অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ'ল সকলো... | Zubeen Garg Last Journey: Thousands Line Guwahati Streets to Pay Tribute in Assam Assam news - Assam Tv9

অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ’ল সকলো…

Published: 

21 Sep 2025 | 12:32 PM

Zubeen Garg Last Journey: হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য।

1 / 6কোনেও কাহানিও দেখা নাছিল এনে এক পৰিৱেশ। হয়তো কল্পনা কৰা নাছিল। শত-সহস্ৰজনৰ মাজেৰে আগবাঢ়িছে জুবিনৰ শেষ যাত্ৰা।

কোনেও কাহানিও দেখা নাছিল এনে এক পৰিৱেশ। হয়তো কল্পনা কৰা নাছিল। শত-সহস্ৰজনৰ মাজেৰে আগবাঢ়িছে জুবিনৰ শেষ যাত্ৰা।

2 / 6

বৰঝাৰ বিমান বন্দৰৰ পৰা শেষ যাত্ৰাত প্ৰাণৰ শিল্পী জুবিন। লাখ লাখ অনুৰাগীৰ ভিৰ ফালি কাহিলীপাৰা বাসগৃহলৈ শেষ যাত্ৰা কৰিছে জুবিনে। লগত আছে তেখেতৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

3 / 6

জুবিনৰ নশ্বৰদেহ কাহিলীপাৰা বাসগৃহ পোৱাৰ পাছত কিছু সময় তাতে ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ’ব। সৰুসজাইত সকলোৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

4 / 6

হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি।

5 / 6

বৰঝাৰ আহি পোৱাৰ পাছতে অশ্ৰুসিক্ত নয়নেৰে জুবিন দাক অসমলৈ আদৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। বৰঝাৰ পৰা কাহিলীপাৰালৈ জুবিনৰ শেষ যাত্ৰাৰ সময়ত দেখা গৈছে অজস্ৰ গুণমুগ্ধৰ ভিৰ ।

6 / 6

এখন পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে কাহিলীপাৰা বাসগৃহলৈ। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য। আচলতে জুবিন গাৰ্গ সেইজনে মানুহ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...