অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ'ল সকলো... | Zubeen Garg Last Journey: Thousands Line Guwahati Streets to Pay Tribute in Assam Assam news - Assam Tv9

অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ’ল সকলো…

Published: 

21 Sep 2025 12:32 PM

Zubeen Garg Last Journey: হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য।

1 / 6কোনেও কাহানিও দেখা নাছিল এনে এক পৰিৱেশ। হয়তো কল্পনা কৰা নাছিল। শত-সহস্ৰজনৰ মাজেৰে আগবাঢ়িছে জুবিনৰ শেষ যাত্ৰা।

কোনেও কাহানিও দেখা নাছিল এনে এক পৰিৱেশ। হয়তো কল্পনা কৰা নাছিল। শত-সহস্ৰজনৰ মাজেৰে আগবাঢ়িছে জুবিনৰ শেষ যাত্ৰা।

2 / 6

বৰঝাৰ বিমান বন্দৰৰ পৰা শেষ যাত্ৰাত প্ৰাণৰ শিল্পী জুবিন। লাখ লাখ অনুৰাগীৰ ভিৰ ফালি কাহিলীপাৰা বাসগৃহলৈ শেষ যাত্ৰা কৰিছে জুবিনে। লগত আছে তেখেতৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

3 / 6

জুবিনৰ নশ্বৰদেহ কাহিলীপাৰা বাসগৃহ পোৱাৰ পাছত কিছু সময় তাতে ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ’ব। সৰুসজাইত সকলোৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

4 / 6

হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি।

5 / 6

বৰঝাৰ আহি পোৱাৰ পাছতে অশ্ৰুসিক্ত নয়নেৰে জুবিন দাক অসমলৈ আদৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। বৰঝাৰ পৰা কাহিলীপাৰালৈ জুবিনৰ শেষ যাত্ৰাৰ সময়ত দেখা গৈছে অজস্ৰ গুণমুগ্ধৰ ভিৰ ।

6 / 6

এখন পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে কাহিলীপাৰা বাসগৃহলৈ। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য। আচলতে জুবিন গাৰ্গ সেইজনে মানুহ।

বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক