সূৰ্যৰ অৱস্থানে পেলাব প্ৰভাৱ, মাঘ বিহুৰ সময়ছোৱা সুখকৰ নহ’ব এই ৪ টা ৰাশিৰ লোকৰ!

জ্যোতিষ মতে, বৰ্তমান সূৰ্য ধনু ৰাশিত অৱস্থান কৰিছে আৰু কেইদিনমান পিছত অৰ্থাৎ ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্যৰ এই ৰাশি পৰিৱৰ্তনৰ লগতে পালন কৰা হ’ব মকৰ সংক্ৰান্তি। সূৰ্যৰ এই স্থানান্তৰে সকলোৰে ওপৰত প্ৰভাৱ পেলাব বুলি জ্যোতিষে লগতে কয়।

সূৰ্যৰ অৱস্থানে পেলাব প্ৰভাৱ, মাঘ বিহুৰ সময়ছোৱা সুখকৰ নহ’ব এই ৪ টা ৰাশিৰ লোকৰ!

প্ৰতিনিধিত্বমূলক ছবি

Published: 

08 Jan 2026 | 09:06 PM

ৰাজ্যজুৰি এতিয়া হেঁপাহৰ মাঘ বিহুক আদৰাৰ প্ৰস্তুতি। মাঘ বিহুৰ এই সময়ছোৱাক ভোগৰ সময় বুলি কোৱা হয়। সেয়ে সকলোৱে এই সময়ছোৱা সুখকৰ হোৱাৰ কামনা কৰে। পিছে কেইটামান ৰাশিৰ বাবে মাঘ বিহুৰ এই সময় কষ্টকৰো হৈ পৰিব পাৰে। মাঘ বিহুৰ সময়ছোৱাতে দেশৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয়। জ্যোতিষীসকলে এই সময়ছোৱাক লৈ এক বিশেষ ভৱিষ্যদ্বাণী কৰিছে। এই ভৱিষ্যদ্বাণী অনুসৰি, সূৰ্যৰ বিশেষ অৱস্থানৰ বাবে এই সময়ছোৱাত কেইটামান ৰাশি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।

জ্যোতিষ মতে, বৰ্তমান সূৰ্য ধনু ৰাশিত অৱস্থান কৰিছে আৰু কেইদিনমান পিছত অৰ্থাৎ ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্যৰ এই ৰাশি পৰিৱৰ্তনৰ লগতে পালন কৰা হ’ব মকৰ সংক্ৰান্তি। সূৰ্যৰ এই স্থানান্তৰে সকলোৰে ওপৰত প্ৰভাৱ পেলাব বুলি জ্যোতিষে লগতে কয়। কিছুমানৰ বাবে ই শুভ হ’লেও আন কিছুমানৰ বাবে ই প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে।

মিথুন ৰাশি

১৪ জানুৱাৰীৰ পিছত মিথুন ৰাশিৰ জাতকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। সৰু-সুৰা শাৰীৰিক সমস্যাই দেখা দিব পাৰে, যাৰ ফলত চিকিৎসাৰ নামত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কাম-কাজত মন নবহিব পাৰে আৰু অধিক ক্লান্তি অনুভৱ হ’ব পাৰে।

বৃশ্চিক ৰাশি

সূৰ্যৰ এই অৱস্থানে আপোনাৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কোনো ঘনিষ্ঠ ব্যক্তি বা সহকৰ্মীৰ সৈতে তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে লাভৰ সলনি লোকচানৰ সন্মুখীন হ’ব পাৰে। মানসিক চাপৰ বাবে সঠিক সিদ্ধান্ত লোৱাত অসুবিধা হ’ব পাৰে, সেয়ে ধৈৰ্য ধৰাটো প্ৰয়োজনীয়।

ধনু ৰাশি

মকৰ সংক্ৰান্তিৰ পাছৰ সময়ছোৱাই আপোনাৰ পাৰিবাৰিক আৰু মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ঘৰুৱা মতভেদৰ বাবে মন অশান্ত হৈ থাকিব পাৰে। আৰ্থিক দিশত সাৱধান হওক, কাৰণ অজানিতে লোকচান হোৱাৰ আশংকা আছে। এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাই ভাল।

কুম্ভ ৰাশি

খৰচ আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা প্ৰত্যাহ্বানমূলক হ’ব পাৰে। অযথা খৰচ বাঢ়িব পাৰে আৰু বৈবাহিক জীৱনত উত্তেজনা দেখা দিব পাৰে। ব্যৱসায়ত আশানুৰূপ ফল লাভ নকৰাৰ বাবে মনত নিৰাশা আহিব পাৰে। প্ৰতিটো পদক্ষেপ ভাবি-চিন্তি ল’লে লাভৱান হ’ব।

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ