TV9 ASSAM
Credit-Getty Images
আজিকালি প্ৰায়ভাগ মানুহ ডায়েবেটিছ বা মধুমেহ ৰোগত ভোগা দেখা যায়। দিনক দিনে এই ৰোগৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জনা দৰকাৰ।
বাৰে বাৰে প্ৰস্ৰাৱ কৰা ডায়েবেটিছৰ এক সাধাৰণ লক্ষণ। কোৱা হয়, এই লক্ষণে ডায়েবেটিছ আৰম্ভ হোৱাৰ সংকেত দেখা দিয়ে। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
যদি আপনোৰা হাত-ভৰি বাৰে বাৰে অসাৰ হৈ পৰাৰ দৰে হয় বা কেতিয়াবা সন্তুলন কৰি ৰখাত অসুবিধা হয় তেন্তে এয়া ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।
ডায়েবেটিছ হ'লে ইয়াৰ প্ৰভাৱ আমাৰ চকুতো পৰে। ইয়াৰ ফলত দৃষ্টি শক্তি কিছু কমি যায়। গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
ডায়েবেটিছৰ লক্ষণ ছালতো দেখা দিয়ে। ইয়াৰ ফলত ছালক ক'লা আৰু ডাঠ দাগ দেখা যায়। ডায়েবেটিছৰ আৰম্ভণিত এই লক্ষণে দেখা দিয়ে।
বাৰে বাৰে প্ৰস্ৰাৱ কৰাৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱ হয়। যাৰ বাবে অধিক পানীৰ পিয়াহ লাগিব পাৰে। ইয়াৰোপৰি আপুনি অতি ভাগৰুৱা অনুভৱ কৰিব পাৰে।
যদি ডায়েবেটিছ হয় তেন্তে শৰীৰৰ কোনো অংশত ঘাঁ বা কিবা হ'লে সেয়া ঠিক হোৱাত বহু সময় লাগে। এই লক্ষণসমূহ দেখা দিয়ে চিকিৎসকৰ ওচৰত যোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক