দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল | PM Narendra Modi arrived Assam for Two-Day Tour Packed with Major Projects and Events Assam news - Assam Tv9

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, মুকলি কৰিলে বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল

Updated On: 

20 Dec 2025 16:21 PM

কেইবাটাও উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ উদ্দেশ্যৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী। বৰঝাৰ বিমান বন্দৰত বিহু নাচ প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি। গামোচা পিন্ধাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

1 / 5দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ উদ্দেশ্যৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী। লগতে বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব।

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেইবাটাও উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ উদ্দেশ্যৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী। লগতে বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব।

2 / 5

বৰঝাৰ বিমান বন্দৰত বিহু নাচ প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি। গামোচা পিন্ধাই প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3 / 5

বিমান বন্দৰত উপস্থিত হৈ প্ৰথমে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰত্ন গোপীনাথ বৰদলৈ আছিল আধুনিক অসমৰ ভেটি গঢ়োঁতা৷ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত প্ৰতিষ্ঠা কৰা হৈছে ৮০ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি ।

4 / 5

তাৰ পিছতে বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো। টাৰ্মিনেলৰ বাহিৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ।

5 / 5

ইয়াৰ পিছত অসম বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দিশে ৰাওনা হ’ব। এই সময়ত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। বাজপেয়ী ভ্ৰমণত উপস্থিত হোৱাৰ পাছতে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মহানগৰীৰ খানাপাৰাৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশা কটাব প্ৰধানমন্ত্ৰীয়ে।

আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...