এটাই কথা-নকৰিব... লোৱা হ'ব আইনী ব্যৱস্থা: কাক, কিয় এনেকৈ ক'লে জুবিন গাৰ্গে... | zubeen garg post says if anyone upload bhajman da's clip necessary action will be taken Assam news - Assam Tv9

এটাই কথা-নকৰিব… লোৱা হ’ব আইনী ব্যৱস্থা: কাক, কিয় এনেকৈ ক’লে জুবিন গাৰ্গে…

Published: 

25 May 2025 13:58 PM

বৰ্তমান ছবিগৃহত চলি আছে অসমীয়া চলচ্চিত্ৰ ভাইমন দা। ইতিমধ্যে দৰ্শকে ছবিখনৰ প্ৰতি ভাল সঁহাৰি জনাইছে। কিন্তু ইয়াৰ মাজতে জুবিন গাৰ্গে সামাজিক মাধ্যমত জনাইছে এক বিশেষ আহ্বান।

1 / 5বহু অপেক্ষাৰ অন্তত যোৱা ২৩ মে'ত মুকলি লাভ কৰিছে বহু প্ৰতীক্ষিত অসমীয়া ছবি 'ভাইমন দা'। অতীতৰ ছবিজগতৰ বহু স্মৃতি একলগ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁৰ ওপৰত আধাৰ কৰিয়ে এই ছবি নিৰ্মাণ কৰা হৈছে।

বহু অপেক্ষাৰ অন্তত যোৱা ২৩ মে'ত মুকলি লাভ কৰিছে বহু প্ৰতীক্ষিত অসমীয়া ছবি 'ভাইমন দা'। অতীতৰ ছবিজগতৰ বহু স্মৃতি একলগ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা, যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । তেওঁৰ ওপৰত আধাৰ কৰিয়ে এই ছবি নিৰ্মাণ কৰা হৈছে।

2 / 5

অসমীয়া চলচ্চিত্ৰ জগতলৈ ভাইমন দাৰ অৱদান অতুলনীয়। প্ৰায় ১৪ খন ছবি নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে । চলিত বৰ্ষত অসমীয়া চিনেমাই ৯০ বছৰ অতিক্ৰম কৰিলে। গতিকে এই বছৰটোতে ভাইমান দা মুকলি কৰা হৈছে। ইতিমধ্যে ৰাইজে আঁকোৱালি লৈছে ছবিখনক।

3 / 5

ছবিগৃহত ভাইমন দা চলি থকাৰ মাজতে কণ্ঠশিল্পী জুবিন গাৰ্গে ৰাইজক জনাইছে এক বিশেষ আহ্বান। উল্লেখ্য যে, ছবিখনৰ বহু ক্লিপ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। গতিকে ছবিখনৰ কোনো ক্লিপ সামাজিক মাধ্যমত ভাইৰেল নকৰিবলৈ আহ্বান জনাই এক বিশেষ পোষ্ট কৰিছে জুবিনে।

4 / 5

এটাই কথা- নকৰিব-বুলি কেপশ্যন লিখি জুবিন গাৰ্গে সামাজিক মাধ্যমত এক জৰুৰী নিৰ্দেশনা দিছ। এই নিৰ্দেশনাত আপলোড কৰা ক্লিপসমূহ আঁতৰ কৰি দিবলৈ অনুৰোধ জনায়। কিয়নো ই কপি ৰাইট এক্ট উলংঘা কৰে। এনে কাৰ্যই ছবি নিৰ্মাতাসকলৰ কষ্টক ভেঙুচালি কৰাটোহে বুজায়। এয়া এক অপৰাধ বুলি উল্লেখ কৰে নিৰ্দেশনাত।

5 / 5

ইয়াৰোপৰি এনে কাম কৰাসকলৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনাই নিৰ্দেশনাত। ইয়াৰ পৰিবৰ্তে সকলোকে ছবিগৃহলৈ গৈ ছবিখন উপভোগ কৰাৰ আহ্বান জনাইছে জুবিন গাৰ্গে। লগতে কয়, সৃষ্টিশীল কৰ্মৰাজিৰ প্ৰতি যেন সন্মান প্ৰদৰ্শন কৰে আৰু আপোনাৰ মতামত আপুনি উপভোগ কৰি পোৱা অভিজ্ঞতাৰে দিয়ক।

ক্ৰিকেট কেৰিয়াৰৰ লগতে অৰ্থনৈতিক দিশতো দ্ৰুত বিকাশ গিলৰ, আছে ইমান টকাৰ সম্পত্তি
আপোনাৰো নিশা ভালকৈ টোপনি নাহে নেকি? তেন্তে কৰক এই কাম...
উজ্বল আৰু ধুনীয়া ছালৰ বাবে এনেকৈ ব্যৱহাৰ কৰক বিলাহী...
গৰমৰ দিনত ছাল হৈ পৰিব উজ্জ্বল আৰু ধুনীয়া! মাত্ৰ ব্যৱহাৰ কৰক এইকেইটা টিপচ্