আপোনাৰ শৰীৰৰ এই অংশত আছে নেকি তিল? তেন্তে হ’ব ধনবান, লাভ কৰিব কেৰিয়াৰত উন্নতি…

প্ৰায় সকলোৰে শৰীৰত তিল থাকে। হিন্দু ধৰ্মত তিলৰ মহত্ব অধিক। প্ৰতিটো তিলৰ নিজা নিজা বৈশিষ্ট্য থাকে। কিন্তু আপুনি জানেনে, শৰীৰৰ কিছুমান অংশত তিল থকা অত্যন্ত ভাগ্যশালী বুলি কোৱা হয়।

আপোনাৰ শৰীৰৰ এই অংশত আছে নেকি তিল? তেন্তে হব ধনবান, লাভ কৰিব কেৰিয়াৰত উন্নতি...

তিল

Published: 

07 Jan 2026 | 08:27 PM

প্ৰত্যোক ব্যক্তিৰে শৰীৰৰ কোনোবা নহয় কোনো অংশত তিল থাকে। এয়া সাধাৰণ কথা। কিছুমানৰ তিল কম আৰু কিছুমানৰ বেছি পৰিমাণে থাকে। বিজ্ঞানে অস্বাস্থ্যকৰ কোষৰ বাবে তিল হোৱা বুলি কয়। কিন্তু হিন্দু শাস্ত্ৰই তিলক বিশেষ গুৰুত্ব দিছে। হিন্দু ধৰ্ম অনুসৰি তিলৰ শুভ আৰু অশুভ দুয়োটা দিশে আছে।। সামুদ্ৰিক শাস্ত্ৰত শৰীৰৰ তিলৰ অৰ্থ বুজোৱা হৈছে। কোৱা হয় যে, তিলে ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে। কিছুমান মানুহৰ পেটত তিল থাকে। ইয়াৰ বিশেষ অৰ্থ আছে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি, পেটত তিল থকা মানে ভাগ্যাশালী।

সামুদ্ৰিক শাস্ত্ৰত কি আছে?

সামুদ্ৰিক শাস্ত্ৰ মতে, পেটত তিল থকাটোৱে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ বেলেগ প্ৰভাৱ পেলায়। এজন পুৰুষৰ পেটত থকা তিলটোৱে ইংগিত দিয়ে যে তেওঁ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ঠ সফলতা লাভ কৰিব আৰু ধনৰ অভাৱ নহয়। এগৰাকী মহিলাৰ পেটত তিল থকাই ইংগিত দিয়ে যে তেওঁ পাৰিবাৰিক সুখ, সন্তান, বিবাহিতা জীৱনৰ সকলো সুখ লাভ কৰিব।

পেটৰ সোঁফালে থকা তিলৰ অৰ্থ

পেটৰ সোঁফালে তিল থকা মানুহবোৰ বৰ ভাগ্যৱান বুলি কৈছে সামুদ্ৰিক শাস্ত্ৰই। এনে লোকৰ লক্ষ্য স্পষ্ট থাকে আৰু সেই লক্ষ্যত উপনীত হ’বলৈ কষ্ট কৰে। এনে লোকে কেৰিয়াৰকে ধৰি প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰে। জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। এনে লোকৰ ব্যক্তিত্বই আনক প্ৰভাৱিত কৰে। প্ৰেম জীৱনতো সুখী হয়।

পেটৰ বাওঁফালে থকা তিল

এনে লোকে জীৱনত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। এনে লোকে নিজ লক্ষ্যত উপনীত হ’বৰ বাবে যথেষ্ঠ কষ্ট কৰে। কিন্তু পাছত ভাগ্যই লগ দিয়ে আৰু সফলতা লাভ কৰে। এনে লোক কথা কোৱা গুণৰ অধিকাৰী। ইয়াৰোপৰি পেটত তিল থকাটোৱে দুৰ্বল পাচনতন্ত্ৰৰ কথা সূচায়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ চকু আৰু মূৰৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ