নতুন বৰ্ষৰ প্ৰথমটো সপ্তাহ এই ৪ ৰাশিৰ বাবে হ’ব ধন লাভৰ যোগ, দূৰ হ’ব আৰ্থিক অভাৱ
ৰাশিফল অনুসৰি আগন্তুক সপ্তাহটো চাৰিটা ৰাশিৰ বাবে অত্যন্ত ফলপ্ৰসূ যেন দেখা গৈছে। অৰ্থাৎ নতুন সপ্তাহটো এই চাৰিটা ৰাশিৰ লোকে কেৰিয়াৰ, আৰ্থিক, স্বাস্থ্য ইত্যাদি সকলো ক্ষেত্ৰত সুখকৰ ফল লাভ কৰিব। এনে পৰিস্থিতিত নতুন বৰ্ষটোৰ আৰম্ভণি এই ৰাশিকেইটাৰ বাবে হৈ পৰিব অতি সুখকৰ। জানো আহক এইবিষয়ে।

প্ৰতিনিধিত্বমূলক ছবি
নতুন এটি বছৰৰ আগমন বুলিলেই সকলো লোকৰ মনত এক বিশেষ উৎসাহ উদ্দীপনা দেখা যায়। আগন্তুক ২০২৬ৰ প্ৰাকক্ষণতো এতিয়া নিশ্চিতভাৱে এনে এক অনুভৱেই ক্ৰিয়া কৰিছে সকলোৰে মনত। কিন্তু এই নতুন বছৰটি কিদৰে পাৰ হ’ব তাৰ চিন্তাও নথকা নহয়। ২৯ ডিচেম্বৰ, অৰ্থাৎ কাইলৈৰ পৰা এটা নতুন সপ্তাহ আৰম্ভ হ’ব। এই সপ্তাহটো হৈ পৰিছে অতি বিশেষ। কিয়নো এই সপ্তাহত নতুন বছৰ ২০২৬ চনৰ আৰম্ভণিও হ’ব। কাইলৈৰ পৰা আৰম্ভ হোৱা এই সপ্তাহটো আগন্তুক বৰ্ষ ২০২৬ চনৰ ৪ জানুৱাৰীলৈকে চলিব।
গ্ৰহ-নক্ষত্ৰৰ গণনাৰে জ্যোতিষীসকলে আগন্তুক এই সপ্তাহটোৰ ৰাশিফল প্ৰকাশ কৰিছে। এই ৰাশিফল অনুসৰি আগন্তুক সপ্তাহটো চাৰিটা ৰাশিৰ বাবে অত্যন্ত ফলপ্ৰসূ যেন দেখা গৈছে। অৰ্থাৎ নতুন সপ্তাহটো এই চাৰিটা ৰাশিৰ লোকে কেৰিয়াৰ, আৰ্থিক, স্বাস্থ্য ইত্যাদি সকলো ক্ষেত্ৰত সুখকৰ ফল লাভ কৰিব। এনে পৰিস্থিতিত নতুন বৰ্ষটোৰ আৰম্ভণি এই ৰাশিকেইটাৰ বাবে হৈ পৰিব অতি সুখকৰ। জানো আহক এইবিষয়ে।
মেষ ৰাশি
নতুন সপ্তাহত এই ৰাশিৰ লোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। খৰচ কমোৱাৰ প্ৰচেষ্টা সফল হ’ব। দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। মানসিক চাপ হ্ৰাস পাব। খাদ্য সামগ্ৰী দান কৰাটো অত্যন্ত শুভ বিবেচিত হ’ব।
কৰ্কট ৰাশি
কেৰিয়াৰত সফলতা লাভৰ সম্ভাৱনা। এই সময়ছোৱাত উপাৰ্জনো বৃদ্ধি পাব পাৰে, ফলত আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। সন্মান বৃদ্ধি হ’ব। কোনোভাল খবৰে আপোনাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব। কোনো উপহাৰ লাভৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশি
আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। কেৰিয়াৰত কিছু নতুন পৰিৱৰ্তন দেখিব পাৰে। কৰ্মক্ষেত্ৰত হোৱা সমস্যা ক্ৰমান্বয়ে সমাধান হ’ব। কিছু সুখবৰে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। কোনো বাহন বা সম্পত্তিৰ সৈতে জড়িত লাভৰ সম্ভাৱনা আছে। খাদ্য আৰু ধন দান কৰিলে শুভ হ’ব। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক।
ধনু ৰাশি
আগন্তুক সপ্তাহটোত এই ৰাশিৰ লোকৰো আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। কেৰিয়াৰৰ কেৰিয়াৰৰ নতুন আৰম্ভণি হ’ব পাৰে। দায়িত্ব বৃদ্ধিৰ বাবে ব্যস্ততা বাঢ়িব যদিও ইয়াৰ দ্বাৰা লাভৱানো হ’ব। খাদ্য-পানীয় দান কৰিলে অধিক শুভ হ’ব।