আগন্তুক ৫ দিনত কেনে হ'ব ৰাজ্যৰ বতৰ? এই জিলাসমূহলৈ সতৰ্কবাণী জাৰি IMDৰ | Weather update Assam Rain Alerts IMD warns of intense weather activity in northeast for next 5 days Assam news - Assam Tv9

আগন্তুক ৫ দিনত কেনে হ’ব ৰাজ্যৰ বতৰ? এই জিলাসমূহলৈ সতৰ্কবাণী জাৰি IMDৰ

Updated On: 

15 Jun 2025 17:22 PM

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অনুসৰি ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ অহা পাঁচ দিনত তীব্ৰ বতৰৰ পৰিস্থিতিৰ পূৰ্বাভাস জাৰি কৰিছে। এই সময়ছোৱাত উত্তৰ-পূবৰ বাসিন্দাসকলক মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, বজ্ৰপাত, ধুমুহাৰ লগতে দিনৰ ভাৱে উচ্চ তাপমাত্ৰাৰ বাবে সাজু হ’বলৈ কোৱা হৈছে।

1 / 5ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক বিস্তৃত বতৰ সতৰ্কবাণী জাৰি কৰিছে। অহা পাঁচ দিনত বতৰৰ পৰিস্থিতিৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে । এই সময়ছোৱাত উত্তৰ-পূবৰ বাসিন্দাসকলক মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, বজ্ৰপাত, ধুমুহাৰ লগতে দিনৰ ভাৱে উচ্চ তাপমাত্ৰাৰ বাবে সাজু হ’বলৈ কোৱা হৈছে। বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক বিস্তৃত বতৰ সতৰ্কবাণী জাৰি কৰিছে। অহা পাঁচ দিনত বতৰৰ পৰিস্থিতিৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে । এই সময়ছোৱাত উত্তৰ-পূবৰ বাসিন্দাসকলক মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ, বজ্ৰপাত, ধুমুহাৰ লগতে দিনৰ ভাৱে উচ্চ তাপমাত্ৰাৰ বাবে সাজু হ’বলৈ কোৱা হৈছে। বতৰ বিজ্ঞান বিভাগে অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

2 / 5

বিগত ২৪ ঘণ্টাত সমগ্ৰ উত্তৰ-পূবত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱা পৰিলক্ষিত গৈছে।  ইফালে সোমবাৰে ৰাজ্যৰ ২৪খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে আৰু দুখন জিলাত  Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বতৰ বিজ্ঞান বিভাগে আজি Orange Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

কামৰূপ, কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, কাৰ্বি আংলং, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰিছে। লগতে কোকৰাঝাৰ, চিৰাং, ধুবুৰী, দক্ষিণ শালামাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে সোমবাৰে Yellow Alert জাৰি কৰিছে।

4 / 5

আই এম ডিৰ পাঁচ দিনীয়া পূৰ্বাভাস অনুসৰি সমগ্ৰ অঞ্চলটোত ব্যাপক মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।  ১৬ জুনৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়ত অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহতো অব্যাহত থকা প্ৰচণ্ড বৰষুণৰ ফলত বানপানীৰ সমস্যা হ'ব পাৰে। 

5 / 5

ইফালে অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, আৰু মণিপুৰত ধাৰাবাহিক গৰম আৰু আৰ্দ্ৰ পৰিস্থিতি অব্যাহত থাকিব, উষ্ণতা স্বাভাৱিক তাপমাত্ৰাতকৈ  ৩–৫ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ’ব বুলি আশা কৰা হৈছে। ১৪–২০ জুনলৈ গুৱাহাটীৰ আকাশ আংশিকভাৱে ডাৱৰীয়া  হৈ থাকিব আৰুত ধুমুহাৰ সম্ভাৱনা আছে।  ১৯–২০ জুনলৈকে হোৱা বৰষুণে গৰমৰ পৰা কিছু সকাহ দিব।

কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে
সপোনত সূৰ্যাস্তৰ দৃশ্য দেখিছে নেকি? জানেনে এনে সপোনে কিহৰ ইঙ্গিত দিয়ে?
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...