বকৰ্মাই। আটাইতকৈ জটিল, সুন্দৰ আৰু ভয়ংকৰ বস্তু সৃষ্টি কৰা ঐশ্বৰিক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৱেই দেৱতাৰ ঐশ্বৰিক ৰথ আৰু অস্ত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ কামৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মানুহে উদ্যম আৰু নিষ্ঠাৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে।