বছৰৰ শেষলৈ দেখা যাব দশাংক যোগঃ নতুন বৰ্ষৰ আগমনৰ ক্ষণত এই ৩ ৰাশিয়ে দেখিব প্ৰগতিৰ মুখ

অহা বৰ্ষৰ শেষৰ ফালে বুধ আৰু যম গ্ৰহৰ এই বিশেষ অৱস্থানে সৃষ্টি কৰিবলগা দশাংক যোগে কিছুমান ৰাশিৰ বাবে অত্যন্ত সুখকৰ প্ৰভাৱ কঢ়িয়াই আনিব পাৰে। বিশেষকৈ তিনিটা ৰাশিৰ বাবে এই সময় হৈ পৰিব অতি শুভ। জানো আহক এই বিষয়ে।

বছৰৰ শেষলৈ দেখা যাব দশাংক যোগঃ নতুন বৰ্ষৰ আগমনৰ ক্ষণত এই ৩ ৰাশিয়ে দেখিব প্ৰগতিৰ মুখ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

28 Dec 2025 13:30 PM

আমাৰ দৈনন্দিন জীৱনত গ্ৰহ-নক্ষত্ৰৰ গতিয়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলি উল্লেখ কৰে জ্যোতিষ। জ্যোতিষ শাস্ত্ৰ মতে কোনো গ্ৰহৰ গতি যদি বিশেষ কোনো ৰাশিৰ বাবে সুখকৰ হয়, আন কিছুমান ৰাশিৰ বাবে আকৌ এই গতিয়ে অশুভ প্ৰভাৱ কঢ়িয়াই নিব পাৰে। সেয়ে জ্যোতিষে কৰা আগজাননীক ধৰ্ম বিশ্বাসীসকলে গুৰুত্বসহকাৰে গ্ৰহণ কৰে। জ্যোতিষত ভিন্ন গ্ৰহৰ প্ৰভাৱ পৃথক পৃথকভাৱে বৰ্ণনা কৰা হৈছে। এই বাখ্যা মতে বুধ গ্ৰহক বুদ্ধি, যুক্তি, ব্যৱসায়, শিক্ষা, যোগাযোগৰ কাৰক হিচাপে গণ্য কৰা হয়।

সেয়ে বুধ গ্ৰহৰ অৱস্থানে এগৰাকী ব্যক্তিৰ সৈতে জড়িত ভিন্ন দিশত প্ৰভাৱ পেলায়। জ্যোতিষ গণনা মতে ২৯ ডিচেম্বৰ, অৰ্থাৎ কাইলৈ ধনু ৰাশিত প্ৰৱেশ কৰিব বুধ গ্ৰহে। ইতিমধ্যে মংগল, শুক্ৰ আৰু সূৰ্যয়ো ধনু ৰাশিত অৱস্থান কৰিব। এনে অৱস্থাত এতিয়া বুধৰ সংযোগৰ দ্বাৰা বুধাদিত্য যোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগৰ দৰে শুভ যোগ গঠন কৰিব।

ইফালে ৩০ ডিচেম্বৰত বুধ আৰু যম গ্ৰহৰ বিশেষ অৱস্থানৰ ফলত দশাংক যোগৰ গঠন হ’ব। এই সময়ছোৱাত মকৰ ৰাশিত থাকিব যম গ্ৰহ। বুধ আৰু যম গ্ৰহৰ এই বিশেষ অৱস্থানে সৃষ্টি কৰিবলগা দশাংক যোগে কিছুমান ৰাশিৰ বাবে অত্যন্ত সুখকৰ প্ৰভাৱ কঢ়িয়াই আনিব পাৰে। জানো আহক এই বিষয়ে।

মিথুন ৰাশি

মিথুন ৰাশিৰ শাসক বুধ। সেয়ে বুধৰ এই অৱস্থান মিথুন ৰাশিৰ ক্ষেত্ৰত অত্যন্ত প্ৰভাৱশালী হ’ব। এই সময়ছোৱাত ব্যৱসায়, শৈক্ষিক বিষয় তথা সংবাদ মাধ্যমৰ লগত জড়িত মিথুন ৰাশিৰ লোকসকলে নতুন স্বীকৃতিৰ সমান্তৰালকৈ সঠিক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে।

ধনু ৰাশি

দশাংক যোগে ধনু ৰাশিৰ লোকৰ ভাগ্য উদয় কৰিব। ইয়াৰ ফলত কেৰিয়াৰত উল্লেখনীয় পৰিৱৰ্তন হ’ব পাৰে। চাকৰিত নিয়োজিত লোকসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ। শৈক্ষিক ক্ষেত্ৰত জড়িত তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলৰ বাবে সময় শুভ হ’ব।

কুম্ভ ৰাশি

এই ৰাশিৰ লোকৰ বাবেও দশাংক যোগে আৰ্থিক প্ৰগতিৰ পথ মুকলি কৰিব। শ্বেয়াৰ মাৰ্কেট বা প্ৰযুক্তিৰ লগত জড়িতসকলে যথেষ্ট লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা যিকোনো কাম সম্পূৰ্ণ হ’ব পাৰে।

পেট ফুলাৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? খাদ্য খোৱাৰ আগত আৰু পাছত এই ৫ টা নিময় মানি চলক
সুস্বাস্থ্যৰ বাবে খাদ্য ৰন্ধনত কেনেকুৱা পাত্ৰ ব্যৱহাৰ কৰিব লাগে? জানক
শীতকালত খালী পেটত চাহ খোৱাটো উচিত নে অনুচিত?
সেউজীয়া মটৰত কি ভিটামিন বেছিকৈ থাকে? ছালৰ উজ্বলতাৰ বাবে কৰে কাম!
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...