Daily Horoscope: আজি দেওবাৰে আপুনি লভিবনে সূৰ্য দেৱতাৰ কৃপা? মনৰ চিন্তা দূৰ কৰিবলৈ এতিয়াই চাওক ৰাশিফল

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ এই দেওবাৰ দিনটো সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। গতিকে আজি সূৰ্য দেৱতাৰ কৃপাত কাৰ ভাগ্য উদয় হ’ব আৰু কোনে সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই সম্পৰ্কত মেষৰ পৰা মীন ৰাশিলৈকে আজিৰ দিনটোৰ ভৱিষ্যতবাণী তলত দিয়া হ’ল।

Daily Horoscope: আজি দেওবাৰে আপুনি লভিবনে সূৰ্য দেৱতাৰ কৃপা? মনৰ চিন্তা দূৰ কৰিবলৈ এতিয়াই চাওক ৰাশিফল

আজিৰ ৰাশিফল

Published: 

18 Jan 2026 | 06:00 AM

গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰতিটো দিনেই আমাৰ বাবে নতুন সম্ভাৱনা আৰু প্ৰত্যাহ্বান লৈ আহে। আজি ১৮ জানুৱাৰী, দেওবাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ এই দেওবাৰ দিনটো সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। গতিকে আজি সূৰ্য দেৱতাৰ কৃপাত কাৰ ভাগ্য উদয় হ’ব আৰু কোনে সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই সম্পৰ্কত মেষৰ পৰা মীন ৰাশিলৈকে আজিৰ দিনটোৰ ভৱিষ্যতবাণী তলত দিয়া হ’ল। চাই লওক এতিয়াই-

মেষ ৰাশিৰ ৰাশিফল

ধন-সম্পত্তি বৃদ্ধিৰ যোগ আছে। নিবনুৱাসকলে বন্ধুৰ সহায়ত কৰ্মসংস্থাপনৰ সুযোগ পাব পাৰে। প্ৰেম জীৱনৰ বাবে আজিৰ দিনটো শুভ। সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। ভ্ৰমণৰো যোগ দেখা যায়। ৰাজনীতিৰ সৈতে জড়িতসকলে সাৱধান হোৱা উচিত, কাৰণ বিৰোধীয়ে ষড়যন্ত্ৰ ৰচিব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হ’ব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত সফলতা পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। খৰখেদাকৈ কাম কৰোঁতে আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে চলিব। সন্তানৰ বাবে বিশেষ উপহাৰ ক্ৰয় কৰিব পাৰিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

খৰচ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। ব্যৱসায়ীসকলে আজি কোনো লাভজনক চুক্তি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দুৰ্বল। কোনো পুৰণি ৰোগে পুনৰ দেখা দিব পাৰে, ফলত মানসিক চিন্তা বৃদ্ধি পাব। পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। সামাজিক কামত আপোনাৰ আগ্ৰহ বাঢ়িব।

কৰ্কট ৰাশিৰ ৰাশিফল

আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ’ব। পৰিয়ালৰ কোনো পুৰণি সিদ্ধান্তক লৈ অনুসূচনা হ’ব পাৰে, গতিকে ঘৰুৱা বিষয়ত চকু দিয়ক। সন্তানৰ ফালৰ পৰা ভাল খবৰ পাব পাৰে। শত্ৰুক পৰাস্ত কৰিবলৈ বুদ্ধি আৰু বিবেক ব্যৱহাৰ কৰক। প্ৰেমৰ ক্ষেত্ৰত আপুনি সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে, যাৰ বাবে আপুনি ব্যস্ত হৈ পৰিব। আজি আপুনি মানসিক চাপত থাকিব পাৰে। কোনো কামত বিপদসংকুল সিদ্ধান্ত (Risk) নল’ব, নহ’লে পাছত সমস্যা হ’ব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। পিতৃয়ে দিয়া দায়িত্ব পালনত অৱহেলা নকৰিব।

কন্যা ৰাশিৰ ৰাশিফল

আজিৰ দিনটোৱে কিছু সমস্যা কঢ়িয়াই আনিব পাৰে। মনত নেতিবাচক চিন্তা ৰাখিব। কৰ্মক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ পৰামৰ্শ মানি চলিব। পদোন্নতিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। ঘৰৰ চাফ-চিকুণতা আৰু মেৰামতিৰ ওপৰত গুৰুত্ব দিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা আঁতৰিব।

তুলা ৰাশিৰ ৰাশিফল

আজিৰ দিনটো উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ দিন। কোনো সামাজিক অনুষ্ঠানত অংশ লোৱাৰ সুযোগ পাব। পুৰণি বন্ধুৰ সৈতে দেখা হ’ব পাৰে। জীৱনসংগীয়ে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি হাতত লোৱা যিকোনো কামতে সফলতা লাভ কৰিব। অৱশ্যে সহকৰ্মীৰ কথাই মনত দুখ দিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আজিৰ দিনটোৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। ঘৰুৱা বিবাদৰ বাবে কিছু চিন্তা হ’ব পাৰে। ভাল খোৱা-বোৱাৰ আনন্দ ল’ব যদিও পেটৰ সমস্যাই আমনি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বোজা হ্ৰাস পাব। সন্তানৰ চাকৰিৰ সংক্ৰান্তত আপুনি বাহিৰলৈ যাবলগীয়া হ’ব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

মনত এক প্ৰকাৰৰ অস্থিৰতা বিৰাজ কৰিব পাৰে। স্বাস্থ্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। ব্যৱসায়িক চুক্তিক লৈ চিন্তিত হ’ব পাৰে। মাতৃক কথা দিয়া মতে দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। ধনৰ লেনদেনৰ ক্ষেত্ৰত অচিনাকি মানুহক বিশ্বাস নকৰিব আৰু বিনিয়োগৰ পৰা বিৰত থাকক। বেংকিং খণ্ডৰ লোকসকলে নতুন চাকৰিৰ অফাৰ পাব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

আজি খৰচ বৃদ্ধি পাব পাৰে। অপ্ৰয়োজনীয় খৰচৰ বাবে জমা ধন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সম্পত্তিৰ বাবে ভাতৃ-ভগ্নীৰ সৈতে বিবাদ হ’ব পাৰে, যাৰ বাবে আদালতৰ কাষ চাপিবলগীয়া হ’ব পাৰে। কাম পিছুৱাই থোৱাৰ স্বভাৱে পাছত বিপদত পেলাব পাৰে। অচিনাকি ব্যক্তিক অন্ধভাৱে বিশ্বাস নকৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

আজিৰ দিনটো মধ্যমীয়া হ’ব। দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। জীৱনসংগীৰ আৱেগক সন্মান কৰক আৰু কথা কওঁতে সাৱধান হওক। শৰীৰত অধিক শক্তি অনুভৱ কৰিব আৰু কামবোৰ সহজে সম্পূৰ্ণ হ’ব। কিন্তু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰি সমস্যাত নপৰিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সাৱধান হোৱা উচিত।

মীন ৰাশিৰ ৰাশিফল

ক’ৰ্ট-কাছাৰীৰ গোচৰৰ ক্ষেত্ৰত আজিৰ দিনটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত কিছু উঠা-নমা থাকিব। পূৰ্বতে শ্বেয়াৰ মাৰ্কেটত কৰা বিনিয়োগৰ পৰা লাভ পাব। কোনো নতুন চুক্তি কৰাৰ আগতে নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি ল’ব। নতুন বাহন কিনিবলৈ ঋণৰ বাবে আবেদন কৰিব পাৰে।

শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
এনে লক্ষণ আওকাণ কৰা মানেই জীৱনৰ শংকা! হ’ব পাৰে নীৰৱে থিতাপি লোৱা হৃদৰোগৰ সংকেত
বৃদ্ধি পাব চুগাৰৰ মাত্ৰা! ডায়েবেটিছ ৰোগীয়ে ভুলতো নাখাব এই ফল...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি