শক্তিপীঠ কামাখ্যাত বাবা কামেশ্বৰ আৰু দেৱী কামেশ্বৰীৰ পুহন বিয়া | Pohan marriage of Baba Kameswar and Goddess Kameshwari at Shaktipeeth Kamakhya Assam news - Assam Tv9
একাংশৰ মতে, পুহন বিয়া অৰ্থাৎ মা কামাখ্যা আৰু শিৱৰ বিবাহ বাৰ্ষিকী। দেশৰ মংগলৰ বাবে এই বিয়াৰ আৰম্ভ হৈছিল বুলি বিশ্বাস কৰা যায়। পুহন বিবাহ উপলক্ষে নীলাচলৰ বুকুত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে।
3 / 5
আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনৰ পৰা এই বিয়াৰ প্ৰমাণ পোৱা যায়। প্ৰতি বছৰৰ পুষ্যা নক্ষত্ৰৰ সংযোগত দ্বিতীয়া বা তৃতীয়াত পালন কৰা হয় এই উৎসৱ। ব্ৰহ্মপুত্ৰ নদীত স্নান কৰি সম্পূৰ্ণ বৈদিক পক্ৰিয়াৰে পালন কৰা হয়।
4 / 5
কামেশ্বৰ- কামেশ্বৰীৰ এই বিয়াক লৈ পাণ্ডা পুৰোহিতসকল ব্যস্ত হৈ পৰিছে। এই বিবাহ উপলক্ষে ৰীতি–নীতিৰে কামেশ্বৰ মন্দিৰৰ পৰা বৰযাত্ৰীসহ মূল মন্দিৰলৈ শ শ লোক আহে।