Zubeen garg Death: কফিনৰ ভিতৰৰ পৰা জুবিনে যেন কৈছে, মোক তোমালোকে চাব পাৰিবা, চুব নোৱাৰা... | Zubeen garg dean fans tribute him see photo all in details assamese Assam news - Assam Tv9

Zubeen garg Death: কফিনৰ ভিতৰৰ পৰা জুবিনে যেন কৈছে, মোক তোমালোকে চাব পাৰিবা, চুব নোৱাৰা…

Published: 

22 Sep 2025 19:30 PM

Zubeen garg death: জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ ৰাজ্য। লাখ লাখ অনুৰাগীয়ে জুবিনক সৰুসজাইত শ্ৰদ্ধা জ্ঞাপন কৰিছে। জুবিনৰ শুই থকা যেন শান্ত মুখখনলৈ চাই ভাগৰি পৰিছে সকলো। কোনোৱে মানি ল'ব বিচৰা নাই জুবিনৰ অকাল বিয়োগ।

1 / 5শুই আছে জুবিন। সকলোৱে উৎপতীয়া বুলি কৈ থকা জুবিনে আজি শান্তভাৱে কফিনৰ ভিতৰত শুই আছে। অন্য দিনাৰ দৰে আজিও জুবিনৰ ওচৰত লাখ লাখ মানুহ। পিছে আজি জুবিনে চেলফি উঠা নাই, আজি জুবিনে কাৰো সৈতে হাত মিলোৱা নাই। কাকো খাটিৰ নকৰা জুবিনে যেন সঁচাকৈ একো ঘেন্টা খাটিৰ নকৰাকৈ গুচি গ'ল।

শুই আছে জুবিন। সকলোৱে উৎপতীয়া বুলি কৈ থকা জুবিনে আজি শান্তভাৱে কফিনৰ ভিতৰত শুই আছে। অন্য দিনাৰ দৰে আজিও জুবিনৰ ওচৰত লাখ লাখ মানুহ। পিছে আজি জুবিনে চেলফি উঠা নাই, আজি জুবিনে কাৰো সৈতে হাত মিলোৱা নাই। কাকো খাটিৰ নকৰা জুবিনে যেন সঁচাকৈ একো ঘেন্টা খাটিৰ নকৰাকৈ গুচি গ'ল।

2 / 5

জুবিনবিহীন অসম কোনোৱে কল্পনা কৰা নাছিল। যোৱা দুটা দিনৰ দৃশ্যৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে জুবিন মানেই অসম আৰু অসম মানেই জুবিন। প্ৰতিগৰাকী অসমীয়াৰ হৃদস্পন্দ আছিল জুবিন। আজি জুবিনৰ হৃদস্পন্দন বন্ধ হৈছে। কিন্তু হৃদয়ত বিষ হৈছে প্ৰতিগৰাকী অসমীয়াৰ। জুবিনৰ অকাল মৃত্যুৰ বেদনাত দহি দহি মৰিছে প্ৰতি অনুৰাগী।

3 / 5

পিছে জুবিন যেন ব্যতিক্ৰম। মৃত্যুৰ পাছতো জুবিনে যেন সেয়াই প্ৰমাণ কৰি দিলে। জুবিনৰ নশ্বৰ দেহ সৰুসজাই পোৱাৰ পাছতে ধাৰাসাৰ বৰষুণ। এফালে আকৌ ৰ'দ। এয়াই যেন মহিমা। জুবিনে কৈছিল, তেওঁৰ মৃত্যুৰ পাছত ৭ দিন অসম বন্ধ হৈ থাকিব। সঁচাকৈ তেনেকুৱাই যেন হ'ল। সমগ্ৰ অসম এতিয়া স্তব্ধ। সকলোৰে মুখত এতিয়া জুবিন বন্দনা। কি হিন্দু কি মুছলমান সকলো এতিয়া ব্যস্ত জুবিনৰ নামত।

4 / 5

কোনোৱে মানি ল'ব পৰা নাই জুবিনৰ অকাল মৃত্যু। পিছে জুবিনে যেন চিঞৰি চিঞৰি কৈছে, তোমালোকে মোক চাব পাৰিবা, কিন্তু চুব নোৱাৰা। সঁচাকৈ জুবিনক স্পৰ্শ কৰা জানো সহজ? জুবিন ওখ হিমালয়তকৈও, জুবিন ওখ কাঞ্চনজংঘাতকৈও, জুবিন আমি ঢুকি নোপোৱা ধৰণে উচ্চ। জুবিনে যেন আজিও নিজৰ ইচ্ছা মতে জিৰণি লৈছে। সেয়ে হয়তো লাখ লাখ অসমীয়াই জুবিনক জগাব পৰা নাই।

5 / 5

জুবিন এয়াই। জুবিন অসমীয়াৰ আবেগ, জুবিন আমাৰ অনুভূতি। জুবিনে দেখুৱাই দিলে প্ৰাপ্তি। অগনন মানুহৰ মৰম বুটলি জুবিনে যেন কৈ উঠিছে-চা মই সকলোতকৈ ওখ। সঁচাকৈ জুবিন ওখ, জুবিন মহান। জুবিন জুবিনেই। এই মহান শিল্পীগৰাকীৰ অবৰ্তমানত ভাগৰি পৰিছে অসমীয়া। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই স্তব্ধ হৈ পৰিছে ৰাজ্য।

কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!
গুপ্তাংগৰ সমস্যা দূৰ কৰিব পাৰে নাৰিকল তেলে, জানক উপায়!
ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন