নৱৰাত্ৰিৰ সময়ত এই ধুনীয়া আল্পনাৰে আপোনাৰ ঘৰখন সজাওক | shardiya Navratri 2024 easy rangoli designs ideas in assamese Assam news - Assam Tv9

নৱৰাত্ৰিৰ সময়ত এই ধুনীয়া আল্পনাৰে আপোনাৰ ঘৰখন সজাওক

Published: 

30 Sep 2024 18:48 PM

আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ফুলৰ পাহি ব্যৱহাৰ কৰা দেখা যায়। ইয়াক সাধাৰণতে ভাৰতীয় উপমহাদেশৰ দেৱালী, তিহাৰ, ওনাম, পোংগল সংক্ৰান্তি আৰু অন্যান্য হিন্দু উৎসৱৰ সময়ত তৈয়াৰ কৰা হয়।

1 / 5চলিত বৰ্ষৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। এই উৎসৱ দেৱী দুৰ্গাৰ বাবে উৎসৰ্গিত। এই সময়ত আপুনি ঘৰতে এই ধৰণৰ আল্পনা ডিজাইন বনাব পাৰে।

চলিত বৰ্ষৰ ৩ অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি। এই উৎসৱ দেৱী দুৰ্গাৰ বাবে উৎসৰ্গিত। এই সময়ত আপুনি ঘৰতে এই ধৰণৰ আল্পনা ডিজাইন বনাব পাৰে।

2 / 5

শাৰদীয়া নৱৰাত্ৰিৰ সময়ত চোতালৰ সৌন্দৰ্য বঢ়াবলৈ আৰু দুৰ্গাক সন্তুষ্ট কৰিবলৈও এনেধৰণৰ আল্পনা তৈয়াৰ কৰিব পাৰি। ইয়াত ত্ৰিশুল আৰু কলহৰ দৰে আঁকিব পাৰি।

3 / 5

ঘৰতে বা মন্দিৰত এই ধৰণৰ আল্পনা আঁকিব পাৰি। ইয়াক বনাবলৈও অতি সহজ। ইয়াত গোলাপী, ৰঙা আৰু বেঙুনীয়া ৰঙৰ এটা বৃত্ত নিৰ্মাণ কৰি তাত ভৰিৰ প্ৰতীক নিৰ্মাণ কৰাৰ লগতে ফুলৰ ডিজাইন নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ চাৰিওফালে পাতৰ ডিজাইন কৰা হৈছে।

4 / 5

নৱৰাত্ৰিৰ বাবে আল্পনাৰ এই ডিজাইনটোও অতি সুন্দৰ আৰু সহজে বনোৱা। ইয়াত ৰঙেৰে পাতৰ আকৃতি বনাই তাৰ চাৰিওফালে ভৰিৰ চিন বনাই ভিতৰত নাম লিখা হৈছে। লগতে ইয়াৰ চাৰিওফালে খাৰু দি বিশেষ কৰি তোলা হৈছে।

5 / 5

যদি আপুনি সহজ আল্পনাৰ ডিজাইন আঁকিব বিচাৰিছে তেন্তে ইয়াৰ পৰা আইডিয়া ল'ব পাৰে। ইয়াত ভৰিৰ ছাপ তৈয়াৰ কৰি চৌপাশ ৰঙেৰে সজাই তোলা হৈছে। চোতালত এই ধৰণৰ আল্পনা ডিজাইন সহজেই বনাব পাৰিব।

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…