কুচ্ছত সেনাৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰঃ নিজ হাতে খুৱালে মিঠাই | PM Narendra Modi celebrates Diwali with jawans in Gujarat Kachchh praise soldiers Assam news - Assam Tv9

কুচ্ছত সেনাৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰঃ নিজ হাতে খুৱালে মিঠাই

Updated On: 

31 Oct 2024 16:22 PM

আজি পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰিছে সমগ্ৰ দেশে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কুচ্ছত দেশৰ নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে বি এছ এফৰ জোৱানসকলক নিজ হাতেৰে মিঠাই খুৱাই দেৱালীৰ শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ছাৰ ক্ৰিক এলেকাও পৰিদৰ্শন কৰে। এই সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বি এছ এফৰ জোৱানসকলক উচ্চ প্ৰশংসা কৰে।

1 / 5পোহৰৰ উৎসৱ দেৱালী উপলক্ষে আজি সমগ্ৰ দেশেই আনন্দ উল্লাসত আহ্লাদিত হৈছে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দেৱালী উপলক্ষে উপস্থিত থাকে গৃ্হ ৰাজ্য গুজৰাটৰ কুচ্ছত।

পোহৰৰ উৎসৱ দেৱালী উপলক্ষে আজি সমগ্ৰ দেশেই আনন্দ উল্লাসত আহ্লাদিত হৈছে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দেৱালী উপলক্ষে উপস্থিত থাকে গৃ্হ ৰাজ্য গুজৰাটৰ কুচ্ছত।

2 / 5

প্ৰধানমন্ত্ৰী মোদীয়ে কুচ্ছত বি এছ এফৰ জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰে। এই সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বি এছ এফৰ জোৱানসকলক নিজ হাতেৰে মিঠাই খুৱাই দেৱালীৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয়।

3 / 5

দেশৰ সীমান্তত সুৰক্ষিত কৰি ৰখাৰ বাবে বি এছ এফৰ জোৱানসকলক উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। জোৱানসকলৰ বাবে দেশ সুৰক্ষিত হৈ থকা বুলি দোহাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে জোৱানসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰে।

4 / 5

প্ৰধানমন্ত্ৰী মোদীয়ে যে এইবাৰেই প্ৰথমবাৰৰ বাবে দেশৰ নিৰাপত্তা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিছে, এনে নহয়। এইবাৰৰ সৈতে ধাৰাবাহিকভাৱে দেশৰ নিৰাপত্তাত নিয়োজিত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

5 / 5

বিগত বৰ্ষৰ দেৱালীত প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচল প্ৰদেশৰ লেপচাত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। আনহাতে ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্গিলত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। এই সময়ত তেওঁ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত শ্বহীদ হোৱা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনায়।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…