'তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা'... জুবিনলৈ মনত পেলাই পত্নী গৰিমাৰ আবেগিক পোষ্ট | Wife Garima's emotional post in memory of Zubeen Garg Assam news - Assam Tv9

‘তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা’… জুবিনলৈ মনত পেলাই পত্নী গৰিমাৰ আবেগিক পোষ্ট

Updated On: 

19 Oct 2025 | 09:55 AM

জুবিনৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গ শইকীয়াই মাত মাতি আহিছে। জুবিনক সুঁৱৰি সামাজিক মাধ্যমত দি আহিছে ইটোৰ পিছত সিটো পোষ্ট।

1 / 5কেতিয়াও উভতি নাহে জুবিন গাৰ্গ। ১৯ ছেপ্তেম্বৰত অসমবাসীয়ে পাইছিল সেই বেয়া খবৰটো। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যু প্ৰকৃত ৰহস্য। জুবিন অবিহনে কষ্টত দিন পাৰ কৰিছে গৰিমাই।

কেতিয়াও উভতি নাহে জুবিন গাৰ্গ। ১৯ ছেপ্তেম্বৰত অসমবাসীয়ে পাইছিল সেই বেয়া খবৰটো। কিন্তু আজি পৰ্যন্ত পোহৰলৈ অহা নাই জুবিনৰ মৃত্যু প্ৰকৃত ৰহস্য। জুবিন অবিহনে কষ্টত দিন পাৰ কৰিছে গৰিমাই।

2 / 5

জুবিনৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গ শইকীয়াই মাত মাতি আহিছে। জুবিনক সুঁৱৰি সামাজিক মাধ্যমত দি আহিছে পত্নীয়ে আৱেগিক পোষ্ট।

3 / 5

স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে গৰিমা। নিশা সামাজিক মাধ্যমত লিখিছে, "তুমি আছা .. সদায় থাকিবা। মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ। তুমিয়েই সকলো ক'বা.. হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা ,, বাট পোহৰাই খোজ দিয়াবা .. মই জানো। তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা.. মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ । মোৰ ঈশ্বৰপুৰুষ ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো!"

4 / 5

গৰিমাৰ সুখ- দুখৰ লগৰী আছিল জুবিন।বন্ধুত্বৰ পৰা জীৱন সংগীলৈ এক সুৰীয়া যাত্ৰা অতিক্ৰম কৰিছিল জুবিনৰ সৈতে। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। নিজৰ মানুহজনক হেৰুৱাৰ শোকে প্ৰতিদিনে খুন্দিয়াইছে গৰিমাক।

5 / 5

পত্নী আৰু পৰিয়ালৰ লগতে সকলোৱে অপেক্ষা কৰি আছে জুবিনৰ ন্যায়ৰ বাবে। শিল্পীগৰাকীৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই কোনোৱে।

এইবোৰ ভিটামিনৰ অভাৱৰ ফলত দুৰ্বল হৈ পৰে লিভাৰ, জানক...
প্ৰস্ৰাৱত আহে নেকি তেজ? কি ৰোগৰ লক্ষণ জানক...
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি