২০২৬ৰ প্ৰথম দিনটোত মহিলাসকলে পালন কৰক এইসমূহ নিয়ম, বছৰটোলৈ ঘৰখনত থাকিব দেৱী লক্ষ্মীৰ আশীৰ্বাদ
বৰ্ষটো যাতে সুখ-শান্তি আৰু ঐশ্বৰ্যৰে ভৰি পৰে, তাৰ বাবে আমাৰ শাস্ত্ৰত কিছুমান পবিত্ৰ নিয়মৰ কথা উল্লেখ কৰা হৈছে। বিশ্বাস কৰা হয় যে বছৰৰ প্ৰথমটো দিনত মহিলাসকলে নিষ্ঠাৰে এই শুভ কাৰ্যবোৰ কৰিলে ঘৰখনত দেৱী লক্ষ্মীৰ কৃপা সদায় অটুট থাকে। ২০২৬ৰ আগমনৰ ক্ষণত এনে কিছুমান নীতি-নিয়মৰ বিষয়ে জানো আহক।

প্ৰতিনিধিত্বমূলক ছবি
নতুন বছৰ মানেই আশা আৰু উদ্যমৰ এক নতুন আৰম্ভণি। পুৰণিক বিদায় দি নতুন বৰ্ষটোক আদৰণি জনোৱাৰ সময়ত সকলোৱে জীৱনত সুখ-সমৃদ্ধিৰ আগমনৰ কামনা কৰে। এই উপলক্ষে কিছুমান নীতি-নিয়মো পালন কৰা হয়। বৰ্ষটো যাতে সুখ-শান্তি আৰু ঐশ্বৰ্যৰে ভৰি পৰে, তাৰ বাবে আমাৰ শাস্ত্ৰত কিছুমান পবিত্ৰ নিয়মৰ কথা উল্লেখ কৰা হৈছে। বিশ্বাস কৰা হয় যে বছৰৰ প্ৰথমটো দিনত মহিলাসকলে নিষ্ঠাৰে এই শুভ কাৰ্যবোৰ কৰিলে ঘৰখনত দেৱী লক্ষ্মীৰ কৃপা সদায় অটুট থাকে। ২০২৬ৰ আগমনৰ ক্ষণত এনে কিছুমান নীতি-নিয়মৰ বিষয়ে জানো আহক-
ব্ৰহ্ম মুহূৰ্তত স্নান আৰু সূৰ্য আৰাধনা
২০২৬ চনৰ প্ৰথমটো প্রভাতত ব্ৰহ্ম মুহূৰ্ততে বিচনা ত্যাগ কৰি স্নান কৰাটো অতি মংগলজনক। সম্ভৱ হ’লে স্নান কৰা পানীত দুটোপাল গংগাজল মিহলাই ল’ব। গা ধুই উঠি পৰিষ্কাৰ সাজপাৰ পৰিধান কৰি সূৰ্যলৈ পানী আগবঢ়াওক। এনে কাৰ্যই আপোনাৰ মনলৈ ইতিবাচক শক্তি আনিব আৰু গোটেই বছৰটোৰ বাবে সু-স্বাস্থ্য আৰু সৌভাগ্য কঢ়িয়াই আনিব।
আৰাধ্য দেৱ-দেৱীৰ উপাসনা
নৱবৰ্ষৰ প্ৰথম দিনটোত বাল গোপালক স্নান কৰাই পূজা কৰক আৰু শিৱলিংগত ভক্তিৰে পানী ঢালিব। লগতে ভগৱান গণেশক স্মৰণ কৰি দিনটোৰ আৰম্ভণি কৰক। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক এখন ৰঙা বস্ত্ৰ অৰ্পণ কৰক; ই আপোনাৰ কৰ্মত সফলতা আনিব আৰু জীৱনৰ দুৰ্যোগবোৰ আঁতৰাই ৰাখিব।
তুলসী আৰু ভগৱান বিষ্ণুৰ পূজা
নৱবৰ্ষৰ দিনা তুলসী গছত পানী ঢালি গা-গছত ৰঙা পবিত্ৰ সূতা বান্ধি দিয়ক। সন্ধিয়া তুলসীৰ তলত এগছি চাকি জ্বলাই ভগৱান বিষ্ণুৰ নাম লওক। এনে কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰত কেতিয়াও আৰ্থিক নাটনি নহয় বুলি বিশ্বাস আছে।
জ্যেষ্ঠজনৰ আশীৰ্বাদ
পুৱা দেৱ-দেৱীক পূজা কৰাৰ পাছতেই ঘৰৰ জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল’ব লাগে। তেওঁলোকৰ প্ৰতিটো সৰু-বৰ প্ৰয়োজন পূৰণ কৰাৰ সংকল্প লওক। মনত ৰাখিব যিখন ঘৰত জ্যেষ্ঠসকলৰ মনত শান্তি থাকে, সেইখন ঘৰত সুখ আৰু আশীৰ্বাদৰ বৰষুণ হয়।
দান-দক্ষিণা আৰু জীৱ-জন্তুক সেৱা
জীৱনত পুণ্য আৰু আশীৰ্বাদ লাভৰ বাবে এই দিনটোত গৰুক সতেজ ৰুটি খুৱাওক। লগতে নিজৰ সাধ্য অনুসৰি আৰ্তজনক খাদ্য, বস্ত্ৰ, কম্বল বা অলপ ধন দান কৰক। আনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে নিজৰ জীৱনটোও আনন্দৰে ভৰি পৰে।