সোণাপুৰত আজি অন্তিম জিৰণি ল’ব জুবিন গাৰ্গেঃ অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পীক শেষ শ্ৰদ্ধাৰ বাবে সাজু ৰাজ্যবাসী | Zubeen Garg to Be Laid to Rest in Sonapur Today After Postmortem Examination Assam news - Assam Tv9

সোণাপুৰত আজি অন্তিম জিৰণি ল’ব জুবিন গাৰ্গেঃ অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পীক শেষ শ্ৰদ্ধাৰ বাবে সাজু ৰাজ্যবাসী

Published: 

23 Sep 2025 06:54 AM

ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছত আজি পুনৰ জুবিন গাৰ্গৰ দেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। GMCHত মৰণোত্তৰ পৰীক্ষাৰ পিছতে পুনৰ তেওঁৰ মৃতদেহ সৰুসজাইলৈ লৈ যোৱা হ’ব। ইয়াৰ পিছতে জুবিন গাৰ্গক সসন্মানেৰে লৈ যোৱা হ’ব তেওঁৰ অন্তিম জিৰণিস্থল সোণাপুৰৰ কমাৰকুছিলৈ।

1 / 5যোৱা ১৯ ছেপ্টেম্বৰত ৰাজ্যবাসীয়ে লাভ কৰিছিল সেই অনাকাংক্ষিত খবৰ, জুবিন আৰু নাই। এয়া আছিল অসম-অসমীয়াই কোনো কালেই গ্ৰহণ কৰিব নোখোজা অনাদি সত্য। ইয়াৰ পিছতে স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ চৌদিশ। আকাশে বতাহে মুখৰিত হৈ পৰিছিল জুবিন কেৱল জুবিন।

যোৱা ১৯ ছেপ্টেম্বৰত ৰাজ্যবাসীয়ে লাভ কৰিছিল সেই অনাকাংক্ষিত খবৰ, জুবিন আৰু নাই। এয়া আছিল অসম-অসমীয়াই কোনো কালেই গ্ৰহণ কৰিব নোখোজা অনাদি সত্য। ইয়াৰ পিছতে স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ চৌদিশ। আকাশে বতাহে মুখৰিত হৈ পৰিছিল জুবিন কেৱল জুবিন।

2 / 5

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে শোকত ভাগি পৰিছিল সমগ্ৰ ৰাজ্য। স্বতঃস্ফুৰ্তভাৱে পথলৈ ওলাই আহিছিল প্ৰতিজন লোক। বন্ধ হৈ পৰিছিল দৈনন্দিন জনজীৱন। মহানগৰীলৈ বৈছিল জনতাৰ লানি নিছিগা সোঁত।

3 / 5

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমৰ ভূমিত উপস্থিত হোৱাৰ পিছতে দেখা গৈছিল এক অভূতপূৰ্ব দৃশ্য। লক্ষ লক্ষ জনতাৰ মিছিলৰ মাজেৰে বিমানবন্দৰৰ পৰা প্ৰথমে কাহিলিপাৰাৰ নিজ বাসগৃহলৈ আৰু তাৰ পিছত সৰুসজাইলৈ আগবাঢ়িছিল গানৰ পক্ষী জুবিন গাৰ্গ।

4 / 5

যোৱা তিনিদিন ধৰি সৰুসজাই ষ্টেডিয়ামত গুণমুগ্ধৰ অন্তিম শ্ৰদ্ধাৰ বাবে ৰখা হৈছিল প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ। কেইবালাখো জনতাই অন্তিমবাৰৰ বাবে দৰ্শন কৰিছিল মহাশিল্পীগৰাকীক, জনাইছিল শ্ৰদ্ধা। যোৱা নিশালৈকে গুণমুগ্ধৰ শ্ৰদ্ধাৰ বাবে সৰুসজাইৰ দ্বাৰ মুকলি কৰি ৰখা হৈছিল।

5 / 5

ৰাজ্যজুৰি উত্থাপন হোৱা দাবীৰ পিছত আজি পুনৰ জুবিন গাৰ্গৰ দেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। GMCHত মৰণোত্তৰ পৰীক্ষাৰ পিছতে পুনৰ তেওঁৰ মৃতদেহ সৰুসজাইলৈ লৈ যোৱা হ’ব। ইয়াৰ পিছতে জুবিন গাৰ্গক সসন্মানেৰে লৈ যোৱা হ’ব তেওঁৰ অন্তিম জিৰণিস্থল সোণাপুৰৰ কমাৰকুছিলৈ।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!