নতুন বছৰৰ প্ৰথমটো দিনতে শক্তিশালী চতুৰ্গ্ৰহী যোগ, শুভ প্ৰভাৱত সুখে-সম্পদেৰে ভৰিব এই ৩ ৰাশিৰ জীৱন

নতুন বৰ্ষটোৰ প্ৰথম দিনটোত ধনু ৰাশিত সূৰ্য, বুধ, মংগল আৰু চন্দ্ৰ- এই চাৰিটা প্ৰধান গ্ৰহৰ মিলন ঘটি এক শক্তিশালী‘চতুৰ্গ্ৰহী যোগ’ৰ সৃষ্টি হ’ব। মহাকাশত ঘটা এই বিৰল গ্ৰহ সংযোগে এক ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব, যাৰ প্ৰভাৱত বহু লোকৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে।

নতুন বছৰৰ প্ৰথমটো দিনতে শক্তিশালী চতুৰ্গ্ৰহী যোগ, শুভ প্ৰভাৱত সুখে-সম্পদেৰে ভৰিব এই ৩ ৰাশিৰ জীৱন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Dec 2025 09:39 AM

সকলোৰে মাজত এতিয়া দেখা গৈছে নতুন বৰ্ষ ২০২৬ক আদৰণিৰ অপেক্ষা। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি, আগন্তুক এই ২০২৬ চনৰ আৰম্ভণি সমগ্ৰ মানৱ জাতিৰ বাবে এক বিৰল আৰু অত্যন্ত প্ৰভাৱশালী মাংগলিক ক্ষণ হিচাপে চিহ্নিত হ’ব। ২০২৬ চনৰ ১ জানুৱাৰী, অৰ্থাৎ নতুন বৰ্ষটোৰ প্ৰথম দিনটোত ধনু ৰাশিত সূৰ্য, বুধ, মংগল আৰু চন্দ্ৰ- এই চাৰিটা প্ৰধান গ্ৰহৰ মিলন ঘটি এক শক্তিশালী‘চতুৰ্গ্ৰহী যোগ’ৰ সৃষ্টি হ’ব। মহাকাশত ঘটা এই বিৰল গ্ৰহ সংযোগে এক ইতিবাচক শক্তিৰ সঞ্চাৰ কৰিব, যাৰ প্ৰভাৱত বহু লোকৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে।

এই বিশেষ যোগৰ ফলত কেইটামান ৰাশিৰ লোকৰ জীৱনত বিশেষ প্ৰগতি দেখিবলৈ পোৱা যাব। এই সৌভাগ্যৱান ৰাশিকেইটাৰ লোকসকলে কৰ্মক্ষেত্ৰত সফলতা, আৰ্থিক স্থিৰতা আৰু নতুন সুযোগ লাভ কৰিব। বিশেষকৈ তলত উল্লেখ কৰা তিনিটা ৰাশিৰ ভাগ্যত এই যোগে সোণত সুৱগা চৰাব-

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা হ’ব সপোন পূৰণৰ সময়। আপোনাৰ হেৰুৱা আত্মবিশ্বাস ঘূৰি আহিব আৰু যিকোনো কঠিন সিদ্ধান্ত ল’বলৈ আপুনি সক্ষম হ’ব। চাকৰি বা ব্যৱসায়ত উন্নতিৰ নতুন বাট মুকলি হোৱাৰ লগতে আৰ্থিক দিশত অভূতপূৰ্ব লাভ হোৱাৰ যোগ আছে। ঘৰুৱা বিবাদ আঁতৰি শান্তিৰ পৰিৱেশ ঘূৰি আহিব।

ধনু ৰাশি

যিহেতু এই চতুৰ্গ্ৰহী যোগ ধনু ৰাশিতেই ঘটিব, সেয়ে এই ৰাশিৰ জাতক-জাতিকাসকল আটাইতকৈ বেছি লাভান্বিত হ’ব। আপোনাৰ জীৱনৰ বহুদিনীয়া স্থবিৰতা আঁতৰি এক নতুন গতি লাভ কৰিব। ভাগ্যৰ পূৰ্ণ সমৰ্থনত হঠাতে ধন লাভ বা পদোন্নতিৰ যোগ আছে। ব্যক্তিগত সম্পৰ্কবোৰ অধিক সুদৃঢ় হ’ব আৰু আপোনাৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব।

মেষ ৰাশি

মেষ ৰাশিৰ লোকসকলৰ বাবে ২০২৬ বৰ্ষটো এক আশাব্যঞ্জক আৰম্ভণি হ’ব। আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ উচিত মূল্যায়ন হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ’ব আৰু ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব। এই সময়ছোৱাত কৰা যাত্ৰাই আপোনাৰ কেৰিয়াৰত নতুন মাত্ৰা প্ৰদান কৰিব।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...