জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলক চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ'বঃ মুখ্যমন্ত্ৰী | Those who drink alcohol in Zubeen Khetra will be arrested says himanta biswa sarma see details in assamese Assam news - Assam Tv9

জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলক চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ’বঃ মুখ্যমন্ত্ৰী

Published: 

19 Nov 2025 20:43 PM

Zubeen Khetra: জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু জুবিন ক্ষেত্ৰত মদ ঢলাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী তথা প্ৰশাসন। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, এনে লোকসকলক চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ'ব।

1 / 5জুবিন ক্ষেত্ৰ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰা একাংশক সকীয়নি প্ৰদান কৰি শৰ্মাই কয় যে,ছাৰ্জশ্বীট দাখিল কৰাৰ পাছতেই সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি কয় তেওঁ।

জুবিন ক্ষেত্ৰ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰা একাংশক সকীয়নি প্ৰদান কৰি শৰ্মাই কয় যে,ছাৰ্জশ্বীট দাখিল কৰাৰ পাছতেই সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি কয় তেওঁ।

2 / 5

সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি শৰ্মাই কয় যে, যিয়েই জুবিন ক্ষেত্ৰত মদ খাই যায় বা মদ ঢালিব তাকেই গ্ৰেপ্তাৰ কৰা হ'ব। জুবিন গাৰ্গ হত্যাৰ ছাৰ্জশ্বীট দাখিলৰ পাছতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইসকলক এনেই গ্ৰেপ্তাৰ কৰা নহয়, চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ'ব বুলি কয় শৰ্মাই।

3 / 5

লগতে কয় যে, জুবিন গাৰ্গ জীয়াই থকা সময়ত তেওঁক জাতীয় সম্পদ বুলি কোৱা একমাত্ৰ ৰাজনীতিক মই। তেতিয়া অখিল গগৈয়ে একো কোৱা নাছিল। কিন্তু জুবিনৰ মৃত্যুৰ পাছত ৰাতিৰ ভিতৰত বহু অনুৰাগী ওলাল। যেতিয়া একাংশ বুদ্ধজিৱীয়ে মদ খাই যোৱাতো সমৰ্থন কৰে তেতিয়া মই দুখ পাওঁ।

4 / 5

তেওঁ আৰু কয়,ড০ ভূপেন হাজৰিকাক গানেৰে চিনি পাই, মানুহে মানুহৰ বাবে, শ্বহীদ প্ৰণামো তোমাক আদি গীতৰ বাবে চিনি পায়। জুবিনক কি মদ,চাধাৰ বাবে চিনি পাব? এয়া জুবিনৰ প্ৰতি ন্যায় হ'ব নেকি? জুবিনৰ ৩৮ হাজাৰ গীত, বৰগীত, বিহু নোহোৱা হৈ গ'ল! ছাৰ্জশ্বীট দিয়াৰ পাছত যিয়ে মদ ঢালিব গ্ৰেপ্তাৰ কৰা হ'ব।

5 / 5

শৰ্মাই কয়, জুবিনে মদ খাব বিচৰা নাছিল। যোৰ কৰি খুৱাইছিল। এই প্ৰমাণ হোৱাৰ পাছতে গ্ৰেপ্তাৰ হ'ব জুবিন ক্ষেত্ৰত যোৱা মদাহী। ইয়াৰোপৰি বিৰোধিক সমালোচনা কৰি শৰ্মাই কয় যে, বিৰোধিয়ে যেতিয়া দেখিছে চৰকাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত কঠোৰ, তেতিয়া অখিল গগৈয়ে কৈছে কেনেকৈ গ'ম পালে হত্যা কৰিলে বুলি। বিৰোধিৰ ৰাজনীতি কেৱল বিজেপিৰ সমালোচনাতে সীমিত বুলি কয় শৰ্মাই ।

প্ৰস্ৰাৱৰ পৰা ওলোৱা দুৰ্গন্ধক ভুলতেও নকৰিব আওকাণ, পৰিব বিপদত!
মাহেকীয়াত যৌন সম্পৰ্ক কৰাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞই কি কয়
একেৰাহে ২১ দিন নহৰু খালে কি হ'ব জানেনে? জানক সকলো...
সাৱধান! এই ৫ খাদ্যই নষ্ট কৰিব পাৰে আপোনাৰ বৃক্ক, জানক...