ভোগালীৰ বতৰত ৰাজ্যৰ ব্যৱসায়ীলৈ কঠোৰ নিৰ্দেশনা! SOP প্ৰকাশ পশুপালন বিভাগৰ... | SOP for vigilance on the Market price of milk and meat products during festive season by ANIMAL HUSBANDRY AND VETERINARY DEPARTMENT assam Assam news - Assam Tv9

ভোগালীৰ বতৰত ৰাজ্যৰ ব্যৱসায়ীলৈ কঠোৰ নিৰ্দেশনা! SOP প্ৰকাশ পশুপালন বিভাগৰ…

Updated On: 

10 Jan 2025 16:18 PM

উৎসৱৰ বতৰত দামবৃদ্ধিক লৈ SOP প্ৰকাশ পশুপালন বিভাগৰ। জিলা আয়ুক্তই নজৰ ৰাখিব বজাৰত। অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু কি কি আছে SOPত?

1 / 5ৰাজ্যত এতিয়া ভোগালীক লৈ উখল-মাখল পৰিৱেশ। ইতিমধ্যে বিভিন্ন খাদ্য-সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। ভোগালী বিহুক সময়ত সাধাৰণতে বৃদ্ধি পায় বিভিন্ন পৰম্পৰাগত খাদ্য-সামগ্ৰীসমূহৰ দাম।

ৰাজ্যত এতিয়া ভোগালীক লৈ উখল-মাখল পৰিৱেশ। ইতিমধ্যে বিভিন্ন খাদ্য-সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। ভোগালী বিহুক সময়ত সাধাৰণতে বৃদ্ধি পায় বিভিন্ন পৰম্পৰাগত খাদ্য-সামগ্ৰীসমূহৰ দাম।

2 / 5

কিন্তু এইবাৰ দামবৃদ্ধি ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভোগালী বিহুক লৈ SOP প্ৰকাশ পশুপালন বিভাগৰ। এই নিয়মসমূহ মানি চলিব লাগিব প্ৰতিগৰাকী ব্যৱসায়ীয়ে।

3 / 5

ভোগালীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰিব ভেজাল সামগ্ৰী। বিহুৰ বজাৰত বৃদ্ধি কৰিব নোৱাৰিব গাখীৰ, মাছ,মাংসৰ দাম। ইয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা।

4 / 5

ইয়াৰ বাবে জিলাই জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল। অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। চৰকাৰী নিৰ্দেশ পালন কৰিবলৈ ব্যৱসায়ীসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশ।

5 / 5

এইক্ষেত্ৰত প্ৰত্যেক জিলা আয়ুক্তই কঠোৰ দৃষ্টি ৰাখিব লাগিব। বিহুৰ সময়ত জিলা আয়ুক্তই নজৰ ৰাখিব লাগিব বজাৰত। বজাৰে বজাৰে অভিযান চলাব প্ৰশাসনে ।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...