সাফল্য, খ্যাতি তথা অলেখ ধন-সম্পত্তিয়েও সুখী কৰা নাই আপোনাক? প্ৰেমানন্দ মহাৰাজৰ বাণীয়ে কৰিব সহায়
সামাজিক মাধ্যমত নিজা সৎসঙ্গৰ জৰিয়তে অলেখ লোকক পথ প্ৰদৰ্শন কৰা প্ৰেমানন্দ মহাৰাজে শেহতীয়াকৈ সুখৰ ধাৰণা সন্দৰ্ভত এজন ভক্তৰ প্ৰশ্নৰ উত্তৰ দিছে। প্ৰেমানন্দৰ এই বাখ্যাই আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে। পিছে কি কৈছে প্ৰেমানন্দ মহাৰাজে? চাওঁ আহক এই বিষয়ে।

প্ৰেমানন্দ মহাৰাজ
সাম্প্ৰতিক সময়ত সময়ৰ সৈতে খোজ মিলাই প্ৰতিজন লোকেই নিজ জীৱনত সাফল্য লাভৰ চেষ্টাত ব্ৰতী হয়। এই সাফল্যৰ পথ সকলোৰে নিশ্চিতভাৱে ভিন্ন ভিন্ন হ’ব পাৰে। একেদৰে জীৱনত সুখৰ ধাৰণাও ব্যক্তি বিশেষে ভিন্ন ভিন্ন হ’ব পাৰে। আমি ভাবো যে ভাল চাকৰি, ধন আৰু বিলাসী ঘৰ-গাড়ীৰে আঢ্যৱন্ত জীৱন এটাই আমাক সুখী কৰিব। কিন্তু বিড়ম্বনাৰ কথাটো হ’ল এই সকলোবোৰৰ অধিকাৰীসকলেও মানসিক শান্তি বিচাৰিছে। তেতিয়াহ’লে প্ৰকৃত সুখ ক’ত নিহিত হৈ আছে?
সামাজিক মাধ্যমত নিজা সৎসঙ্গৰ জৰিয়তে অলেখ লোকক পথ প্ৰদৰ্শন কৰা প্ৰেমানন্দ মহাৰাজে শেহতীয়াকৈ এই সন্দৰ্ভত এজন ভক্তৰ প্ৰশ্নৰ উত্তৰ দিছে। প্ৰেমানন্দৰ এই বাখ্যাই আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে। পিছে কি কৈছে প্ৰেমানন্দ মহাৰাজে? চাওঁ আহক এই বিষয়ে।
ভক্তই কৰিছিল এনে প্ৰশ্ন
এজন ভক্তই প্ৰেমানন্দ মহাৰাজৰ আগত নিজৰ উদ্বেগ প্ৰকাশ কৰি এক বিশেষ প্ৰশ্ন কৰিছিল। ভক্তজনে অতি ব্যাকুল হৈ প্ৰেমানন্দ মহাৰাজক সুধিছিল যে সফলতা আৰু ইমান ধন-সম্পত্তি থকাৰ পাছতো মনত কিয় অশান্তি আৰু অস্থিৰতা বিৰাজ কৰে। তেওঁ জানিব বিচাৰিছিল যে সফলতাৰ প্ৰকৃত অৰ্থ কি আৰু ইয়াক লাভ কৰিলে সঁচাকৈয়ে মনৰ শান্তি পোৱা যাবনে।
সফলতা আৰু সুখৰ ভ্ৰম
প্ৰেমানন্দ মহাৰাজে অতি সহজ আৰু সাৱলীল ভাষাৰে মানুহৰ এই ভ্ৰম দূৰ কৰিলে। তেওঁ কয় যে আজিৰ সমাজত সফলতাৰ মানদণ্ড ভুলকৈ নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে উচ্চ পদবী, সামাজিক প্ৰতিপত্তি আৰু বেংক বেলেঞ্চেই সুখৰ আধাৰ বুলি মানুহে বিশ্বাস কৰে। কিন্তু বাস্তৱটো হ’ল, এই সকলোবোৰ যাৰ ওচৰত আছে তেওঁলোকো সঁচাকৈয়ে সুখী নহয়।
তেওঁ লগতে সোঁৱৰাই দিয়ে যে আপুনি যিবোৰ বস্তু বা যি বিলাসীতাৰ বাবে আজি হাহাকাৰ কৰিছে, সেইবোৰ ইতিমধ্যে আন কাৰোবাৰ ওচৰত আছে, তথাপিও সেই ব্যক্তিজন আজি অসুখী আৰু মানসিকভাৱে অশান্ত। ইয়াৰ পৰা স্পষ্ট হয় যে কোনো বাহ্যিক বস্তুৱে আমাৰ মনক কেতিয়াও সম্পূৰ্ণৰূপে সন্তুষ্ট কৰিব নোৱাৰে।
প্ৰকৃত সুখৰ আধাৰ
প্ৰকৃত সুখৰ সত্যটো কি সেই বিষয়ে বুজাবলৈ গৈ প্ৰেমানন্দ মহাৰাজে ক’লে যে সুখ ধন-সম্পত্তি বা এটা সুন্দৰ পৰিয়ালত নিহিত নাথাকে, ই কেৱল ঈশ্বৰতহে নিহিত থাকে। শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে আমাৰ আত্মা পৰমাত্মাৰ দ্বাৰা ধন্য। যিজন ব্যক্তিয়ে নিজৰ মনক ঈশ্বৰৰ সৈতে একাত্ম কৰিব পাৰে, তেওঁহে সঁচা অৰ্থত সুখী হ’ব পাৰে।
লৌকিক বস্তুৱে আমাক কেৱল ক্ষন্তেকীয়া সুখ দিব পাৰে, কিন্তু ঈশ্বৰৰ সান্নিধ্যৰ পৰা অহা আনন্দ চিৰন্তন আৰু শাশ্বত বুলিও তেওঁ কয়। প্ৰেমানন্দ মহাৰাজে ভক্তসকলক নেতিবাচকতা ত্যাগ কৰি নিজৰ ওচৰত থকাখিনিৰ বাবে কৃতজ্ঞ হ’বলৈ শিকাইছে। তেওঁ বুজাই দিছে যে আমাৰ অশান্তিৰ এটা প্ৰধান কাৰণ হ’ল নেতিবাচক চিন্তাধাৰা।
নেতিবাচকতা ত্যাগ কৰক
যদি আপোনাৰ শৰীৰটো সুস্থ, চকু আৰু কাণে সঠিকভাৱে কাম কৰি আছে আৰু আপুনি দিনটোত দুবেলা দুমুঠি খাবলৈ পাইছে, তেন্তে আপুনি নিজকে ভাগ্যৱান বুলি গণ্য কৰা উচিত বুলিও প্ৰেমানন্দ মহাৰাজে বাখ্যা কৰে। ইমানবোৰ আশীৰ্বাদ থকাৰ পাছতো যদি কোনোবা অসুখী হৈ আছে, তেন্তে সেয়া কেৱল তেওঁৰ মনৰ নেতিবাচকতাৰ বাবেহে হৈছে।
সেয়েহে ঈশ্বৰে দিয়া আশীৰ্বাদবোৰ চিনি পাই কৃতজ্ঞতা প্ৰকাশ কৰাটোৱেই হৈছে সুখৰ প্ৰথম আৰু প্ৰধান পদক্ষেপ বুলি উল্লেখ কৰে প্ৰেমানন্দ মহাৰাজে।