১০০ বছৰ পিছত দেখা যাব এই বিশেষ যোগ; বছৰৰ শেষলৈ ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ, হ’ব ধন লাভ
প্ৰায় ২৪ দিনলৈ শুক্ৰ ধনু ৰাশিত থাকিব। গ্ৰহৰ এই গতি কেইটামান ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব বুলি জ্যোতিষীসকলে জানিবলৈ দিছে। জানো আহক এই ভাগ্যৱান ৰাশিকেইটাৰ বিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
হিন্দু ধৰ্মত জ্যোতিষৰ গুৰুত্বৰ কথা পুনৰাই বাখ্যা নকৰিলেও হ’ব। জ্যোতিষত উল্লেখ থকা মতে গ্ৰহ-নক্ষত্ৰৰ গতিয়ে ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। ৰাশি অনুসাৰে এনে প্ৰভাৱ কেতিয়াবা যদি শুভ হয়, আন কেতিয়াবা আকৌ অশুভ হয়। ভিন্ন গ্ৰহৰ বাখ্যাও জ্যোতিষত আগবঢ়োৱা হৈছে। সেই অনুসৰি শুক্ৰক সুখ, সমৃদ্ধি আৰু ধন-সম্পত্তিৰ আগজাননী হিচাপে গণ্য কৰা হয়। জ্যোতিষ গণনা মতে ২০ ডিচেম্বৰৰ পুৱা সূৰ্যাস্তৰ সময়ত শুক্ৰই ধনু ৰাশিত প্ৰৱেশ কৰিছিল। এতিয়া প্ৰায় ২৪ দিনলৈ শুক্ৰ ধনু ৰাশিত থাকিব।
শুক্ৰৰ এই গতিৰ পিছত সূৰ্য-শুকুৰ সংযোগে শুক্ৰাদিত্য যোগৰ সৃষ্টি কৰিছে। তদুপৰি সুদীৰ্ঘ ১০০টা বছৰৰ পাছত সমসপ্তক যোগো গঢ় লৈ উঠিছে। এনে অৱস্থাত নৱবৰ্ষৰ পূৰ্বে গ্ৰহৰ এই গতি কেইটামান ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব বুলি জ্যোতিষীসকলে জানিবলৈ দিছে। জানো আহক এই ভাগ্যৱান ৰাশিকেইটাৰ বিষয়ে।
মেষ ৰাশি
নতুন বছৰ আগমনৰ পূৰ্বে মেষ ৰাশিৰ লোকে আকৰ্ষণীয় সুযোগ লাভ কৰিব পাৰে। হঠাতে আৰ্থিক লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভৱনা আছে। আপোনাৰ নেতৃত্বৰ গুণ বিকশিত হ’ব। কেৰিয়াৰৰ সৈতে জড়িত কিছুমান বিশেষ খবৰ লাভ কৰিব পাৰে। নতুন বাহন বা আন কোনো মূল্যৱান সামগ্ৰী ক্ৰয় কৰিব পাৰে। সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।
তুলা ৰাশি
আৰ্থিক লাভৰ মুখ দেখিব। খৰচ হ্ৰাস পোৱাৰ লগতে আয় বৃদ্ধি পাব। কাৰোবাৰ পৰা পাবলৈ থকা ধন ঘূৰাই পাব পাৰে। কেৰিয়াৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিব পাৰে। ফেশ্বন, ডিজাইন, মনোৰঞ্জন আৰু সংবাদ মাধ্যমৰ দৰে ক্ষেত্ৰত জড়িত লোকসকল যথেষ্ট লাভৱান হ’ব।
ধনু ৰাশি
এই সময়ছোৱাত ধনু ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা ভাল হ’ব। কৰ্মক্ষেত্ৰত সন্মান আৰু পদোন্নতি লাভৰ সম্ভাৱনা আছে। কামত সফলতা লাভেৰে আগবাঢ়িব পাৰিব। সম্পত্তিত বিনিয়োগ কৰাসকলৰ বাবে অত্যন্ত শুভ। শৈক্ষিক ক্ষেত্ৰত জড়িত লোকসকলে নতুন সুযোগ লাভ কৰিব।
মীন ৰাশি
উন্নতিৰ বাবে সোণালী সুযোগ লাভ কৰিব। পেছাদাৰী জীৱনলৈ কিছু ইতিবাচক পৰিৱৰ্তন আহি আছে। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হ’ব। খং নিয়ন্ত্ৰণ কৰাৰ লগতে বাদ-বিবাদৰ পৰা বিৰত থাকিব লাগিব।