Roi Roi Binale: 'কি হেৰুৱাইছো আমি!' জুবিন গাৰ্গৰ অন্তিম ছবিখন চাই কান্দোনত ভাগি পৰিছে অনুৰাগী | Roi Roi Binale movie becomes history: Zubeen Garg Fans Throng Theatres As Singer's Final Film Releases Assam news - Assam Tv9

Roi Roi Binale: ‘কি হেৰুৱাইছো আমি!’ জুবিন গাৰ্গৰ অন্তিম ছবিখন চাই কান্দোনত ভাগি পৰিছে অনুৰাগী

Published: 

31 Oct 2025 | 11:50 AM

আজি মুক্তি পালে জুবিন গাৰ্গৰ বহু প্ৰত্যাক্ষিত ছবি 'ৰৈ ৰৈ বিনালে'। পুৱতি নিশাৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল। বহু দৰ্শকে আধাতে সামৰি ছবিগৃহৰ পৰা ওলাই আহিছে। কিয়নো প্ৰিয় শিল্পীজনক চাই থাকিব পৰা নাই।

1 / 6উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিগৃহত মুক্তি পালে ‘ৰৈ ৰৈ বিনালে’।  এইখন আছিল জুবিন গাৰ্গৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত 'ৰৈ ৰৈ বিনালে'। অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী।

উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিগৃহত মুক্তি পালে ‘ৰৈ ৰৈ বিনালে’। এইখন আছিল জুবিন গাৰ্গৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত 'ৰৈ ৰৈ বিনালে'। অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী।

2 / 6

বেলতলাৰ মেট্ৰিক্স চিনেমা হলত পুৱতি নিশা ৪.২৫ বজাৰ পৰা আৰম্ভ হয় প্ৰথম দৰ্শনী। ৰৈ ৰৈ বিনালে চাই আবেগিক হৈ উলাই আহিল দৰ্শক । লক্ষীমপুৰৰ নক্ষত্ৰ চিনেমা হলত পুৱা ৪ঃ৩৫ বজাতেই আৰম্ভ হয় দৰ্শনী। কেৱল নক্ষত্ৰ ছবিগৃহতে নহয়, ধেমাজিৰ ছবিগৃহ RR Cinemas ত পুৱা ৪:৪৫ বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছে। একেদৰে অসমৰ বহু ছবিগৃহত প্ৰথম দৰ্শনী পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে। মুঠতে পুৱতি নিশাৰ পৰাই হাউছফুল ৰাজ্যৰ প্ৰতিটো ছবিগৃহ।

3 / 6

শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ সকলোৱে আহিছে অন্তিমবাৰৰ বাবে জুবনিৰ অভিনয় ৰূপালী পৰ্দাত চাবলৈ। ছবিখন চাই বহু দৰ্শকে কান্দি কান্দি কৈছে যে তেওঁলোকে আজিও মানি ল'ব পৰা নাই, জুবিন গাৰ্গ যে আমাৰ মাজত নাই।

4 / 6

বহু দৰ্শকে আধাতে সামৰি ছবিগৃহৰ পৰা ওলাই আহিছে। কিয়নো প্ৰিয় কণ্ঠশিল্পীজনক চাব পৰা নাই। লখিমপুৰৰ ছবিগৃহৰ পৰা উচুপি-উচুপি আধাতেই ওলাই আহি এজন দৰ্শকে কলে, 'কি হেৰুৱাইছো আমি! মই আৰু চাব নোৱাৰিলো।'

5 / 6

ইফালে অসমৰ বিভিন্ন ছবিগৃহত 'ৰৈ ৰৈ বিনালে' চলি থকা মুহূৰ্তত অনুৰাগীৰ মুখত 'জয় জুবিন দা ধ্বনি শুনা গ'ল। বহু অনুৰাগীয়ে ক'লে, 'এতিয়াও বিশ্বাস কৰিব পৰা নাই দাদা যে, আমাৰ মাজত নাই। এই চিনেমাখনক জুবিন দাৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ চিনেমা বুলি ক'ব লাগিব।'

6 / 6

উল্লেখ্য যে,আজি দিঠক হ’ল প্রাণ শিল্পীগৰাকীৰ হেঁপাহৰ সপোনটো। এসপ্তাহলৈ ৰাজ্যৰ আটাইকেইটা ছবিগৃহতে প্ৰতিটো দৰ্শনীয়ে হাউচফুল। ছবিখনৰ অন্তিম দৰ্শনী নিশা ১১.৩০ বজাত অনুষ্ঠিত হ’ব। অসমীয়া ছবিকলৈ জুবিন গাৰ্গে দেখা সপোন যেন “ৰৈ ৰৈ বিনালে”ৰ জৰিয়তে পূৰ্ণ হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...