শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্ম অনুসৰি ৰাশিফল ১২টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকে চাকৰি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি কিছুমান সাৱধান হৈ থকা ভাল।

Today’s horoscope: শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 18 Jul 2025 06:00 AM

আজিৰ দিনটো কেনে যাব আপোনাৰ। তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। চাকৰি কৰাসকলৰ মান-সন্মান বৃদ্ধি পাব। পাৰিবাৰিক অৱস্থা সুখকৰ হব। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ  হ’ব। সিদ্ধান্ত লোৱাৰ সময়ত চিন্তা কৰিব। পুৰণি বন্ধুক লগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হোৱা ভাল। দিনটো ভালে যাব।

বৃষ ৰাশিঃ কোনো ক্ষেত্ৰত বিনিয়োগ কৰিলে ভাবি চিন্তি কৰব। পৰিয়ালৰ জ্যেষ্ঠজনে সহায় কৰিব। কোনো ভাল খবৰ লাভ কৰিব। স্বাস্থ্যত গুৰুত্ব দিয়ক। কোনো সমস্যা  হ’ব পাৰে। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। সংগীৰ সৈতে ভাল সময় কটাব। পুৰণি দায়িত্বৰ পৰা সকাহ লাভ কৰিব। প্ৰযুক্তি ক্ষেত্ৰত ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটোত কিছু সমস্যা আহিব পাৰে। ঘনিষ্ঠলোকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সতৰ্ক থকা ভাল। কৰ্মক্ষেত্ৰত ভাল। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। লোকচান  হ’ব পাৰে। যিকোনো কামত পৰিয়ালৰ লোকে সহযোগ কৰিব। আধৰুৱা কাম সম্পূৰ্ণ হ’ব।

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো ভাল। বন্ধুৰ সৈতে ভাল সময় কটাব। নতুন সম্পৰ্ক গঢ়িব,যিয়ে ভৱিষ্যতে লাভ দিব। সম্পত্তিৰ লগত জড়িত বিবাদ দূৰ  হ’ব। বিদ্যাৰ্থীসকলে ভাল খবৰ লাভ কৰিব। পানীৰ পৰা দূৰত থাকিব। মন ইতিবাচক কৰি ৰাখিব। ধৰ্মীয় দিশটোত মন বাঢ়িব। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ আজি আত্মবিশ্লেষণৰ দিন। ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব। কৰ্মক্ষেত্ৰত কোনো সৰু সফলতা লাভ কৰিব পাৰে। প্ৰেমত শুভ। দিনটো ভালে যাব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। কোনো জ্যেষ্ঠ মানুহৰ উপদেশে কাম দিব। নতুন কাম লোৱাৰ আগত চিন্তা কৰিব।

কন্যা ৰাশিঃ আজি আপুনি স্বাস্থ্যত গুৰুত্ব দিব। কামৰ হেঁচা অধিক হ’ব পাৰে। পুৰণি পাবলগীয়া ধন ঘূৰাই পাব। কোনো ডাঙৰ লাভ হ’ব। পাৰিবাৰিক জীৱন ভাল হ’ব। মন শান্ত থাকিব। মানসিক স্বাস্থ্য ভাল থাকিব। সমস্যা দূৰ হ’ব। নতুন কাম আৰম্ভ কৰিব পাৰে। প্ৰেমত ভাল। ভ্ৰমণৰ যোগ আছে।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কলাত্মক দিশত গুৰুত্ব বাঢ়িব। প্ৰেমত জীৱন সুখকৰ হোৱাৰ সম্ভাৱনা আছে। কোনো নতুন প্ৰস্তাৱ লাভ কৰিব পাৰে। সন্তানৰ সৈতে সময় কটাব। ইতিবাচক শক্তি লাভ কৰিব। ডিজাইনৰ লগত জড়িত কামত লাভ পাব। নিজৰ ভালপোৱা কাম কৰিব। দিনটো ভাল যাব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱহাৰ ভাল কৰিব। বাদ-বিবাদৰ পৰা আঁতৰত থাকিব। দাম্পত্য জীৱনত সমস্যা আহিব পাৰে। ধৈৰ্য ধৰি কাম কৰিব। ভ্ৰমণৰ যোগ আছে, যি লাভদায়ক হ’ব। ভৰিৰ লগত জড়িত সমস্যা আহিব পাৰে। আপোনাৰ সিদ্ধান্তই আনক প্ৰভাৱিত কৰিব।

ধনু ৰাশিঃ চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। চিনিয়ৰে মাগদৰ্শন কৰিব। চাকৰিত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। আজি লোৱা সিদ্ধান্তই ভৱিষ্যতে কাম দিব। আধৰুৱা কোনো কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্য ভাল যাব।

মকৰ ৰাশিঃ আজি আপুনি দিনটোত আধ্যাত্মিক দিশত বেছি ব্যস্ত থাকিব। মনৰ শান্তিৰ বাবে ধ্যান কৰক। নতুন প্ৰজেক্টত সফলতা লাভ কৰিব। ভাই-ভগ্নীৰ সহযোগিতা লাভ কৰিব। টকা-পইচাৰ লেনদেনত সাৱধান হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে। মানসিক স্থিতিত গুৰুত্ব দিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। আবেগত গুৰুত্ব দিব। কেৰিয়াৰত স্থিৰতা আহিব। নতুন পৰিকল্পনাত বিচাৰ কৰিব। সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে। টকা-পইচাৰ লেনদেনত সাৱধান হ’ব। পুৰণি বন্ধুক লগ পাব। ই লাভদায়ক হ’ব। কোনো ৰৈ থকা পৰিকল্পনাই গতি লাভ কৰিব। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল হ’ব। কাম-কাজত উন্নতি লাভ কৰিব। নতুন প্ৰজেক্টত সফলতা লাভ কৰিব। আৰ্থিক লাভ হ’ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। মনৰ কোনো ইচ্ছা পূৰণ হ’ব। কোনো ভাল খবৰ লাভ কৰিব। ঘৰত সুখময় পৰিস্থিতি থাকিব। স্বাস্থ্য ভালে যাব। প্ৰেমত ভাল।