Daily Horoscope: নৱবৰ্ষৰ আজি প্ৰথমটো শনিবাৰ, এইকেইটা ৰাশিৰ ওপৰত ৰুষ্ট দেৱতা শনি! চাওক ৰাশিফল

নতুন বৰ্ষ ২০২৬ক লৈ সকলোৰে মাজত এতিয়া নতুন প্ৰত্যাশা। গতিকে জ্যোতিষত বিশেষ মহত্ব থকা শনিবাৰ দিনটো আজি কিদৰে পাৰ হ’ব সেয়া জানিবলৈ যথেষ্ট উৎসুক জ্যোতিষ বিশ্বাসীসকল। গতিকে আজি শনিবাৰ দিনটো আজি কিদৰে পাৰ হ’ব জানিবলৈ চাওক ৰাশিফল।

Daily Horoscope: নৱবৰ্ষৰ আজি প্ৰথমটো শনিবাৰ, এইকেইটা ৰাশিৰ ওপৰত ৰুষ্ট দেৱতা শনি! চাওক ৰাশিফল

আজিৰ ৰাশিফল

Published: 

03 Jan 2026 06:00 AM

ইংৰাজী নৱবৰ্ষ ২০২৬ৰ আজি তৃতীয়টো দিন। নৱবৰ্ষৰ তৃতীয়টো দিন, অৰ্থাৎ ৩ জানুৱাৰীত আজি পৰিছে শনিবাৰ। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি সপ্তাহৰ এই মঙলবাৰ দিনটো দেৱতা শনিৰ নামত উৎসৰ্গিত। নতুন বৰ্ষ ২০২৬ক লৈ সকলোৰে মাজত এতিয়া নতুন প্ৰত্যাশা। গতিকে জ্যোতিষত বিশেষ মহত্ব থকা শনিবাৰ দিনটো আজি কিদৰে পাৰ হ’ব সেয়া জানিবলৈ যথেষ্ট উৎসুক জ্যোতিষ বিশ্বাসীসকল। আজি শনিবাৰ দিনটো আজি কিদৰে পাৰ হ’ব জানিবলৈ চাওক ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

আজি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত দিনটো শুভ। ধন লাভৰ যোগ আছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা আঁতৰাবলৈ কোনো সহযোগীৰ সৈতে আলোচনা কৰিব পাৰে। শিক্ষাৰ্থীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

দিনটো আপোনাৰ বাবে অনুকূল। কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব। একাধিক উৎসৰ পৰা উপাৰ্জন হ’ব। কোনো ইচ্ছা পূৰণ হোৱাত মন আনন্দিত হ’ব, অৱশ্যে সন্তানৰ আচৰণক লৈ কিছু চিন্তিত হ’ব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

ব্যৱসায়িক ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। কোনো স্থবিৰ হৈ থকা ডিল ফাইনেল হ’ব পাৰে। সন্তানৰ পঢ়া-শুনাৰ সমস্যা সমাধান হ’ব। ভাতৃৰ সম্পূৰ্ণ সহায় লাভ কৰিব।

কৰ্কট ৰাশিৰ ৰাশিফল

আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ’ব। খৰচৰ হিচাপ ৰখাটো প্ৰয়োজনীয়। বন্ধুৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। কোনো অচিনাকি ব্যক্তিক অতিৰিক্ত বিশ্বাস নকৰিব, প্ৰতাৰিত হোৱাৰ ভয় আছে।

সিংহ ৰাশিৰ ৰাশিফল

আজি উপাৰ্জন বৃদ্ধিৰ দিন। চৰকাৰী কামত থকা বাধা আঁতৰিব। সন্তানৰ ফালৰ পৰা শুভ সংবাদ পাব। পৈতৃক সম্পত্তিৰ বিবাদত জয়লাভৰ যোগ আছে। আধ্যাত্মিকতাৰ প্ৰতি মন ঢাল খাব।

কন্যা ৰাশিৰ ৰাশিফল

আদালতৰ গোচৰত সুফল পাব পাৰে। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সকলে শুভ খবৰ পাব পাৰে। বন্ধুৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ’ব।

তুলা ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ বাবে দিনটো যথেষ্ট শুভ। যি কামতে হাত দিব, তাতে সফলতা লাভ কৰিব। পাৰিবাৰিক সমস্যা সমাধান হ’ব। বিৰোধী পক্ষৰ কথাত ভোল নাযাব, নহ’লে লোকচান হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

বাহনৰ বিজুতিৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। আনৰ ব্যক্তিগত বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকক। পুৰণি বন্ধুৰ সৈতে সাক্ষাতৰ সম্ভাৱনা আছে।

ধনু ৰাশিৰ ৰাশিফল

উন্নতিৰ নতুন পথ মুকলি হ’ব। নতুন বন্ধু লাভ হ’ব। নতুন বছৰৰ উপহাৰ পাব পাৰে। নতুন চাকৰিৰ বাবে আবেদন কৰিব পাৰে। সম্পত্তি ক্ৰয় কৰাৰ বাবে দিনটো শুভ।

মকৰ ৰাশিৰ ৰাশিফল

চাকৰিয়ালসকলে সাৱধান হোৱা উচিত, কাৰণ কামৰ চাপ বৃদ্ধি পাব পাৰে। পুৰণি ধাৰ-লেনদেনে সমস্যাত পেলাব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত আধৰুৱা কাম সম্পূৰ্ণ হ’ব।

কুম্ভ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো উন্নত। ভ্ৰমণৰ পৰা নতুন অভিজ্ঞতা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত মনোযোগ বাঢ়িব। চৰকাৰী চাকৰিৰ প্ৰাৰ্থীসকলে কোনো সুখবৰ পাব পাৰে।

মীন ৰাশিৰ ৰাশিফল

নতুন ঘৰ কিনাৰ বাবে আজিৰ দিনটো শ্ৰেষ্ঠ। বৈবাহিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব। ভ্ৰমণলৈ গ’লে মূল্যবান সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰক। ব্যৱসায়িক অংশীদাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লওক।

শীতত অসহ্যকৰ গাঁঠিৰ বিষ কেনেকৈ কৰিব দূৰ, জানক টিপচ!
আলুৰ উপকাৰিতাই আচৰিত কৰিব আপোনাক, খাবলৈ এৰি কৰিব এই কাম!
উচ্চ ৰক্তচাপৰ সমস্যা আছে নেকি ? ষ্ট্ৰোকৰ পূৰ্বে দেখা দিয়া ৫ টা লক্ষণ...
পালেঙৰ এনে গুণৰ কথা জানেনে? জানিলে বজাৰত দেখিলেই পালেং ক্ৰয় কৰিব আপুনি
জনজাতিৰ লোকসকলে পাব বনভূমিৰ পট্টা, মুখ্য়মন্ত্ৰীৰ ঘোষণা
কংগ্ৰেছৰ প্ৰতিটো টিকটৰ দাম ৩ ৰ পৰা ৪ কোটি: মুখ্যমন্ত্ৰী
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...