সমগ্ৰ বছৰটোত হ’ব ধনৰ সমস্যা! আজি ভুলতো নকৰিব এই ৪টা কাম…

New Year Vastu: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। মান্যতা আৰু বিশ্বাস অনুসৰি বছৰৰ প্ৰথম দিনটোত কিছুমান কাম কৰিব নালাগে। এনে কৰিলে জীৱনত ধনৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আহিব পাৰে।

সমগ্ৰ বছৰটোত হব ধনৰ সমস্যা! আজি ভুলতো নকৰিব এই ৪টা কাম...

চাকি

Updated On: 

01 Jan 2026 11:52 AM

আৰম্ভ হৈছে নতুন বছৰ ২০২৬। সকলোৰে নতুন বছৰক লৈ বহুত আশা। বহুতে বছৰৰ প্ৰথম দিনটো বিশেষ বুলি গণ্য কৰে। বিশ্বাস অনুসৰি, এজন ব্যক্তিয়ে প্ৰথম দিনটো যি ধৰণে আৰম্ভ কৰে তাৰ ফল বছৰটোত তেওঁৰ জীৱন, স্বাস্থ্য আৰু সৌভাগ্যৰ ওপৰত পৰে। এই কাৰণে বহুতে এই দিনটো পূজা অৰ্চনা কৰে। জ্যোতিষীসকলৰ মতে বছৰৰ প্ৰথম দিন অৰ্থাৎ ১ জানুৱাৰীত কিছুমান বিশেষ কাম পৰিহাৰ কৰিব লাগে। বছৰৰ প্ৰথম দিনটোত এই কামবোৰ কৰিলে জীৱনৰ অসুবিধা বৃদ্ধি পাব পাৰে।

কি কি কৰিব নালাগে

কাজিয়া নকৰিবঃ কাজিয়াই জীৱনত সমস্যা আনে। যি ঘৰত কাজিয় হয় তাত মা লক্ষ্মীয়ে বাস নকৰে। গতিকে নতুন বছৰৰ প্ৰথম দিনটোত কাজিয়া কৰিব নালাগে, খং কৰিব নালাগে আৰু বেয়া শব্দ ব্যৱহাৰ কৰিব নালাগে। এনে কৰিলে সমগ্ৰ জীৱনটো বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ফটা কাপোৰঃ ফটা কাপোৰ পৰিধান কৰিব নালাগে। হিন্দু মান্যতা অনুসৰি, নতুন বছৰৰ প্ৰথম দিনটোত ফটা কাপোৰ, পুৰণি কাপোৰ, ক’লা ৰঙৰ কাপোৰ বা আনৰ পৰা পৰা ধাৰলৈ লৈ কাপোৰ পৰিধান কৰিব নালাগে। কোৱা হয়, এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয়। এনে কৰিলে বছৰটো ধনৰ সমস্যা হ’ব পাৰে।

ঘৰ অন্ধকাৰঃ ঘৰ সদায় পোহৰ কৰি ৰাখিব লাগে। নতুন বছৰৰ প্ৰথম দিনটোত ভুলতো ঘৰতো অন্ধকাৰ কৰি ৰাখিব নালাগে। উত্তৰ-পূব দিশত বছৰৰ প্ৰথম দিনটো পোহৰ কৰি ৰাখিব লাগে। অন্ধকাৰ কৰি ৰাখিলে দৰিদ্ৰতা আহে। ঘৰৰ মুখ্য দুৱাৰ আৰু মন্দিৰত চাকি জ্বলাব লাগে।

টকা-পইচা লেনদেনঃ এই দিনটোত টকা-পইচাৰ লেনদেন কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰ মতে, নতুন বছৰৰ প্ৰছম দিনটোত টকা-পইচাৰ লেনদেন কৰিব নালাগে। এনে কৰা শুভ নহয়। মান্যতা অনুসৰি এনে কৰিলে সমগ্ৰ বছৰটোত সমস্যা আহে আৰু দৰিদ্ৰতা আহিব পাৰে।

 

অন্য খবৰ পঢ়কঃ হৈ পৰিব ধুনীয়া স্বাস্থ্যবান, নতুন বছৰত খাবলৈ আৰম্ভ কৰক এই ৫ বিধ পানীয়…

ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...