সাহিত্যিক ড° নগেন শইকীয়াৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বুজ ল'লে স্বাস্থ্যৰ | union minister Sarbananda Sonowal visited the residence of writer Dr. Nagen Saikia assam Assam news - Assam Tv9

সাহিত্যিক ড° নগেন শইকীয়াৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বুজ ল’লে স্বাস্থ্যৰ

Published: 

02 Aug 2025 | 11:11 PM

আজি প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। লগতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে।

1 / 5বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছে প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক ড° নগেন শইকীয়া। কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক।

বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছে প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক ড° নগেন শইকীয়া। কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক।

2 / 5

বৰ্তমান কিছু সুস্থ হোৱাত বাসগৃহলৈ নিয়া হৈছে তেওঁক। আজি প্ৰসিদ্ধ শিক্ষাবিদ, সাহিত্যিক, চিন্তাবিদ ড° নগেন শইকীয়াক ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

3 / 5

বিশিষ্ট সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। লগতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰি পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে। ড° নগেন শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সোণোৱালে।

4 / 5

তেওঁ কয়, "ড° নগেন শইকীয়া ছাৰৰ জীৱনাদৰ্শ আৰু অমূল্য কৰ্মৰাজিয়ে জাতীয় জীৱনক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। আজি ছাৰৰ ডিব্ৰুগড়স্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ খবৰ লওঁ আৰু বিভিন্ন বিষয়ত বাৰ্তালাপ কৰোঁ।"

5 / 5

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়, "ছাৰৰ আশীৰ্বাদ আৰু বহুমূলীয়া দিহা-পৰামৰ্শই আমাক অনুপ্ৰাণিত কৰিলে। ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।"

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...