Kamakhya Temple: এৰাতিতে বান্ধিবলৈ দিছিল পথ, সম্পূৰ্ণ হ’লেই বিয়া…কুকুৰাৰ ডাকত স্বপ্ন ভংগ হোৱা এক কাহিনী

বিশ্বপ্ৰসিদ্ধ মা কামাখ্যা মন্দিৰ ৷ কামাখ্যা মন্দিৰৰ মেখেলা উজোৱা পথটোৰ বিশেষ গুৰুত্বপূৰ্ণতা আছে। এই পথটোৱে মন্দিৰৰ লগত জড়িত ইতিহাস প্ৰতিফলিত কৰে। আজি জানো আহক এই পথটোৰ নাম 'মেখেলা উজোৱা' পথ কিয় হ'ল আৰু ইয়াৰ আঁৰৰ কাহিনী...

Kamakhya Temple: এৰাতিতে বান্ধিবলৈ দিছিল পথ, সম্পূৰ্ণ হলেই বিয়া...কুকুৰাৰ ডাকত স্বপ্ন ভংগ হোৱা এক কাহিনী

মেখেলা উজোৱা পথ, নৰকাসুৰৰ আশা ভংগৰ জীয়া কাহিনী

Updated On: 

04 Jun 2025 | 02:40 PM

উত্তৰ-পূবৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। সমগ্ৰ ভাৰতবৰ্ষত থকা মুঠ ৫১খন শক্তিপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই ৰাজ্যখনৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। প্ৰতি দিনে কামাখ্যা মন্দিৰত পুৱতি নিশাৰ পৰাই ভক্তৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা যায়।

অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মা কামাখ্যাত যাবলৈ বহুকেইটা পথ আছে। কিন্তু মন্দিৰলৈ যোৱা ঐতিহাসিক পথটো হৈছে মেখেলা উজোৱা (Mekhela Ujua Path) পথটো। এই পথটোৰ বিষয়ে আপুনি জানেনে?

মেখেলা উজোৱা পথটোৰ বিশেষ গুৰুত্বপূৰ্ণতা আছে। এই পথটোৱে মন্দিৰৰ লগত জড়িত ইতিহাস প্ৰতিফলিত কৰে। এই পথটো কামাখ্যা দেৱীৰ ভক্ত নৰকাসুৰে নিৰ্মাণ কৰিছিল বুলিও এটা প্ৰৱাদ আছে। এই পথটোৰ নাম “মেখেলা উজোৱা” হোৱাৰ কাৰণটো হ’ল, নৰকাসুৰে এই পথ নিৰ্মাণৰ সময়ত মেখেলা উজোৱা পদ্ধতিৰে কাম কৰিছিল বুলি জন বিশ্বাস আছে।

জনবিশ্বাস

নৰকাসুৰৰ মাতৃ ভূমি দেৱীয়ে বিষ্ণুক বৰ বিচাৰিছিল যে, তেওঁৰ পুত্ৰই যেন দীৰ্ঘ জীৱন লাভ কৰে আৰু যথেষ্ঠ শক্তিশালী হয়। বিষ্ণুৱে মাতৃৰ ইচ্ছা পূৰণ কৰি এই বৰ দি দিয়ে। বৰ দি বিষ্ণুৱে নৰকাসুৰক কামাখ্যা দেৱীক পূজা কৰিবলৈ শিকায়। প্ৰথম অৱস্থাত ভালকৈ শাসন কৰা নৰকাসুৰে শোণিতপুৰৰ বাণাসুৰৰ প্ৰভাৱত পৰি অত্যাচাৰী হৈ উঠে।

প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। ইয়াৰ পিছত নৰকাসুৰে কামাখ্যা দেৱীক বিয়াৰ প্ৰস্তাৱ দিয়ে। তেতিয়া দেৱীয়ে চৰ্ত ৰাখিলে যে, কুকুৰাই ৰাতিপুৱা হোৱাৰ জাননী দিয়াৰ আগতেই যদি নৰকে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈকে এৰাতিৰ ভিতৰতে খটখটী নিৰ্মাণ কৰিব পাৰে তেন্তে তেওঁ বিয়া হ’বলৈ সাজু।

নৰকাসুৰে সেইমতে দেৱীক পাবলৈ নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজে। খটখটী নিৰ্মাণ কৰি ৰাতিপুৱাৰ আগতেই শেষ কৰিবৰ উপক্ৰম হ’ল। দেৱীয়ে দেখিলে কথা বিষম; সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় ল’বলৈ বাধ্য হ’ল। কামাখ্যা দেৱীয়ে ভয় খাই কুকুৰা এটাৰ ডিঙিত চেপা মৰাত সি ডাক দিলে। নৰকেও ৰাতি পুৱালে বুলি ভাবি কামটো আধাতে এৰিলে। কিন্তু পাছত প্ৰকৃত কথা গম পাই প্ৰচণ্ড ক্ৰোধত নৰকে কুকুৰাটো খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াৱী কুকুৰাটো দুচেওকৈ কাটে।

এতিয়াৰ দৰং জিলাত “কুকুৰাকটা” নামৰ ঠাই এখন আছে। আনহাতে অসমাপ্ত খটখটীটোক “মেখেলা-উজোৱা পথ” বুলি কোৱা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...