January 10, 2026
TV9 ASSAM
শীতকালত চুলি প্ৰায়ে দুৰ্বল হৈ পৰে আৰু চুলি সৰিবলৈ আৰম্ভ কৰে। ঠাণ্ডা আৰু শুকান বতাহৰ বাবে চুলিৰ আৰ্দ্ৰতা কমি যায়, যাৰ ফলত চুলি ভাঙি চুলি সৰাৰ সম্ভাৱনা বেছি হয়।
ঠাণ্ডা, শুকান বতাহ, খাদ্যৰ অভাৱ, চুলিৰ যত্নৰ অভাৱ আদি ইয়াৰ মূল কাৰণ। মানসিক চাপ আৰু চুলিৰ সামগ্ৰীৰ অত্যধিক ব্যৱহাৰেও এই সমস্যা সৃষ্টি কৰে।
বিশেষজ্ঞৰ মতে, নাৰিকল বা আলমণ্ড তেলেৰে মূৰৰ ছাল মালিচ কৰিলে এই সমস্য়া ৰোধ কৰিব পাৰি।
ভিটামিন এ, চি, ডি, ই , প্ৰটিনযুক্ত খাদ্যই চুলি শক্তিশালী কৰে। নিয়মিতভাৱে মচুৰ দাইল, কণী, সেউজীয়া শাক-পাচলি, ফল-মূল খাব লাগে।
শীতকালত চুলি সোনকালে শুকাই যায়। কণ্ডিচনাৰ ব্যৱহাৰ কৰি চুলি গৰম পানীৰ পৰিৱৰ্তে কুহুমীয়া পানীৰে ধুব।
মানসিক চাপ আৰু টোপনিৰ অভাৱত চুলি সৰিব পাৰে। যোগাসন, ধ্যান আৰু পৰ্যাপ্ত টোপনিয়ে চুলি সৰা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।
যদি আপোনাৰ চুলি সৰিছে বা পাতল হৈ আহিছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক