উৰুকা কেতিয়া? লগে ভাগে এসাঁজ খাবলৈ বিহুলৈ অপেক্ষা অসমীয়াৰ... | uruka 2025 know date how to celebrate everything in details Assam news - Assam Tv9

উৰুকা কেতিয়া? লগে ভাগে এসাঁজ খাবলৈ বিহুলৈ অপেক্ষা অসমীয়াৰ…

Published: 

17 Dec 2024 16:35 PM

Uruka 2025: মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিহু বুলি ক'লেই অসমীয়াৰ গাত তত নাইকীয়া হয়। মাঘ বিহুত উৰুকাৰ বিশেষ মহত্ব আছে এই দিনা সকলোৱে লগে ভাগে এসাঁজ খাই আনন্দ কৰে।

1 / 5মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান বাকী। ইংৰাজী নৱবৰ্ষৰ পাছতেই আহিব মাঘ বিহু। বিহু বুলি ক'লেই অসমীয়াৰ গা সাতখন আঠখন। বিহু অসমীয়াৰ অস্তিত্ব, বিহু অসমীয়াৰ আবেগ, বিহু অসমীয়ৰ প্ৰাণ। প্ৰতিবছৰৰ দৰে এইবাৰো উলহ মালহেৰে পালন কৰা হ'ব বিহু। তিনিটা বিহুৰ ভিতৰত অন্যতম এটা বিহু মাঘ বিহু।

মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান বাকী। ইংৰাজী নৱবৰ্ষৰ পাছতেই আহিব মাঘ বিহু। বিহু বুলি ক'লেই অসমীয়াৰ গা সাতখন আঠখন। বিহু অসমীয়াৰ অস্তিত্ব, বিহু অসমীয়াৰ আবেগ, বিহু অসমীয়ৰ প্ৰাণ। প্ৰতিবছৰৰ দৰে এইবাৰো উলহ মালহেৰে পালন কৰা হ'ব বিহু। তিনিটা বিহুৰ ভিতৰত অন্যতম এটা বিহু মাঘ বিহু।

2 / 5

এই বিহুৰ সময়ত কৃষিজীৱি অসমীয়াই পথাৰৰ শস্য চপাই ভঁৰালত থৈ দিয়ে। কঙালীৰ সময় শেষ হোৱাৰ পাছত এই সময়চোৱাত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেয়ে এই বিহুত ভোগালী বিহু বুলিও কোৱা হয়। এই বিহুৰ সময়ত পিঠা,বিভিন্ন প্ৰকাৰৰ লাড়ু, আখৈ, আদি বনোৱা হয়।

3 / 5

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। আনহাতে পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্‌যাপন কৰা হয়। এইবাৰ উৰুকা ১৩ জানুৱাৰীত পালন কৰা হ'ব আৰু ১৪ জানুৱাৰীত হ'ব মাঘ বিহু। উৰুকাৰ দিনা ডেকাসকলে ভেলাঘৰ সাজি একেলগে ভোজ-ভাত খাই আনন্দ কৰে। এই দিনটোত সকলোৱে লগে ভাগে এসাঁজ খায়। উৰুকাৰ নিশা গাঁৱৰ ডেকাসকলে মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰ কৰি আনে। ইয়াৰোপৰি কিছুমান ঠাইত জপনা, ঢেঁকী আদি চুৰ কৰাৰ পৰম্পৰাও আছে।

4 / 5

তাৰ পাছদিনাই হয় মেজি জ্বলোৱা পৰ্ব। সূৰ্য উদয় হোৱাৰ পাছতে প্ৰথমে ভেলাঘৰ আৰু পাছত মেজি জ্বলোৱা হয়। মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদিৰে মেজিক সেৱা জনোৱা হয়। তাৰ পাছতে মেজিৰ তলত আশীৰ্বাদ লোৱা হয়। মেজি জ্বলোৱাৰ সময়তে ৰাইজে মাহ প্ৰসাদ খাই নাম কীৰ্তন কৰে।

5 / 5

ঠাই ভেদে পৰম্পৰা বেলেগ বেলেগ। কিছুমান ঠাই নৰা, কলপাত আদিৰে আৰু আন কিছুমান ঠাইত কাঠেৰে মেজি বনোৱা হয়। মেজি বনোৱাৰো আছে বিশেষ নিয়ম। মেজিৰ পৰা আধা পোৰা বাঁহ নি কিছুমানে শাক- পাচলিৰ বাৰীত দিয়ে। কোৱা হয়, এনে কৰিলে খেতি ভাল হয়। তাৰ পাছতে মানুহে ঘৰে ঘৰে গৈ চাহ জলপান খায়। এই মাহটো শুভ বুলি গন্য কৰা হয়, যাৰ বাবে এই মাহত বিভিন্ন শুভ কৰ্ম, পূজা আদি অনুষ্ঠিত কৰা হয়।

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...