Vijaya Dashami: ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন! অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনালে ভক্তই | vijayadashami farewell to maa durga idols immersion in assam Assam news - Assam Tv9

Vijaya Dashami: ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জন! অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় জনালে ভক্তই

Updated On: 

13 Oct 2024 | 12:57 PM

বিজয়া দশমীৰ অন্তত ৰাজ্যত আজিও অব্যাহত আছে দেৱী বিসৰ্জন। ৰাজ্যৰ বিভিন্ন নদ-নদীৰ ঘাটৰ লগতে মহানগৰীতো আৰম্ভ হৈছে বিসৰ্জন প্ৰক্ৰিয়া।শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা।

1 / 5 ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা  দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

ৰাজ্যবাসীয়ে উলহ-মালহেৰে উদযাপন কৰিলে দুৰ্গা পূজা। ৯ অক্টোবৰত ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক শনিবাৰ আৰু দেওবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে ভক্তই।

2 / 5

ভক্তৰ অশ্ৰু নিগৰাই ঘোঁৰাত উঠি মৰ্ত্যৰ পৰা উভতিল দেৱী দুৰ্গা। ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰি দেৱী দুৰ্গাক বিদায়।

3 / 5

মহানগৰীত শনিবাৰৰ পৰা চলিছে প্ৰতিমা বিসৰ্জন। কাছমাৰী ঘাটত সকলো ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। আজি বিসৰ্জন দিয়া হ'ব ১২৩খন পূজাৰ প্ৰতিমা। 📷 Ranjanjyoti Sarma

4 / 5

মহানগৰীৰ পাণ্ডু ঘাটটো চলিছে দেৱী প্ৰতিমা বিসৰ্জন পৰ্ব । লাচিত, চুনচালি জয়পুৰ ঘাটটো দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ শ শ ভক্তৰ ভিৰ। 📷 Ranjanjyoti Sarma

5 / 5

ইতিমধ্যে এই পৰ্বকলৈ স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনে কেতবোৰ নীতি- নিৰ্দেশনা তথা এছ অ’ পি জাৰি কৰিছে। যাতে কোনো ধৰণৰ অসুবিধা নাইবা অনাকাঙ্খিত ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে প্ৰশাসনে। ইয়াৰ উপৰি ভক্তৰ সুবিধাৰ্থে ঘাটসমূহত এছ ডি আৰ এফ তথা এন ডি আৰ এফ বাহিনী সাজু কৰি ৰখা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...