শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শুভ নে অশুভ ! এই বছৰ মা দুৰ্গা কিহত আহিব আৰু গমন কৰিব ? জানক

মা দুৰ্গাই সাধাৰণতে হাতী, ঘোঁৰা, নাও আৰু দোলাত যাত্ৰা কৰে । কোৱা হয় যে, দেৱী দুৰ্গাৰ আগমন আৰু গমন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। দেৱী দুৰ্গা কিহত আহিব আৰু যাব সেয়া প্ৰকৃতিৰ পৰিৱৰ্তনে আগজাননী দিয়ে।

শুভ নে অশুভ ! এই বছৰ মা দুৰ্গা কিহত আহিব আৰু গমন কৰিব ? জানক
দেৱী দুৰ্গা
manas-borah
Manas Borah | Updated On: 06 Sep 2025 18:00 PM

সাধাৰণতে চাৰি প্ৰকাৰৰ বাহনেৰে দেৱী দুৰ্গাৰ আগমন আৰু গমন কৰে। সেয়া হৈছে হাতী, ঘোঁৰা, নাও আৰু দোলা। কোৱা হয় যে, দেৱী দুৰ্গাৰ আগমন আৰু গমন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। দেৱী দুৰ্গা কিহত আহিব আৰু যাব সেয়া প্ৰকৃতিৰ পৰিৱৰ্তনে আগজাননী দিয়ে।

বিশ্বাস অনুসৰি, দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থান সময়ৰ ওপৰত নিৰ্ভৰ কৰে। কোৱা হয় যে, সপ্তমী আৰু দশমী দেওবাৰ আৰু সোমবাৰ পৰিলে দেৱী দুৰ্গাৰ ঘোঁৰাত আগমন বা প্ৰস্থানৰ ইংগিত দিয়ে। যদি মঙলবাৰ আৰু শনিবাৰে সপ্তমী আৰু দশমী পৰে তেন্তে নাৱেৰে আগমন বা প্ৰস্থানৰ ইংগিত দিয়ে। যদি বৃহস্পতিবাৰ আৰু শুকুৰবাৰে সপ্তমী আৰু দশমী পৰে তেন্তে ই দোলাৰে আগমন বা প্ৰস্থানৰ ইংগিত দিয়ে। একেখন বাহনেৰে অহা-যোৱা কৰাটো অশুভ লক্ষণ।

বিশ্বাস অনুসৰি, দোলাত দেৱী দুৰ্গাৰ আগমন বা গমন কৰিলে মহামাৰী আশংকা বৃদ্ধি পাই বুলি কোৱা হয়। একেদৰে নাও হৈছে পানীৰ সৈতে জড়িত। কোৱা হয় যে, যদি দেৱী দুৰ্গাৰ নাৱেৰে আগমন বা প্ৰস্তান হয়, তেন্তে ইয়াৰ অৰ্থ হৈছে শস্যৰে ভৰা পথাৰ। কাৰণ, বাৰিষাৰ বানে খেতি পথাৰত পলস পেলাই যায়। ইয়াৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।

ইফালে, ঘোঁৰাত যদি আগমন হয় বা প্ৰস্থান কৰিলে ধ্বংস, বিভাজন বা ধ্বংসাত্মক কাৰ্যৰ আশংকা বৃদ্ধি পায় বুলি কোৱা হয়। একেদৰে হাতীত দেৱী দুৰ্গাৰ আগমন বা প্ৰস্থান কৰিলে শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত বসুন্ধৰা শস্যৰে ভৰপূৰ হয় বুলি কোৱা হয়।

সেই অনুসৰি, এইবাৰ দেৱী দুৰ্গাৰ হাতীত আগমন হ’ব। ইয়াৰ ফলত পথাৰত ভাল ফচল তথা শস্য উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এইবাৰ মা দুৰ্গা দোলাত যাত্ৰা কৰিব। ফলত মহামাৰী তথা বিভিন্ন জটিল ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে। চলিত বছৰত আগমন শুভ হ’ব পাৰে যদিও প্ৰস্থান শুভ নহ’বও পাৰে।

(স্পষ্টীকৰণ: এই প্ৰতিবেদন বিভিন্ন উৎসৰ তথ্য আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। কোনো কাৰণতে Tv9 অসমীয়া দায়ী নহয়।)