Uruka 2026: আজি উৰুকা, বজাৰত উভৈনদী ভোগালীৰ সামগ্রী | Today is Bhogali Uruka, market flourished with Bihu items Assam news - Assam Tv9

Uruka 2026: আজি উৰুকা, বজাৰত উভৈনদী ভোগালীৰ সামগ্রী

Updated On: 

13 Jan 2026 | 04:05 PM

অসমৰ চৌদিশে এতিয়া ভোগালী বিহুৰ উচাহ। আজি ভোগালী বিহুৰ উৰুকা, কি উজনি, কি নামনি, সকলোতে মাথোঁ বাঢ়িছে ব্যস্ততা।

1 / 5আজি উৰুকা, ৰাজ্যৰ প্ৰতিখন বজাৰত উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰীৰে। অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় ।

আজি উৰুকা, ৰাজ্যৰ প্ৰতিখন বজাৰত উভৈনদী হৈ পৰিছে ভোগালীৰ সামগ্ৰীৰে। অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত মাঘ বিহু অন্যতম। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলি কোৱা হয় আৰু ইয়াক মাঘী সংক্রান্তি বুলি কোৱা হয় ।

2 / 5

আজি পুৱাই ভোগালীৰ উৰুকাত আটাইতকৈ ডাঙৰ মাছটো কিনিবলৈ হেতাওপৰা লাগে ৰাইজৰ। ভোগালী বিহু বুলি ক’লে সকলোৰে ইচ্ছা বজাৰৰ চকুত লগা মাছটো ক্ৰয় কৰাৰ।

3 / 5

নিশা উদৰ পূৰাই খাবলৈ ৰৌ ভকুৱা, চিতল, আঁৰি আদি ভিন্ন প্ৰজাতিৰ মাছৰ মাজৰ পৰা পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ ৰাইজৰ হেতাওপৰা।

4 / 5

ভোগালী বিহুত ৰাজহুৱাকৈ মাছধৰাও অসমীয়া ৰাইজৰ এক পৰম্পৰা। উৰুকাৰ পুৱাই সকলোৱে ওলাই গৈ নৈ-জলশয় আদিত বিভিন্ন ধৰণৰ হাঁহি-ধেমালি কৰি যিয়ে যেনেকৈ পাৰে মাছ ধৰে। বিভিন্ন স্থানত গাঁৱৰ ৰাইজে তেনেকৈ ভোজভাত খায়।

5 / 5

উৰুকাৰ নিশা গাওঁৰ ডেকাসকলে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে। খেৰৰ নৰাৰে ভেলাঘৰ সাজি তাত ভোজভাত খায় আৰু পুৱা সকলোৱে গা ধুই মেজি জ্বলায়।

১০০ বছৰৰ পাছত মাঘ বিহুত বিৰল সংযোগ, জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!
লিভাৰৰ সংক্ৰমণৰ প্ৰধান ৪টা লক্ষণ কি কি? জানক..
মগু দাইল খোৱাৰ পূৰ্বে সাৱধান, এই ৫ সমস্যা থকা লোকৰ বাবে হ’ব পাৰে বিপদ!
গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি