20 Sep 2025 07:45 AM
জুবিন গাৰ্গ আৰু নাই, চিৰদিনৰ বাবে গভীৰ নিদ্ৰাত জুবিন! বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে।
শোকত ভাঙি পৰিছে জুবিনৰ পৰিয়াল। জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসভৱনত নিশা একাংশ জুবিন অনুৰাগীয়ে ভিৰ কৰিছে আৰু পত্নী গৰিমা শইকীয়া গাৰ্গক সান্তনা দিছে। নিশা পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উপস্থিত হয় জুবিনৰ বাসগৃহত।
আজি বিয়লিহে গুৱাহাটীলৈ অনা হ’ব জুবিনৰ নশ্বৰদেহ। সৰুসজাইত ৰখা হ’ব জুবিনৰ নশ্বৰদেহ। জুবিন গাৰ্গৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ ঘোষণা।
হিয়াৰ আমঠু জুবিন গাৰ্গক শেষবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামত চাব পাৰিব অনুৰাগীয়ে। সাধাৰণ ৰাইজেও জুবিন গাৰ্গক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি।
ইফালে যোৰহাটত শেষকৃত্য সম্পন্ন কৰাৰ দাবী হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ অনুৰাগী-গুণমুগ্ধৰ। মুখ্যমন্ত্ৰীয়ে কয়, শেষকৃত্যৰ স্থান সন্দৰ্ভত পৰিয়ালৰ সৈতে হ’ব আলোচনা। ইয়াৰোপৰি জুবিনৰ নশ্বৰদেহ অসম আহি পোৱাৰ পিছত অসম চৰকাৰে অৰ্ধ ছুটিৰ কৰিছে চিন্তা চৰ্চা।