শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৰে বিশেষ ফেৰী, গুঞ্জৰিত সুধাকণ্ঠৰ কালজয়ী গীত | River Journey Planned to Mark Bhupen Hazarika’s Centenary Across the Brahmaputra Assam news - Assam Tv9

শদিয়াৰ পৰা ধুবুৰীলৈ লুইতৰ বুকুৰে বিশেষ ফেৰী, গুঞ্জৰিত সুধাকণ্ঠৰ কালজয়ী গীত

Updated On: 

16 Sep 2025 09:54 AM

ড০ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’ গীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ, বোৱাৰী,আৰু নাতিনীও এই অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যৰ কেইবাগৰাকীও কলা-কুশলীয়ো উপস্থিত থাকে এই অনুষ্ঠানত।

1 / 5অসমীয়া সমাজ-সংস্কৃতিৰ অন্যতম পুৰোধা ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে ৰাজ্যবাসীয়ে। ইতিমধ্যে অসম চৰকাৰৰ উদ্যোগত সুধাকণ্ঠৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে গ্ৰহণ কৰিছে বিস্তৃত কাৰ্যসূচী। সোমবাৰে পাণ্ডুতো আয়োজন কৰা হয় ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান।

অসমীয়া সমাজ-সংস্কৃতিৰ অন্যতম পুৰোধা ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে ৰাজ্যবাসীয়ে। ইতিমধ্যে অসম চৰকাৰৰ উদ্যোগত সুধাকণ্ঠৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে গ্ৰহণ কৰিছে বিস্তৃত কাৰ্যসূচী। সোমবাৰে পাণ্ডুতো আয়োজন কৰা হয় ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান।

2 / 5

পাণ্ডু পোৰ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সোমবাৰে সন্ধিয়া উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰতিকূল বতৰকো নেওচি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ইয়াৰ পিছতে সৰ্বানন্দ সোণোৱালে ১০০ গছী চাকি জলাই অনুষ্ঠানৰ আৰম্ভণি কৰে।

3 / 5

ড০ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে’ গীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ, বোৱাৰী,আৰু নাতিনীও এই অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যৰ কেইবাগৰাকীও কলা-কুশলীয়ো উপস্থিত থাকে এই অনুষ্ঠানত।

4 / 5

অনুষ্ঠানত উপস্থিত থকা কলা-কুশলীসকলক সম্বৰ্ধনা জনাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানৰ কাৰ্যসূচীত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে ৫৫ বছৰ ৰাজত্ব কৰা স্বত্ত্বেও অসমীয়া জাতিক সন্মান নিদিলে বুলি মন্তব্য কৰে।

5 / 5

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰণোত্তৰভাৱে হ'লেও সুধাকণ্ঠ ভূপেন হাজৰিকাক দেশৰ সৰ্ব্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা বুলি দোহাৰে সৰ্বানন্দ সোণোৱালে। ইফালে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰে এক বিশেষ ফেৰী যাত্ৰা চলিছে। এই যাত্ৰাৰ সময়ত এখন ফেৰীত উঠি ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিছে এটি দলে।

সূৰ্যৰ স্থান পৰিবৰ্তন! প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত...
বিশ্বকৰ্মা পূজাত দুৰ্লভ সংযোগ, এই ৰাশিয়ে পাব আৰ্থিক লাভ!
পুৱা দেৰিলৈকে শোৱে নেকি? হ’ব পাৰে এনে সমস্যা, সাৱধান নহ’লেই পৰিব বিপদত
দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...