28 Oct 2025 | 06:32 PM
সোণাপুৰৰ বৰখাট বাৰোৱাৰী দুৰ্গা মন্দিৰত গৰিমা শইকীয়া গাৰ্গ। নাহৰ গছৰ পুলি ৰোপন কৰিলে গৰিমাই। গৰিমা শইকীয়া গাৰ্গৰ এই কাৰ্যসূচীত সংগ দিয়ে জুবিন ভগ্নী পামী বৰঠাকুৰে।
মন্দিৰ চৌহদত ৰোপন কৰিলে নাহৰৰ পুলি। স্বামী ইচ্ছা অনুসৰি ৰাজ্যখন সেউজকৰণ কৰাৰ বাবে এই পদক্ষেপ বুলি উল্লেখ কৰে গৰিমাই।
গৰিমাই কয়, "সোণাপুৰৰ পৰা জাগীৰোডলৈকে ঠাইখিনি জুবিনৰ নাহৰবন হওক। নাহৰবনৰ মাজত জুবিন সুখেৰে থাকিব।" সকলোকে নাহৰৰ পুলি ৰোপন কৰিবলৈ আহ্বান।
লগতে গৰিমাই কয়, "সোণাপুৰৰ পৰা জাগীৰোডলৈকে ঠাইখিনি জুবিনৰ নাহৰবন হওক। নাহৰবনৰ মাজত জুবিন সুখেৰে থাকিব। সকলোকে নাহৰৰ পুলি ৰোপন কৰিবলৈ আহ্বান।
ৰৈ ৰৈ বিনালে সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে কয়, "জুবিনৰ এইখন শেষ ছবি, সকলোৱে মৰমেৰে চাওক। জুবিনে বৰ আগ্ৰহেৰে কৰিছিল চিনেমাখনৰ কাম। আমাৰ সামৰ্থৰে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইখন আপোনালোকৰ ছবি।"