02 Oct 2025 | 10:09 PM
৬ দিনকৈ মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ'ল শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে দোষী বিচাৰি SITৰ অভিযান।
জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল শেখৰ আৰু অমৃতপ্ৰভা।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পাছতে আজি শেখৰ-অমৃতপ্ৰভাক গ্ৰেপ্তাৰ কৰে। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাছিল অনুৰাগীসকলে। যাৰ বাবে প্ৰতিদিনে কৰি গৈছিল প্ৰতিবাদ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ACTION MODEত SIT। জুবিনৰ সৈতে ছিংগাপুৰলৈ যোৱাৰ লগতে জুবিনৰ মৃত্যুৰ সময়ত য়টত আছিল জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। ইতিমধ্যে ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিছে। প্ৰতিবেদনৰ প্ৰতিলিপি অসম চৰকাৰে গৰিমা শইকীয়া গাৰ্গক অৰ্পণ কৰিব। অৱশ্যে ছিংগাপুৰ আৰক্ষীয়ে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছে।