উদুলি-মুদুলি নলবাৰী, ৰথত উঠি আহিছে ৰামায়ণৰ ‘ৰাম-সীতা’! | Raas Mahotsav 2024 ramayana ram sita arrives at nalbari Raas Mahotsav Assam news - Assam Tv9

উদুলি-মুদুলি নলবাৰী, ৰথত উঠি আহিছে ৰামায়ণৰ ‘ৰাম-সীতা’!

Updated On: 

15 Nov 2024 | 07:51 PM

আজিৰে পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ। ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৯১ সংখ্যক ৰাস মহোৎসৱ৷ নলবাৰীৰ ৰাসত অংশ ল'বলৈ উপস্থিত হৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতা।

1 / 5

আজিৰে পৰা আৰম্ভ হৈছে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ। ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৯১সংখ্যক ৰাস মহোৎসৱ৷

2 / 5

নলবাৰীত উপস্থিত হৈছে এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ‘ৰাম-সীতা’।ৰামৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়া উপস্থিত হৈছে নলবাৰীৰ ৰাস মহোৎসৱত।

3 / 5

নলবাৰীৰ ৰাসৰ উদ্বোধনী অনুষ্ঠান অংশ ল’ব অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই। ৰামায়ণৰ ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই।

4 / 5

নলবাৰী পৰিদৰ্শন বঙলাৰ পৰা হৰি মন্দিৰলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি নিয়া হৈছে দুয়োকে। লগত আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

5 / 5

এখন সুশোভিত পুষ্পসজ্জিত ঘোঁৰা গাড়ীত উঠি ৰাস মহোৎসৱলৈ আদৰি নিয়া হৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতাক । পথৰ দুয়োকাষে দেখা গৈছে অগণন লোকৰ ভিৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...