Raas Mahotsav 2024: ৰাস মহোৎসৱৰ উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য! জীৱন্ত ৰাসত ৰাধাৰ ৰূপত দীপলীনা, ৰিচা | Raas Mahotsav 2024 assamese singer actress deeplina deka Richa Bharadwaj as radha Assam news - Assam Tv9

Raas Mahotsav 2024: ৰাস মহোৎসৱৰ উপলক্ষে কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য! জীৱন্ত ৰাসত ৰাধাৰ ৰূপত দীপলীনা, ৰিচা

Updated On: 

20 Nov 2024 | 03:10 PM

ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ । ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন । জীৱন্ত ৰাস মহোৎসৱত ৰাধাৰ ভাৱত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী, কণ্ঠশিল্পীক।

1 / 5ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত।  ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন। দীপলীনা, ৰিচা

ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন। দীপলীনা, ৰিচা

2 / 5

বিশ্বনাথ চাৰিআলিৰ বৃহত্তৰ লেহুগাঁৱৰ জীৱন্ত ৰাস মহোৎসৱত ৰাধাৰ ভাৱত অভিনয় কৰিলে দীপলীনা ডেকাই। ৰাধাৰ চৰিত্ৰত ডেকাক দেখি অভিভুত হৈ পৰিল উপস্থিত ৰাইজ।

3 / 5

ইফালে বিশ্বনাথ চাৰিআলিৰ ৰে'লগেটৰ বিশ্বনাথ ৰাস মহোৎসৱত ৰাধাৰ ভাৱত জনপ্ৰিয় অভিনেত্ৰী, কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ। জীৱনত প্ৰথমবাৰৰ বাবে ৰাসত অংশগ্ৰহণ কৰি ৰাস সমিতিৰ পৰিয়ালক ধন্যবাদ জনালে ৰিচাই।

4 / 5

দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ ২৩ সংখ্যক লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন। আৰম্ভণিৰ নিশা ৰাসলীলাত ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে।

5 / 5

ইয়াৰ মাজতে বৰপথাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ দৈৱকীৰ ভাৱত অভিনয় দীপলীনা ডেকাৰ। দীপলীনাৰ অভিনয়ে মুগ্ধ কৰিলে উপস্থিত ৰাইজক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...